নতুন ৰূপত গৌৰৱ গগৈ !

লোকসভাৰ বিৰোধী দলপতিৰ আসনৰ দৌৰত আছে অসমৰ সাংসদ গৌৰৱ গগৈ ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , লোকসভাত কংগ্ৰেছৰ সংসদীয় দলৰ নেতাৰ আসনৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীক অপসাৰণ কৰাৰ সম্ভাৱণা প্ৰবল ৷ দলটোৰ কেবাগৰাকীও শীৰ্ষ নেতাৰ হেচাৰ পাছত হাইকামাণ্ডে এই সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে ৷  কিন্তু লোকসভাত কোন হ’ব কংগ্ৰেছৰ সংসদীয় দলৰ নেতা ?

চৰ্চাত আছে পাঁচগৰাকী নেতাৰ নাম ৷ তেওলোক হ’ল – শশী থাৰুৰ , মণীষ তিৱাৰী , গৌৰৱ গগৈ , ৰণভিত সিংহ বিট্টু আৰু উত্তম কুমাৰ ৰেড্ডী ৷  ইয়াৰ পূৰ্ৱে গৌৰৱ গগৈৰ লোকসভাত কংগ্ৰেছৰ উপ- দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে ৷ দলপতিৰ দৌৰত থকা আন নেতাসকলৰ ভিতৰত ৰণভিত লুধিয়ানাৰ সাংসদ ৷ উত্তম কুমাৰ নিৰ্বাচিত হৈ আহিছে তেলেংগানাৰ নালগোন্দা আসনৰ পৰা ৷ গান্ধী পৰিয়ালৰ ঘণিষ্ঠ হিচাপেই তেও পৰিচিত ৷ কিন্তু ৰাহুল গান্ধীৰ অধিক বিশ্বস্ত হ’ল গৌৰৱ গগৈ ৷

অহা ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশনতে নতুন ৰূপ দেখা যাব পাৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক ৷

gauravgogoiincthecrosscurrent
Comments (0)
Add Comment