বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী চিকিৎসালয়ত কেইবাজনো অসুস্থ লোক ভর্তি হোৱাৰ পিছতেই বিষাক্ত সুৰা সেৱনৰ কথা পোহৰলৈ আহে৷
অন্যহাতে বিষাক্ত সুৰা প্ৰচলনৰ অভিযোগেৰে গুজৰাট আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে৷ইতিমধ্যে ১৪ জন লোকক আটকো কৰিছে আৰক্ষীয়ে৷আনফালে গুজৰাটৰ ঘটনা সন্দর্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আনিছে আন এক অভিযোগ৷গুজৰাটৰ ভিন্ন প্ৰান্তত সুৰাৰ অবৈধ বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰিছে কেজৰিৱালে৷
বিষাক্ত সুৰাৰ কবলত গুজৰাট, এতিয়ালৈ মৃত্যু ৩০ জনৰ
