ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন কৰিছে ৷ দেশখনৰ কোম্পেনী এন এছ ওয়ে বিভিন্ন দেশৰ চৰকাৰক এই ছফটৱেৰ বিক্ৰী কৰে ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ ওপৰত চকু ৰাখিবলৈ পেগাছাছ ছফটৱেৰ প্ৰস্তুত কৰা হৈছিল যদিও বিভিন্ন দেশৰ চৰকাৰে সাধাৰণ নাগৰিকৰ ফোনতো পেগাছাছ সংস্থাপন কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ ইজৰাইল চৰকাৰে মন্ত্ৰীগোট গঠন কৰি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে ৷ অবৈধ চোৰাংচোৱাগিৰি সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে ফ্ৰান্স চৰকাৰেও ৷ দেশখনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক বিবৃতিত কয় ,” যদি এই তথ্যসমূহ সত্য হয় , তেনেহ’লে ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ পেগাছাছৰ চিকাৰ হোৱা কেবাজনো ফৰাচী নাগৰিকে ইতিমধ্যে অভিযোগ দাখিল কৰিব বুলি ঘোষণা কৰিছে ৷ এই অভিযোগ লাভ কৰাৰ লগে লগে আইনী প্ৰক্ৰিয়াৰে তদন্ত আৰম্ভ হ’ব ৷ “ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণ , সংবাদ ৱেবচাইট ‘মেডিয়া পাৰ্ট ‘ৰ সম্পাদক এডৱি প্লেনেলৰ ফোন নম্বৰ পেগাছাছৰ সাম্ভাব্য টাৰ্গেটৰ তালিকাত প্ৰকাশ পাইছিল ৷ ইয়াৰ পাছতে দেশখনে বিষয়টোক গুৰুত্বসহকাৰে লৈ নিজাববীয়া তদন্ত আৰম্ভ কৰিছে ৷ ইজৰাইল আৰু ফ্ৰান্সৰ এনে পদক্ষেপৰ বিপৰীতে পেগাছাছ কাণ্ডক লৈ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ পেগাছাছ টাৰ্গেট লিষ্টক শাসকীয় বিজেপি দলে এক আন্ত:ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি অভিহিত কৰি বিষয়টোৰ পৰা গা এৰা দিব বিচাৰিছে ৷ ইয়াৰ মাজতে ছট্টিছগড় চৰকাৰে নিজাববীয়াকৈ বিষয়টোৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে ৷
উল্লেখ্য যে , পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷ শেহতীয়াকৈ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ ফোন নম্বৰ ৷