একাংশৰ বাবে ক’ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক’ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত পয্যাপ্ত ভূমিকা ল’ব।গ’ল কথা গ’ল,ক’ৰোনা আক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হ’ল।কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্যৰ বিজেপিৰ বাবে এই ভেন্টিলেটৰ সমূহেই কাল হ’ল।ঘটনাটো কি?
গুজৰাটত তেতিয়া ক’ৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।আহমেদাবাদৰ পৰিস্থিতি তেতিয়া চিন্তনীয়।কিন্তু এদিনো আহমেদাবাদলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী বিজয় ৰূপানী।অৱশেষত ৪ এপ্ৰিলত বিজয় ৰূপানী ৰাওনা হ’ল আহমেদাবাদলৈ।ঢাকঢোল বজাই ২৩০ টা ভেন্টিলেটৰ উদ্বোধন কৰিলে আহমেদাবাদৰ চিভিল হস্পিতালত।উল্লেখনীয় যে,এই ভেন্টিলেটৰ সমূহৰ নিৰ্মাতা আছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত এজন ব্যক্তিৰ এটা সংস্থা।কেৱল চিভিল হস্পিতালতে নহয়,গুজৰাটৰ বহুকেইখন চিকিৎসালয়ত ভেন্টিলেটৰ যোগান ধৰিছিল এই সংস্থাটোৱে।কিন্তু ঘটনাটো ঘটিল তেতিয়া,যেতিয়া আহমেদাবাদ চিভিল হস্পিতাল কৰ্তৃপক্ষই পুনৰ ভেন্টিলেটৰ বিচাৰি আবেদন জনালে চৰকাৰক।প্ৰশ্ন উত্থাপন হ’ল,মুখ্যমন্ত্ৰীয়ে সৌ সিদিনা ২৩০ টা ভেন্টিলেটৰ উদ্বোধন কৰি যোৱাৰ পিছতো আকৌ নতুন ভেন্টিলেটৰ কিয় প্ৰয়োজন হ’ল চিকিৎসালয়খনত।চিকিৎসালয় কৰ্তৃপক্ষৰ উত্তৰ,সেই সমূহ প্ৰকৃততে ভেন্টিলেটৰ নাছিল।
উল্লেখনীয় যে