২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী আক্ৰান্ত ক’ভিডত, মৃত্যু ৫ জনৰ

বিগত ২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী নতুনকৈ আক্ৰান্ত হয় কোভিড-১৯ত। মৃত্যু হয় ৫ জন ৰোগী। মৃত্যু হোৱা ৰোগী কেইজন যোৰহাট, কামৰূপ(ম),মৰিগাঁও আৰু নলবাৰী জিলাৰ। সৰ্বাধিক কামৰূপ(ম)৯১২ জন, যোৰহাটত ২৫৭ জন, ডিব্ৰুগড়ত ১৮০ জন আৰু কাছাৰত ১৫৯ জন ৰোগী আক্ৰান্ত হয়।

দেওবাৰে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা আছিল ১২২৩ জন। বৰ্তমানৰলৈকে অসমত ৬,১৯,৯২৪ জন ৰোগী কোভিড-১৯ত আৰোগ্য হৈছে। লগতে অসমত বৰ্তমানৰলৈকে ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ মতে, ৩,৯৮,১২,৭১৩ টা ক’ভিড ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰে ২,২৮,৬৩,৪২১ টা  প্ৰথম পালি,  ১,৬৯,০৬,৮৮৪ টা  দ্বিতীয় পালি আৰু ৪২,৪০৮ টা বুষ্টাৰ ডজ প্ৰদান কৰা হৈছে। দেওবাৰৰ দিনটোত মুঠ ৩৭,১২২ জন লোকক টিকাকৰণ কৰা হল।

#covid_19#thecrosscurretassam
Comments (0)
Add Comment