উপ – নিৰ্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী !

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত উপ – নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল -গোসাইগাঁও , তামুলপুৰ, মাজুলী আৰু মৰিয়ণি ৷ গোসাইগাও আৰু তামুলপুৰৰ বিধায়ক দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে স্থান পাইছে কেন্দ্ৰীয় কেবিনেটত ৷ মৰিয়ণিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে বিধায়ক পদ এৰি যোগদান কৰিছে বিজেপিত ৷ গতিকে আগন্তুক ছমাহৰ ভিতৰত আটাইকেইটা সমষ্টিত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া ৷ ইজনৰ পাছত সিজন কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপি দলত ৷ মাজুলীৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাজীৱ লোচন পেগুৰ পাছত  কংগ্ৰেছ এৰি বিজেপি যোগ দিছে দলটোৰ দুই জে্যষ্ঠ নেতা পংকজ বৰবৰা আৰু অনিল ৰাজাই ৷ নিৰ্বাচনত শোচনীয় পৰাজয় আৰু বহু নেতাৰ দলত্যাগৰ পাছতহে যেন সাৰ পাইছে কংগ্ৰেছ নেতৃত্বই ৷ সন্মুখত অস্তিত্বৰ সংকট দেখি এইবাৰ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই পোষকতা কৰিছে ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থীৰ ৷ ৰিপুন বৰাই কৈছে- আহিবলগীয়া উপ – নিৰ্বাচনত প্ৰতিটো সমষ্টিত বিৰোধীৰ উমৈহতীয়া এজন প্ৰাৰ্থী থকাতো তেও বিচাৰে ৷
এই সন্দর্ভত মত প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই ৷ নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ অন্যতম উদ্যোক্তা সংগঠনটোৱে এখন সংবাদমেলত মৰিয়ণিৰ উপ –নিৰ্বাচনৰ প্ৰসংগত কয় যে এই নিৰ্বাচনেই ৰাইজৰ দলৰ ভৱিষ্যত নিৰূপণ কৰিব ৷কিয়নো মৰিয়ণিৰ উপ – নিৰ্বাচন মুখামুখি ৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ৷
স্বাভাৱিকতে এইবাৰৰ উপ- নিৰ্বাচনক লৈ বিৰোধী দলসমূহে এতিয়াৰ পৰাই আৰম্ভ কৰিছে ৰাজনৈততিক কুচকাৱাজ ৷ সাধাৰণতে উপ –নিৰ্বাচনৰ ফলাফল শাসক দলৰ পক্ষতেই থাকে ৷ কিন্তু এইবাৰ যদি সঁচাকৈয়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে এজন উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ৰণকৌশল হাতত লয় , তেনেহ’লে আহিবলগীয়া উপ –নিৰ্বাচন অতি আকৰ্ষণীয় ৰণাংগনত পৰিণত হ’ব ৷ বিশেষকৈ মৰিয়ণি সমষ্টিত দৃষ্টি নিবদ্ধ হৈ থাকিব ৰাজ্যবাসীৰ ৷ কিয়নো মৰিয়ণি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৃহসমষ্টি হোৱাৰ লগতে এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হ’ব মুখ্যমন্ত্ৰীৰ অতি ঘণিষ্ঠ ৰূপজ্যোতি কুৰ্মী ৷ এইদৰে উপ – নিৰ্বাচনক লৈ এতিয়াৰ পৰাই সকলো ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে কাউন্ট – ডাউন৷

assambyeelectionthecrosscurrent
Comments (0)
Add Comment