মাজত এতিয়া আৰু কোনো প্ৰতিবন্ধক নাই । এই ৰণত যিজনেই উজলিব,কাপ হব তেওঁলোকৰেই দলৰ । যদিহে ফ্ৰান্স জিকে, তেতিয়াহলে ব্ৰাজিলৰ পিছত তেওঁলোকেই হব প্ৰথম আৰু একমাত্ৰ দল, যি বিজয়ী হব উপৰ্যুপৰি দুখন বিশ্ব কাপত । ব্ৰাজিল জয়ী হৈছিল ১৯৫৮ আৰু ১৯৬২ চনত । দুয়োটাদলেই এই পৰ্যন্ত দুবাৰকৈ বিজয়ী হৈছে । ফ্ৰান্স ১৯৯৬ আৰু ২০১৮ চনত । আনহাতে ১৯৭৮ আৰু ১৯৮৬ চনত বিজয়ী হৈছে আৰ্জেন্টিনা । বিশ্ব কাপত তেওঁলোক পৰস্পৰৰ মুখামুখী হৈছে তিনিবাৰ আৰু তাৰ ভিতৰত দুবাৰ লেটিন আমেৰিকান দলটোৱে জয়ৰ হাঁহি মাৰিছে, ১৯৩০ আৰু ১৯৭৮ চনত । অন্যহাতে ফ্ৰান্সে একমাত্ৰ জয়টোত যোৱাবাৰ আৰ্জেন্টিনাক প্ৰি কোৱাৰ্টাৰতে বিমুখ কৰিছিল ৪-৩ গ’লত । যোৱাবাৰো আৰ্জেন্টিনা অন্যতম দাবীদাৰ আছিল আৰু সেই পৰাজয়ৰ পোতক তোলাৰো ভাল সুবিধা এটা পাইছে এইবাৰ । দেখা যায়, সামগ্ৰিক মুখামুখীতো আৰ্জেন্টিনাই আগবাঢ়ি আছে । এতিয়ালৈকে মুঠ ১২টাৰ ভিতৰত ছবাৰ জয়ী হৈছে দক্ষিণ আমেৰিকীয় দলটো । ৩ খনত তেওঁলোক পৰাজিত হোৱাৰ বিপৰীতে আন ৩ খন ড্ৰ হৈছে । চাৰি বছৰৰ আগেয়ে বিশ্ব কাপতেই তেওঁলোকৰ শেহতীয়াটো মুখামুখী হৈছিল । মেছি আৰু এমবাপেও আছিল তেতিয়া । আন খেলুৱৈৰ শক্তি-সামৰ্থক তুচ্ছ-জ্ঞান নকৰিও এটা কথা কব পাৰি যে দেওবাৰৰ ফাইনেলত এই দুজন খেলুৱৈৰ প্ৰদৰ্শনেই গুৰুত্বপূৰ্ণ বা নিৰ্ণায়ক হবগৈ পাৰে । গ্ৰিজমেন আৰু অলিভাৰ জিৰোদো আৰ্জেন্টাইন শিৱিৰৰবাবে অনবৰতে ভাবুকি হৈয়েই থাকিব । কিন্তু ফাইনেলত গোণা মহৰদৰে এমবাপেই হব ফৰাচী দলটোৰ প্ৰধান অস্ত্ৰ । এষাৰ কথা আছে । মহান খেলুৱৈসকলে ভৰিত বল নাথাকিলেও খেলে । মেছি-এমবাপে সেই জাতৰ খেলুৱৈ । তেওঁলোকৰ ভৰিত বল নাথাকিলেও প্ৰতিপক্ষই স্বস্তিত থকাৰ স্ৱাধীনতা নাপায় । তেনে বিলাসিতাৰ সৌভাগ্য নঘটে কোনো প্ৰতিপক্ষৰ । যুদ্ধৰ প্ৰেক্ষাপট তেতিয়াই সলনি হয় । তেওঁলোকৰ ভূমিকাও সলনি হয় । মনত পেলোৱা হওক, ফ্ৰান্স-আৰ্জেন্টিনাৰ আগৰ খেলৰ কথা । মেছি-এমবাপেৰ তুলনাহীন পাছ পাই সতীৰ্থই গ’ল দিছে বহুবাৰ । চলিত বিশ্ব কাপত তেওঁলোক দুয়োজনেই এই পৰ্যন্ত সতীৰ্থৰ তিনিটাকৈ গ’লত নিৰ্ণায়ক পাছ দিছে । দুয়োজনৰ মাজত আন এখন যুঁজো সমান্তৰালকৈ চলি আছে । গ’ল্ডেন বুটৰবাবে যুঁজ । এই পৰ্যন্ত উভয়েই ৫টাকৈ গ’ল দি আছে ।