বিজেপিৰ প্ৰতি ‘বেথা’ নেকি আপৰ ?
বিজেপি বিৰোধী কিন্তু শিবিৰলৈ নাযায় আপ
দলৰ জোঁট নহয়,দেশবাসীৰ ‘জোঁট’ বন্ধনতহে আগ্ৰহী কেজৰিৱাল
বিজেপি বিৰোধী শিবিৰলৈ যোৱাৰ কথা ভবা নাই আপে
দিল্লীত দলটোৰ প্ৰথমখন ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি দেওবাৰে এনেদৰে কয় আপৰ ৰাষ্ট্ৰীয় মূৰব্বী অৰবিন্দ কেজৰিৱালে৷
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগতে দলৰ কৌশল,শক্তি আদিৰ বিষয়বোৰ আলোচনা কৰিবলৈ এই কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰা হৈছে দিল্লীত
সভাত অংশ গ্ৰহণ কৰি কেজৰিৱালে আপৰ মেক ইণ্ডিয়া নং 1 শ্লোগানৰ জৰিয়তে দলৰ কৰ্মীক ১৩০ কোটি জনতাৰ লগত সংযোগ সাধন কৰিবলৈ আহ্বান জনায়৷
গুজৰাটত ক্ৰমশঃ আপৰ জনপ্ৰিয়তা বৃদ্ধিয়ে বিজেপিক শংকিত কৰা বুলি উল্লেখ কৰি কেজৰিৱালে কয় “ বিজেপিয়ে এতিয়া উপায়হীন হৈ আপৰ বিধায়কৰ ওপৰত ইটোৰ পিছত সিটো গোচৰ তৰি কাৰাগাৰত নিক্ষেপ কৰি আহিছে৷
ইতিমধ্যে বিজেপিৰ অপাৰেশ্যন ল’টাছ দিল্লী আৰু পঞ্জাৱত বেয়াকৈ মুখথেকেঁচা খালে৷”
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক ,সকলো ওলাই আহি একত্ৰিত হ’ব লাগে আৰু সমগ্ৰ বিশ্বক ভাৰতে যাতে নেতৃত্ব দিব পাৰে তেনেকুৱাকৈ ভাৰতক গঢ়ি তুলিব লাগে৷
বিজেপি বিৰোধী মিত্ৰ জোঁটৰ লগত আপ যাব নেকি বুলি প্ৰায়ে সোধা প্ৰশ্নৰ ভেদ ভাঙি তেওঁ কয়“ এতিয়াই বিজেপি বিৰোধী শিবিৰলৈ যোৱাৰ কথা ভৱা নাই আপে৷যিদিনাই ১৩০ কোটি ভাৰতীয়ৰ জোঁটবন্ধন হ’ব সেইদিনা আৰু আমাক ১নম্বৰ হোৱাত কোনেও বাধা দিব নোৱাৰিব৷”
আপ দলটো গঠনৰ দিনটোৰ
স্মৃতি সোঁৱৰি তেওঁ কয় “ আজিৰ পৰা ১০ বছৰ আগতে যেতিয়া দলটো গঠন কৰিছিলোঁ,আমি ভবাই নাছিলোঁ যে দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আমাৰ নিৰ্বাচিত প্ৰতিনিধিয়েই সম্পূৰ্ণ ভৰ্তি হৈ পৰিব৷”
অধিৱেশনত ‘ইনক্লাৱ জিন্দাবাদ’ আৰু ‘ভাৰত মাতা কী জয় ‘ শ্লোগান প্ৰতিধ্বনিত হয় প্ৰতিগৰাকী আপৰ সদস্যৰ মুখত৷
আপ দলৰ ৰাষ্ট্ৰীয়
অধিৱেশনত উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া,সাংসদ সঞ্জয় সিঙো উপস্থিত থাকে৷