ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন আন একো হ’ব নোৱাৰে ৷ ডা: ৰণোজ পেগুয়ে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেওৰ কথা – বতৰা শুনি সকলো আশ্বস্ত হৈছিল ৷ অন্তত: অভিজ্ঞতাসম্পন্ন মন্ত্ৰী এজনে গুৰুত্বপূৰ্ণ বিভাগটোৰ দায়িত্ব লাভ কৰিছে বুলি ৷ কিন্তু দিন যোৱাৰ লগে লগে তেওৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য স্পষ্ট হৈ পৰিছে ৷ প্ৰথমতে কৈছিল – মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’বই বুলি ৷ সেইমতে শিক্ষাৰ্থীসকলক প্ৰস্তুতিও চলাবলৈও কোৱা হৈছিল ৷ কিন্তু শেষত পৰীক্ষা বাতিল হ’ল ৷ মূল্যায়ণৰ কথা যেতিয়া আহিল , তেতিয়া কোৱা হ’ল যে বিকল্প মূল্যায়ণৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বীট চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ’ব ৷ ছাত্ৰ – ছাত্ৰীসকলৰ মূৰত আকাশী- সৰগ ভাঙি পৰিল ৷ চৌদিশে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পাছত অৱশেষত তেনে হঠকাৰী সিদ্ধান্ত বাতিল কৰা হ’ল ৷ কিন্তু এইবাৰ আহিছে তাতোকৈও ডাঙৰ খবৰ ৷ ধনৰ বিনিময়ত ষ্টাৰ , ডিষ্টিংচন প্ৰদানৰ এক ভয়াৱহ খবৰে জোকাৰি গৈছে প্ৰতিগৰাকী পৰীক্ষাৰ্থী – অভিভাৱকৰ মন মগজু ৷ কালি “ধনৰ বিনিময়ত স্থান ” কেলেংকাৰিত জড়িত কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা , ছেবাৰ সমন্বয়ক ফুলপাহি নাথ , কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাস আৰু শিৱেশ্বৰ কলিতাক আৰক্ষীয়ে আটক কৰিছে ৷ এই বিষয়া – কৰ্মচাৰী কেইজনে স্থান প্ৰদানৰ নামত বহু অভিভাৱকৰ পৰা লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ জিলাখনৰ গৰৈমাৰীতো গ্ৰেপ্তাৰ হৈছে দুজন শিক্ষক ৷ এয়া এক সাধাৰণ কেলেংকাৰি বুলি ভাবি লোৱাটো ভুল হ’ব ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু এটা জাতিৰ পতনৰ এয়া নিৰ্লজ্জ প্ৰতিফলন ৷ এই ঘটনাই উদঙাই দিছে আমাৰ শিক্ষা বিভাগটোৰ অতি দুখলগা স্বৰূপটো ৷ কিমান স্খলনৰ পাছত এজন শিক্ষা বিষয়াই ধনৰ বিনিময়ত শিক্ষাৰ্থীৰ ভৱিষ্যতক  লৈ খেলা খেলিব পাৰে , সেয়া ভাবনাৰো অগোচৰ ৷ বিশেষকৈ এনে এটা সময়ত এই ঘটনা ঘটিছে , যি সময়ত প্ৰতিগৰাকী ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱক প্ৰচণ্ড মানসিক চাপত আছে ৷ ইয়াৰ সুযোগ লৈ লুভীয়া বিষয়াসকল নামি পৰিছে নম্বৰৰ বজাৰ বহুওৱাত ৷ এই স্খলন এদিনৰ নহয় ৷ অসমৰ সমগ্ৰ শিক্ষা বিভাগটোৱে এনে দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীৰে ভৰি আছে ৷ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা কাহিলীপাৰাৰ শিক্ষা সঞ্চালকালয়লৈ কিদৰে বিভাগৰ কাম কাজ চলে , সেয়া ভুক্তভোগীসকলে ভালদৰে জানে ৷ বিভাগটোত কেৱল এজন মাধৱ ডেকা , এগৰাকী ফুলপাহী নাথ নাই , শ শ মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে অসমৰ শিক্ষা বিভাগ ৷ যি কথা যোৱা সময়ছোৱাত মাত্ৰাধিক প্ৰচাৰৰ চমকেৰে ঢাকি ৰখা হৈছিল ৷বাহিৰত ৰঙচঙীয়া আঁৰ কাপোৰ থাকিলেও অসমৰ শিক্ষা বিভাগ ভিতৰি কিমান গেলি গৈছিল সেয়া কামৰূপ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰাই অনুমান কৰিব পাৰি ৷ অসমৰ দৰে আন বহু ৰাজ্যতে বিকল্প মূল্যায়নৰ দ্বাৰা মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে ৷ কিন্তু কৰো পৰা এনে বাতৰি অহা নাই যে নম্বৰৰ বিনিময়ত শিক্ষা বিষয়াই ধন দাবী কৰিছে ৷ অসম এইক্ষেত্ৰত একক আৰু অদ্বিতীয় ৷ এখন চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতীক শেহতীয়া শিক্ষা সম্পৰ্কীয় ঘটনাৱলী ৷ বহু অপ্ৰয়োজনীয় বিতৰ্কৰে এই ভয়াৱহ কৰ্মকাণ্ডক ঢাকি ৰাখিবলৈ চেষ্টা চলোৱা হ’ব ৷ কিন্তু দেৱালত লিখা থাকিব এটা জাতি কিদৰে তিলতিলকৈ নিশ্চিহ্ণ হৈ গ’ল , তাৰ প্ৰতিটো দিনৰ দিনলিপি ৷ লাখ লাখ শিক্ষাৰ্থীক লৈ চৰম পৰ্যায়ৰ হেতালি খেলা এই চৰকাৰ ক্ষমাৰ অযোগ্যৰূপে ইতিমধ্যে বিবেচিত হৈছে ৷ এটা প্ৰজন্মক মানসিকভাবে হত্যাৰ অভিযোগত অভিযুক্ত  হ’বলৈও বেছি দিন নাই ৷

cashformarkshslcresultranojpeguthecrosscurrent
Comments (0)
Add Comment