EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

আদানিৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ অসমৰ যুদ্ধকালীন তৎপৰতা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শোকত ডুব গৈ আছে সমগ্ৰ ৰাজ্য ৷ তাৰ মাজতে ৰাজ্য চৰকাৰে গৌতম আদানি মালিকানাধীন আদানি পাৱাৰ লিমিটেডৰ পৰা অধিক দামত ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে আদানি দাখিল কৰা অধিক নিৰিখত মোহৰ লগাইছে ৰাজ্যৰ বিদ্যুৎ নিয়ামক আয়োগে ৷ আদানি পাৱাৰে পৰৱৰ্তী ২৫ বছৰলৈ অসমক যি দৰত বিদ্যুৎ বিক্ৰী কৰিবলৈ ওলাইছে , সেয়া দেশৰ আন ৰাজ্যসমূহতকৈ অধিক ৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, বিগত ২২ অক্টোবৰত ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ নিবিদা মুকলিৰ পৰা বিদ্যুৎ ক্ৰয়ত মোহৰ লগোৱালৈ এই সমগ্ৰ প্ৰক্ৰিয়া মাত্ৰ ১২ দিনত সম্পন্ন কৰা হৈছে ৷ যি সময়ত আদানি পাৱাৰে বিহাৰক প্ৰতি ইউনিটত ৬.০৭৫ টকা, মধ্যপ্ৰদেশক প্ৰতি ইউনিটত ৫.৮১-৫.৮৩ টকা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশক ৫.৩৯ টকা দৰত প্ৰতি ইউনিট বিদ্যুৎ বিক্ৰী কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়ত অসমক প্ৰতি ইউনিট বিদ্যুৎ ৬.৩০ টকা দৰত ক্ৰয় কৰিবলৈ সাজু হৈছে৷

৩২০০ মেগাৱাট বিদ্যুৎ কিনিবলৈ এ পি ডি চি এলে প্ৰকাশ কৰা নিবিদা

উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী( এ পি ডি চি এল) য়ে ৩২০০ মেগাৱাট কয়লাৰ পৰা উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে বিগত আগষ্ট মাহত নিবিদা আহ্বান কৰিছিল৷ নিবিদাত অংশগ্ৰহণৰ শেষ তাৰিখ আছিল ৩ অক্টোবৰ৷ নিবিদা মুকলি কৰা হয় ১০ অক্টোবৰত৷ য’ত আদানি পাৱাৰে নূন্যতম প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ বিক্ৰীৰ বাবে নিবিদা দাখিল কৰে৷ ইয়াৰ পাছত ১৫ অক্টোবৰত এ পি ডি চি এলে এই দৰত অনুমোদন দিবৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰে৷ ১৭ অক্টোবৰত আবেদনৰ শুনানি গ্ৰহণ কৰি বিদ্যুৎ নিয়ামক আয়োগে কয় যে আদানি পাৱাৰে অধিক দৰত বিদ্যুৎ যোগানৰ বাবে নিবিদা দাখিল কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত নিৰিখ হ্ৰাসৰ বাবে এ পি ডি চি এলক আদানি পাৱাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিয়ামক আয়োগে নিৰ্দেশ দিয়ে৷

আদানিৰ পৰা বিদ্যুৎ ক্ৰয়ৰ অনুমোদন বিচাৰি এ পি ডি চি এলে নিয়ামক আয়োগত দাখিল কৰা আবেদন

মন কৰিবলগীয়া কথাটো হ’ল ১৭ অক্টোবৰৰ শুনানিৰ দিনটোতেই আদানি পাৱাৰে এ পি ডি চি এলক জনাই দিয়ে যে তেওঁলোকে মধ্যপ্ৰদেশ আৰু বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ফিক্সড চাৰ্জ কমকৈ নিৰ্ধাৰণ কৰিছে৷ মধ্যপ্ৰদেশত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.২২-৪.৩০ টকা, বিহাৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৭ টকা নিৰ্ধাৰণ কৰিছে৷ তাৰ তুলনাত অসমৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৬ টকা নিৰ্ধাৰণ কৰা হৈছে৷ এ পি ডি চি এলে আদানি পাৱাৰৰ এই যুক্তিক সমৰ্থন জনাই আদানি পাৱাৰে নিবিদাত দাখিল কৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত অনুমোদন জনাবলৈ পুনৰবাৰ আবেদন কৰে৷ ২২ অক্টোবৰত এই আবেদনৰ চূড়ান্ত শুনানি গ্রহণ কৰি নিয়ামক আয়োগে এ পি ডি চি এলৰ আবেদন মঞ্জুৰ কৰে৷ ইয়াৰ লগে লগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয়ৰ প্ৰক্ৰিয়াত চূড়ান্ত মোহৰ লাগে৷

আদানিৰ পৰা বিদ্যুৎ কিনিবলৈ নিয়ামক আয়োগে দিয়া অনুমোদন

গুৰুত্বপূৰ্ণ কথাটো হ’ল, আদানি গ্ৰুপে নিৰিখ হ্ৰাস নকৰাৰ অজুহাত হিচাপে অসমৰ ফিক্সড চাৰ্জ বিহাৰৰ তুলনাত ১ পইচা কম বুলি উল্লেখ কৰিছিল৷ কিন্তু বিদ্যুৎ পৰিবহণ মাচুল বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ২৩ পইচা অধিক নিৰ্ধাৰণ কৰিছে৷ যাৰ বাবে বিহাৰত প্ৰতি ইউনিটৰ নিৰিখ ৬.০৭৫ টকা হোৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই নিৰিখ ৬.৩০ টকা হয়গৈ৷

বিহাৰত ৬২ হাজাৰ কোটিৰ কেলেংকাৰীৰ অভিযোগ, অসমত কিমান হ’ব ?

বিহাৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে মোদী চৰকাৰৰ প্ৰাক্তন শক্তিমন্ত্ৰী আৰ কে সিঙে আদানি পাৱাৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷ মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, বিহাৰ চৰকাৰে আদানি পাৱাৰৰ পৰা ৬.০৭৫ টকা দৰত বিদ্যুৎ ক্ৰয় কৰাৰ নামত ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিবলৈ গৈ আছে৷ এই কেলেংকাৰীত বিহাৰ চৰকাৰৰ মন্ত্ৰী আৰু বহু বিষয়া জড়িত হৈ আছে৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে বিহাৰ চৰকাৰ আৰু আদানি পাৱাৰৰ মাজত প্ৰতি ইউনিটত ৬.০৭৫ টকা দৰত ২৪০০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ এক চুক্তি স্বাক্ষৰ হৈছে৷ এই নিৰিখত বিহাৰ চৰকাৰে বছৰি অতিৰিক্ত ২৫০০ কোটি টকা আদানি পাৱাৰক দিব লাগিব৷ এইদৰে ২৫ বছৰত কমেও ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে মোদী চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰী আৰ কে সিঙে৷ তেওঁ এই বৃহৎ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি কয় যে তেওঁ নিজে হিচাপ কৰি ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ সম্ভেদ পাইছে৷ চি বি আয়ে অনুসন্ধান কৰি প্ৰকৃততে কিমান কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে, তাৰ হিচাপ উলিয়াওক আৰু কেলেংকাৰীত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰক ৷

বিহাৰ বিদ্যুৎ নিয়ামক আয়োগে দিয়া অনুমোদন

এতিয়া প্ৰশ্নটো হ’ল, বিহাৰে অসমতকৈ কম দৰত আদানি পাৱাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ লৈছে৷ প্ৰতি ইউনিটত ৬.০৭৫ টকা দৰত ২৪০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিলে ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হ’ব বুলি মোদী চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে৷ তেনেস্থলত অসমে প্ৰতি ইউনিটত ৬.৩০ টকা দৰত আদানি পাৱাৰৰ কৰা বিদ্যুৎ ক্ৰয় কৰিলে কিমান টকাৰ কেলেংকাৰী সংঘটিত হ’ব পাৰে? এয়া অসমৰ বাবেও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে৷

সকলো ৰাজ্যতকৈ অধিক দৰত অসমে কিনিব আদানিৰ বিদ্যুৎ

ভাৰত চৰকাৰ সংশোধিত শক্তি পলিচী- ২০২৫ৰ অধীনত অসমত ৩২০০ মেগাৱাট বিদ্যুৎ যোগানৰ বাবে এ পি ডি চি এলে নিবিদা আহ্বান কৰিছিল৷ ইয়াৰ পূৰ্বে বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশেও কয়লাচালিত তাপবিদ্যুৎ যোগানৰ বাবে নিবিদা আহ্বান কৰিছিল৷ উক্ত নিবিদাৰ জৰিয়তে বিদ্যুৎ যোগানৰ ঠিকা লাভ কৰা একমাত্ৰ প্ৰতিষ্ঠানটো আছিল আদানি পাৱাৰ৷ তাৰ পাছত অসমত একেই প্ৰক্ৰিয়াৰে নিবিদা আহ্বান কৰা হয়৷ উক্ত নিবিদাত অংশগ্ৰহণ কৰে ৫ টাকৈ প্ৰতিষ্ঠানে৷ এই প্ৰতিষ্ঠানসমূহ আছিল আদানি পাৱাৰ লিমিটেড, জে এছ ডব্লিউ এনাৰ্জী লিমিটেড, ললিতপুৰ পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড, এম বি পাৱাৰ আৰু টৰেণ্ট পাৱাৰ লিমিটেড৷ তাৰ ভিতৰত আদানি পাৱাৰে প্ৰতি ইউনিটত ৬.৩০ টকা দৰত অসমত কয়লাচালিত তাপবিদ্যুৎ যোগান ধৰাটো নিশ্চিত হৈ পৰিছে৷ কিন্তু সেই একেই আদানি পাৱাৰে মহাৰাষ্ট্ৰত প্ৰতি ইউনিটত ৫.৩৯ টকা, উত্তৰ প্ৰদেশত ৫.৩৮৩ টকা, মধ্যপ্ৰদেশত ৫.৮১-৫.৮৩ টকা আৰু বিহাৰত ৬.০৭৫ টকা দৰত কয়লাচালিত তাপবিদ্যুৎ যোগান ধৰিব৷

আদানি পাৱাৰে কোন ৰাজ্যত কিমান নিৰিখত যোগান ধৰিব কয়লাচালিত বিদ্যুৎ?

*এই বাতৰি সন্দৰ্ভত আমি আদানি পাৱাৰ আৰু এ পি ডি চি এলৰ পৰা বিদ্যুতৰ নিৰিখ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলো৷ আদানি পাৱাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া বাতৰি লিখা সময়লৈ লাভ কৰা নাই৷ এ পি ডি চি এলৰ পৰা তেওঁলোকৰ ভাষ্য ই মেইলযোগে প্ৰেৰণ কৰা বুলি জনাইছে যদিও আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আদানি পাৱাৰ আৰু এ পি ডি চি এলৰ ভাষ্য লাভ কৰাৰ লগে লগে আমি প্ৰকাশ কৰিম৷

Comments (0)
Add Comment