গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন

দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ  জামিন  আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷তাৰ পাছত তেওলোকৰ ওপৰত জাপি দিয়া হৈছিল ৰাষ্ট্ৰীয় সুৰক্ষা আইন অৰ্থাৎ এন এছ এ ৷ দীৰ্ঘদিনৰ কাৰাবাসৰ পাছত আজি উচ্চতম ন্যায়ালয়ে এৰিন্দ্ৰো লেইচোমবামৰ জামিন আবেদন  মঞ্জুৰ কৰে আৰু সন্ধিয়া ৫ বজাৰ ভিতৰত তেওক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ৷ ন্যায়াধীয় ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে তেওৰ জামিন মঞ্জুৰ কৰি কয় যে আবেদনকাৰীক আৰু অধিক দিন কাৰাগাৰত ৰখাটো তেওৰ জীয়াই থকাৰ আৰু স্বতন্ত্ৰতাৰ অধিকাৰৰ পৰিপন্থী হ’ব ৷ সেয়ে আদালতে তেওক জামিন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৷

কি হৈছিল এৰিন্দ্ৰোৰ লগত ?

ক’ৰোণাৰ দ্বিতীয় ঢৌৰ সময়ত মণিপুৰৰ বিজেপি সভাপতি অধ্যাপক ট্ৰিকেন্দ্ৰ সিঙে ক’ৰোণাৰ চিকিৎসাক লৈ মন্তব্য কৰিছিল যে গো –মুত্ৰ আৰু গোবৰেৰে কোভিডৰ চিকিৎসা সম্ভৱ ৷ কিন্তু এই মন্তব্য কৰাৰ পাছতে ট্ৰিকেন্দ্ৰ সিঙ নিজেই ক’ৰোণাত আক্ৰান্ত হয় আৰু যোৱা ১৩ মে’ত তেওৰ মৃত্যু হয় ৷ ইয়াৰ পাছতে এৰিন্দ্ৰো লেইচোমবামে ফেচবুকত লিখিছিল এইদৰে –গৰুৰ গোবৰ আৰু মুত্ৰ কোভিডৰ চিকিৎসা নহয় ৷ বিজ্ঞান আৰু সামান্য জ্ঞানেৰে ইয়াৰ চিকিৎসা হ’ব , অধ্যাপক মহোদয় ৷

এই ফেচবুক পোষ্টৰ পাছতে মণিপুৰৰ এজন বিজেপি নেতাই তেওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ ১৩ মে’ৰ দিনাই মণিপুৰ আৰক্ষীয়ে এৰিন্দ্ৰোক গ্ৰেপ্তাৰ কৰে ৷ ১৭ মে’ত পশ্চিম ইম্ফলৰ জিলা উপায়ুক্তই এৰিন্দ্ৰোৰ ওপৰত জাপি দিয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইন অৰ্থাৎ এন এছ এ ৷

পৰৱৰ্তী সময়ত এৰিন্দ্ৰোৰ দেউতাক ৰঘুমণি সিংহই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে যে তেওৰ পুত্ৰৰ ওপৰত আইনৰ অপপ্ৰয়োগ কৰা হৈছে ৷ এৰিন্দ্ৰোৰ ফেচবুক পোষ্টে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাটো দূৰৈৰ কথা , আইন ব্যৱস্থাকো প্ৰভাবিত নকৰে ৷ তেওৰ ওপৰত এইবাবেই এন এছ এ প্ৰয়োগ কৰা হৈছে , যাতে কোনোপধ্যে জামিন লাভ নকৰে ৷

ৰঘুমণি সিংহই জামিন আবেদনত এই কথাও উল্লেখ কৰে যে এৰিন্দ্ৰোৰ ওপৰত চলি থকা বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ যোৱা ৩০ এপ্ৰিলৰ এক  নিৰ্দশৰ পৰিপন্থী ৷ পূৰ্বৰ নিৰ্দেশত ন্যায়ালয়ে কৈছিল যে ছোচিয়েল মেডিয়াত দিয়া বক্ত্বব্যৰ বাবে কৰো ওপৰত ইমান কঠোৰ বিচাৰ চলোৱা নহ’ব যে তাৰ পৰা আন কাৰোবাৰ লাভ হ’ব ৷ৰঘুমণি সিংহৰ আন এটা বক্তব্য আছিল যে এৰিন্দ্ৰোই পোষ্ট কোভিডক লৈ  চলি থকা অপপ্ৰচাৰৰ বিৰুদ্ধে উক্ত পোষ্টটো ফেচবুকত দিছিল ৷ কিন্তু পশ্চিম ইম্ফলৰ উপায়ুক্তই তেওৰ ওপৰত আক্ৰোশমূলকভাৱে এন এছ এ জাপি দিছে ৷ গতিকে এই আমোলাজনৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘণৰ গোচৰ চলাব লাগে ৷

চৰকাৰে কি বিচাৰিছিল ?

আজি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত জামিন আবেদনৰ শুনানি আছিল ৷কেন্দ্ৰীয় চৰকাৰৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জামিনৰ বিৰোধিতা কৰি কৈছিল যে পৰৱৰ্তী ২০ জুলাই অৰ্থাৎ মঙলবাৰলৈ শুনানি স্থগিত ৰাখিব লাগে ৷ কিন্তু ন্যায়ালয়ে সেই আবেদন গ্ৰহণ নকৰি ক’লে যে এৰিন্দ্ৰোক আৰু অধিক সময়ৰ বাবে কাৰাগাৰত ৰখাটো হ’ব ব্যক্তি স্বাধীনতাৰ উলংঘণ ৷ সেইবাবেই তেওক মুক্তি দিয়া উচিত ৷

এৰিন্দ্ৰোৰ গ্ৰেপ্তাৰ আৰু তাৰ পাছত এন এছ এ জাপি দিয়া ঘটনাটো দেশত চলি থকা আইনৰ অপপ্ৰয়োগৰ অন্যতম উদাহৰণ বুলি অভিহিত কৰিছে কেবাগৰাকীও আগশাৰীৰ সমাজকৰ্মীয়ে ৷

 

 

 

Erendro Leichombamnsasupremecourtthecrosscurrent
Comments (0)
Add Comment