বাজপেয়ীৰ পৰা সৎ আৰু নিকা আদর্শ নিশিকিলে কিয় বিজেপিয়ে?

বহুতেই কয়,ভাজপেয়ী ভালেই৷কিন্তু দল ভাল নহয়৷সেই কথা সংসদৰ মজিয়াত এদিন নিজেই কৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷সেই কথাকেই সচা প্ৰমাণ কৰি আহিছে নেকি বিজেপিয়ে?গণতন্ত্ৰৰ এক অশুভ পৰম্পৰা,হর্ছ ট্ৰেডিং৷ৰাজ্যসভা নির্বাচনত এইবাৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে হর্ছ ট্ৰেডিংৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে৷ৰাজ্যসভা নির্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছী বিধায়কক মিত্ৰজোটৰ প্ৰার্থীক ভোট দিবলৈ আহ্বান জনোৱাৰ ওপৰিও মুখ্যমন্ত্ৰীয়ে ৰহাৰ কংগ্ৰেছী বিধায়কৰ ঘৰলৈও গৈছে৷কিন্তু ৰাজ্যসভাৰ এখন মাত্ৰ এখনৰ বাবে আজিৰ অসম বিজেপিয়ে এনে কার্যৰ আশ্ৰয় লোৱাৰ বিপৰীতে এটা মাত্ৰ ভোটৰ বাবে প্ৰধানমন্ত্ৰী পদৰ পৰাই পদত্যাগ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে৷মাত্ৰ ১৩ টা দিনৰ কার্যকালৰ পিছত পদত্যাগ কৰা অটল বিহাৰী বাজপেয়ীয়ে নিশ্চিতভাবে আশ্ৰয় লব পাৰিলেহেতেন হর্ছ ট্ৰেডিংৰ৷কিন্তু সেই অশুভ ৰাজনীতিৰ পৰা আতৰি আছিল বাজপেয়ী৷ সৱিশেষ চাওঁক পলিটিক্স অফ দ্য ডেত ৷

 

#atal_bihari_vajpayee#bjp_assam#himanta_biswa_sarmaBJPthecrosscurrent
Comments (0)
Add Comment