টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?

ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ’ অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ প্ৰথম পদক ৷ মেচখনত ভাৰতৰ হৈ চিমৰণপ্ৰীতে দুটা , ৰূপিন্দৰ পাল সিঙ , হৰমনপ্ৰীত সিঙ আৰু হাৰ্দিক সিঙে এটাকৈ গ’ল দিয়ে ৷

মেচত ভাৰতৰ আৰম্ভণি মুঠেই ভাল নাছিল ৷ প্ৰথম দুই মিনিটতে গ’ল খোৱাৰ পাছত অনুৰাগীসকল হতাশ হৈ পৰিছিল ৷ কিন্তু দ্বিতীয় কোৱাৰ্টাৰৰ পৰা খেলৰ গতি সলনি হ’বলৈ ধৰে ৷ প্ৰথমে ভাৰতে সমতা স্থাপন কৰে যদিও জাৰ্মানীয়ে উপৰ্যুপৰি দুটা গ’ল দি ব্যৱধান ৩-১ লৈ বৃদ্ধি কৰে ৷ ইয়াৰ পাছত তৃতীয় কোৱাৰ্টাৰত ভাৰতে কেবাটাও পেনাল্টীৰ সঠিক ব্যৱহাৰ কৰি ৫-৩ ৰ অগ্ৰগতি লাভ কৰে ৷

শেষত ৫-৪ ৰ ব্যৱধানত জাৰ্মানীৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰে ৷

indianhockeythecrosscurrenttokyoolympics
Comments (0)
Add Comment