উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ

ধ্বংসৰ নাম যেতিয়া উন্নয়ন হয়

দৃষ্টিৰূপা বৰদলৈ

• ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ
• আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা
• গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা
• ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন- সৌন্দৰ্যবৰ্ধনৰ নামত কটা গ’ল ৫৪ জোপা
• ৰূপনগৰত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ নামত কটা হ’ল ৩১ জোপা বৃক্ষ
• ফ্লাই অভাৰ নিৰ্মাণৰ বাবে পানীখাইটীত কটা হ’ল ৪০ জোপা গছ


ধ্বংসৰ নাম যেতিয়া উন্নয়ন হয়!

উন্নয়নৰ প্ৰহেলিকাত জাহ গৈছে গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য ৷ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত গুৱাহাটীত এফালৰ প্ৰকৃতি ধ্বংসত হাত উজান দিছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৷ পথৰ বিস্তাৰ , ফ্লাই অভাৰ নিৰ্মাণ আৰু গুৱাহাটীৰ সৌন্দৰ্যবৃদ্ধিৰ বাবেই ৮ হাজাৰ জোপা গছ কেৱল গুৱাহাটীত কাটি পেলোৱা হৈছে ৷ বন বিভাগৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি , ফ্লাই অভাৰ নিৰ্মানৰ নামত গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত বিগত ২৯ এপ্ৰিলত কাটি পেলোৱা হ’ল ১১ জোপা গছ ৷ একেটা পথত আন ৩০ জোপা গছ কটাৰো অনুমতি দিছে বন বিভাগে ৷ এই আটাইকেইজোপা গছেই ৮ ৰ পৰা ১০ বছৰ পুৰণি ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত আন্ত:গাঁথনি নিৰ্মাণৰ নামত এতিয়ালৈকে ৮ জোপা গছ কটা হৈছে আৰু আন ২৩ জোপা গছ কটাৰ অনুমতি লাভ কৰিছে ৷ একেদৰে ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ নামত আভ্যন্তৰীন জল পৰিবহন বিভাগে কাটিলে ২৯ জোপা গছ ৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ নামতো গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে ২৫ জোপা গছ কাটি পেলালে ৷ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় নিৰ্মানৰ নামত কাটি পেলোৱা হ’ল ৩১ জোপা গছ ৷ এই আটাইকেইজোপা গছেই আছিল ২০ বছৰৰো অধিক কাল পুৰণি ৷

নুনমাটিত তেল শোধানাগাৰৰ পাইপলাইন বহুওৱাৰ নামত পূৰ্বে ১০ জোপা গছ কটা হৈছিল ৷ তাৰ পাছত নাৰেংগীত সেনা চাউনী এলেকাত কটা হ’ল ১০ জোপা গছ ৷ একেটা অঞ্চলত আকৌ ১৮ জোপা গছ কটাৰ প্ৰস্তাৱ লোৱা হৈছে ৷ইপিনে , পানীখাইটী আঞ্চলত ফ্লাই অভাৰ নিৰ্মাণৰ বাবে অলপতে কটা হৈছে ৪০ জোপা গছ ৷

বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিগত কেইবাবছৰত আন্তঃগাঁথনি নিৰ্মাণৰ কামৰ নামত বিগত কেইটামান মাহৰ ভিতৰত ব্যক্তিগত ভূমিত থকা প্ৰায় ১১০০ জোপা গছ কাটি পেলোৱা হৈছে ৷ তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামতো কমেও ৭ হাজাৰ জোপা গছ কটাৰ তথ্য বন বিভাগে সদৰী কৰিছে ৷
এনেদৰেই উন্নয়ণৰ নামত কেইটামান মাহৰ ভিতৰত গুৱাহাটীত প্ৰায় ৮,১০০ জোপা গছ কাটি পেলোৱা হৈছে ৷ উন্নয়ণ আৰু সৌন্দৰ্যবৰ্ধনৰ নামত অবাধ প্ৰকৃতি ধ্বংসৰ পৰিণতি কি , সেয়া আজি মহানগৰবাসীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে ৷

গান্ধী জয়ন্তীৰ দিনা এক কোটি গছ পুলি ৰোপণৰ এক অভিলাসী প্ৰকল্পৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বাবে গছ পুলি ৰোপণ কৰাসকলক আৰ্থিক উদ্গণিও দিব অসম চৰকাৰে ৷ কিন্তু সেই একেখন চৰকাৰেই উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কেইটামান মাহৰ ভিতৰত হাজাৰ হাজাৰ গছ এফালৰ পৰা কাটি পেলোৱাটো চৰকাৰখনৰ দ্বিৰাচাৰিতা নহয়নে ?

assam govtdevelopmentenvironment assamguwahatihimanta biswa sarmathe crosscurrenttree cut down
Comments (0)
Add Comment