অৰূপ কলিতা
কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল ৯২ খন আসনত ৷ জয়ৰ মুখতো নেদেখিলেই , ৮৫ শতাংশ আসনত আমানতৰ ধন বাজেয়াপ্ত হ’ল ৷ পুডুচেৰীত কোনোমতে ২ খন আসন লাভ কৰিলে ৷ তামিলনাডুত ডিএমকেৰ নেগুৰত ধৰিহে ক্ষমতাৰ অংশীদাৰ হ’ল ৷ অৱশ্যে ইয়াৰ বাবে কংগ্ৰেছে অহমিকা এৰি ষ্টালিনৰ চৰ্ত মানি ল’বলগীয়া হ’ল ৷ ২৩৪ খন আসনৰ মাত্ৰ ২৫ খন আসনহে কংগ্ৰেছক এৰি দিলে ডিএমকেই ৷ য’ত দলটোৱে ১৮ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আটাইতকৈ দুৰ্ভাগ্যজনক ফলাফল আহিল কেৰালাৰ পৰা ৷ য’ত এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোট ক্ষমতালৈ অহাটো এক স্বাভাবিক পৰিঘটনা বুলি ভবা হৈছিল ৷ কিয়নো কেৰালাত বাম চৰকাৰৰ এটা কাৰ্যকালৰ পাছত কংগ্ৰেছ শাসনলৈ অহাটো বিগত ৪০ বছৰৰ পৰম্পৰা ৷ এইবাৰ তাৰ ব্যতিক্ৰম হ’ল ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে এক মসৃণ বিজয় সাব্যস্ত কৰিলে বাম শক্তিয়ে ৷ ১৪০ খন আসন থকা কেৰালাত কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিছিল ৯১ খন আসনত ৷ ভাল খবৰ আহিল মাত্ৰ ২১ খন আসনৰ পৰা ৷ কংগ্ৰেছৰ এই পৰাজয় দুৰ্ভাগ্যজনক আৰু লজ্জাজনক এইবাবেই যে দলটোৰ মূল মানুহ ৰাহুল গান্ধী বৰ্তমান কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ ৷ তেওৰ উপস্থিতিত ৰাজ্যখনত কংগ্ৰেছে ইতিহাসৰ অন্যতম নিকৃষ্ট প্ৰদৰ্শন কৰিছে ৷ এই শোচনীয় পৰিণতিৰ বাখ্যা কিদৰে কৰিব সৰ্বভাৰতীয় কংগ্ৰেছ নেতৃত্বই ৷ অসমৰ ব্যৰ্থতাৰ দায় নতুন আঞ্চলিক দল দুটালৈ ঠিকেই ঠেলিছে কিন্তু বিপৰ্যয় কেৱল অসমতে হোৱা নাই ৷ পশ্চিমবংগ , পুডুচেৰী , কেৰালা – সকলোতে কংগ্ৰেছ দুখলগাকৈ পৰাস্ত হৈছে ৷ ইয়াৰ দায় কোনে মূৰ পাতি ল’ব ? আনলৈ দোষ ঠেলিলেই ক্ৰমাগত বিপৰ্যয়ৰ অৱসান নঘটিব ৷ কাৰণ , কংগ্ৰেছ মূৰৰ পৰাই গেলিছে ৷ কংগ্ৰেছৰ সাৰ্বিক বিফলতা , ধাৰাবাহিক পতন আৰু কৰুণ নিৰ্বাচনী পৰিণতিৰ বাবে দায়ী কেৱল আৰু কেৱল দলটোৰ নেতৃত্ব বহনকাৰী পৰিয়াল আৰু তেওলোকৰ চাটুকাৰ বাহিনী ৷ এই সামান্য সঁচা কথাটো যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে মানি নল’ব , তেতিয়ালৈকে বিগত দিনত জনতাই কৰা বাৰাম্বাৰ প্ৰত্যাখ্যানৰ সঠিক পৰ্যালোচনাও সম্ভৱ নহ’ব ৷
যুদ্ধৰ প্ৰাকমূহুৰ্তত সকলো দলেই নিজৰ সেনাপতি নিৰ্বাচন কৰে , তেওৰ নেতৃত্বত যুদ্ধ জয়ৰ কৌশল আৰু পৰিকল্পনা প্ৰস্তুত কৰে ৷ কিন্তু ইতিহাসত কংগ্ৰেছেই বোধকৰো একমাত্ৰ দল যিয়ে নিৰ্বাচন সমাগত বাবেই দলৰ স্থায়ী সভাপতি নিৰ্বাচনৰ কামটো স্থগিত ৰাখিছে ৷ কোনো বিশাল লক্ষ্যপ্ৰাপ্তিৰ বাবে কংগ্ৰেছে এই কাম কৰা নাই ৷ কংগ্ৰেছ হাইকামাণ্ড নিশ্চিত আছিল যে পাঁচোখন ৰাজ্যতে তেওলোকৰ পৰাজয় অৱধাৰিত ৷ সেই আবশ্যম্ভাবী বিফলতাৰ দায়ৰ পৰা নিজক ৰক্ষা কৰিবৰ বাবেই শীৰ্ষ নেতৃত্বই পলায়নৰ সহজ পথ আগতীয়াকৈ ঠিক কৰি ল’লে ৷ বিজয়ৰ বাবে পূৰ্ণ শক্তিৰে যুদ্ধ নহয় ,পৰাজয়ৰ গ্লানিৰ পৰা আত্মৰক্ষা কৰাহে ৰাহুল গান্ধী আৰু তেওৰ স্তাৱক বাহিনীৰ মূল উদ্দেশ্য ৷ কংগ্ৰেছক গুৰিয়ালহীন নাৱৰ দৰে চলিবলৈ দি তেওলোকে ইয়াকে প্ৰতিপন্ন কৰিছে ৷ যেতিয়াই কগ্ৰেছৰ ভিতৰচ’ৰাত আমূল পৰিৱৰ্তনৰ পোষকতা কৰা হৈছে , তেতিয়াই দলৰ মূল কাণ্ডাৰী পৰিয়ালটো চৰম প্ৰতিশোধ পৰায়ন হৈ উঠিছে ৷ শেহতীয়াকৈ ২৩ গৰাকী জে্যষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ পত্ৰ লিখি দলৰ সীমাবদ্ধতা আৰু নেতৃত্বৰ সংস্কাৰৰ পোষকতা কৰিছিল ৷ লগে লগে তেওলোকক এঘৰীয়া কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হ’ল ৷ একেসময়তে কংগ্ৰেছ ৱৰ্কিঙ কমিটী নামৰ স্তাৱক বাহিনীটোৱে ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ প্ৰস্তাৱ ল’লে ৷ তেওক নতুন প্ৰজন্মৰ প্ৰেৰণাৰ প্ৰতীক হিচাপে অভিহিত কৰিলে ৷ উত্তৰাধিকাৰসূত্ৰে এটা পৰিয়ালৰ আধিপত্য বজাই ৰখা আৰু তেওলোকৰ নি:চৰ্ত উপাসনা কৰি যোৱা- এয়াই হৈছে কংগ্ৰেছ দল পৰিচালনাৰ মূল নীতি ৷ এনে এটা দলে নিজৰ পৰাজয়ৰ দোষ আনলৈ ঠেলি দিব বিচৰাতো পলায়নৰে অন্য এক পথ ৷
কংগ্ৰেছে এতিয়াও ভাবি আছে যে এদিন ভাৰতীয় ভোটাৰ বিজেপিৰ ওপৰত দুৰ্ঘোৰ অসন্তুষ্ট হ’ব ,তেতিয়াই তেওলোকে কংগ্ৰেছৰ হাতত শাসনভাৰ তুলি দিব ৷ এনে এক ভাবনাৰেই দেশৰ সবাতোকৈ পুৰণি দলটো এতিয়া অসীমৰ পথৰ যাত্ৰী ৷ বাস্তৱৰ লগত মোকাবিলা কৰিবলৈ , সময়সাপেক্ষ কৌশল গ্ৰহণ কৰিবলৈ তেওলোক অনিচ্ছুক ৷ সেইবাবেই উপৰ্যুপৰি বিপৰ্যয়ৰ পাছতো ৰাহুল গান্ধীক বাৰাম্বাৰ মূল নেতা হিচাপে প্ৰক্ষেপ কৰি আছে ৷ ৰাজ্যিক স্তৰতো চাটুকাৰৰ বাহিৰে আন যোগ্যজনৰ সন্মুখৰ শাৰীত বহিবলৈ আসন নাই ৷ একেৰাহে জনতাই প্ৰত্যাখ্যান কৰাৰ পাছতো যদি একেখিনি মানুহকে প্ৰক্ষেপ কৰি যোৱা হয় ,তেনেহ’লে তাক বিজেপিৰ বিকল্প হিচাপে নহয় , ভোটাৰ ৰাইজৰ প্ৰতি চৰম অপমান হিচাপেহে গণ্য কৰা হয় ৷ কংগ্ৰেছৰ উচ্ছিষ্টেই যাৰ জীৱিকাৰ একমাত্ৰ সম্বল তেওলোকেও এই সৰল সত্যক স্বীকাৰ কৰি লোৱা ভাল ৷ অন্যথা ঐতিহ্যশালী দলটোৰ বেলি মাৰ যাবলৈ বেছি পৰ নাই ৷
এই প্ৰসংগবোৰ যেতিয়াই আলোচিত হয় , তেতিয়াই কংগ্ৰেছে জোৰ জোৰকৈ নীতিৰ কথা আওৰাবলৈ লয় ৷ এশ বছৰ শাসনৰ পৰা বাহিৰত থাকিলেও , নীতিৰ প্ৰশ্নত আপোচ নহ’ব – তেনে এক ভাবমূৰ্তিক দাঙি ধৰিবলৈ চেষ্টা চলায় ৷ কিন্তু কংগ্ৰেছ মানেই নীতিহীনতা আৰু দ্বিৰাচাৰিতাৰ উৎকৃষ্ট উদাহৰণ , তাক বুজিবলৈ শেহতীয়া নিৰ্বাচনটোৱে যথেষ্ট আছিল ৷ পশ্চিমবংগত বিজেপিক মূল শত্ৰুৰূপে গণ্য কৰি বামপন্থীৰ লগত কংগ্ৰেছে মহাজোট কৰিছে অথচ কেৰালাত বাওশক্তিক ওফৰাবলৈ মুছলীম লীগেৰে একজোট হৈছে ৷ অসমত আঞ্চলিক দলক সামান্য ঠাই এৰি দিবলৈ অনিচ্ছুক অথচ তামিলনাডুত শাসনলৈ আহিবৰ বাবে ডিএমকেৰ নেগুৰত ধৰিবলৈ উত্ৰাবল ৷ কংগ্ৰেছৰ দৃষ্টিত মোদী-শ্বাহ সাম্প্ৰদায়িক অথচ আব্বাছ চিদ্দিকি- আজমল ধৰ্মনিৰপেক্ষতাৰ প্ৰতিভূ ৷ বিজেপিক মূল শত্ৰুৰূপে চিহ্ণিত কৰাৰ কথা কয় অথচ ঠাইবিশেষে বিৰোধী শক্তি সন্দৰ্ভত তেওলোকৰ দৃষ্টিভংগী বেলেগ বেলেগ ৷ দ্বিৰাচাৰিতাৰো এটা সীমা থাকে , কংগ্ৰেছে সেই সীমা মুকলিকৈ অতিক্ৰম কৰিছে ৷ ইমানৰ পাছতো যদি কোনোবাই কংগ্ৰেছকে একমাত্ৰ বিকল্প হিচাপে লৈছে , তেনেহ’লে সেয়া তেওলোকৰ চিন্তা আৰু সাহসৰ সীমাবদ্ধতা ৷
নীতিৰ প্ৰশ্নতেই নহয় , বিজেপিক পৰাভূত কৰিবলৈ বাস্তৱসন্মত ৰণকৌশল লোৱাটো কংগ্ৰেছ দুখলগাকৈ ব্যৰ্থ ৷ বৰ্তমানৰ লগত মুখামুখি হোৱাৰ সাহস কংগ্ৰেছ নেতৃত্বৰ নাই ৷ সেইবাবেই তেওলোকে পৰম ধৈৰ্যৰে এনে এটা দিনলৈ বাট চাইছে যে বিজেপিক ভোট দি দি জনতা এদিন ক্লান্ত হ’ব আৰু সেই হতাশাৰ ফচল কংগ্ৰেছে কাটিব ৷ তেতিয়ালৈকে ৰাহুল গান্ধীয়ে টুইটাৰকে আত্মৰক্ষাৰ ঢাল হিচাপে ব্যৱহাৰ কৰি যাব আৰু ৰাজ্যিক নেতাবোৰে আনলৈ ব্যৰ্থতাৰ দোষ ঠেলি নিজৰ গা বচাই যাব ৷ইয়াতকৈ ডাঙৰ বিভ্ৰম কি হ’ব পাৰে ! যুদ্ধৰ আগতে আত্মসমৰ্পন আৰু পৰাজয়ৰ পাছত অজুহাত বিচৰাটো কংগ্ৰেছৰ নতুন সংস্কৃতিত পৰিণত হৈছে ৷ যাৰ প্ৰতিফলন শেহতীয়া নিৰ্বাচনসমূহত অতি স্পষ্টকৈ ধৰা পৰিছে ৷ৰোগৰ চিকিৎসা দূৰৈৰ কথা , ৰোগ নিৰ্ণয় কৰিবলৈকো কংগ্ৰেছ এতিয়া সাজু নহয় ৷ দলত উত্তৰাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাহুল গান্ধী যিদৰে আকোৰগোজ , সেইদৰে আনুগত্যৰে নিজৰ চকী বচাই ৰাখিবলৈ তলতীয়া নেতাসকলে ভৃত্যৰ দৰে আচৰণ কৰি গৈছে ৷ এনে এক পৰিস্থিতিত যদি বিজেপি বা নৰেন্দ্ৰ মোদীক দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা হয় ,তেনেহ’লে কংগ্ৰেছ বা ৰাহুল গান্ধী হ’ব এই গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য ৷ বিৰোধী নেতা হিচাপেই নহয় , গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল এজন নাগৰিক হিচাপেও ৰাহুল গান্ধী নিজৰ দায়িত্ব পালনত ব্যৰ্থ ৷ যাৰ বাবে আহিবলগীয়া সময়তো তেওলোকৰ পৰাজয় অৱধাৰিত ৷ কংগ্ৰেছৰ পৰাজয়ৰ আন কোনো বাখ্যা থাকিব নোৱাৰে ৷ তেওলোকৰ সকলো যুক্তি পলায়নৰ একোটা অজুহাত মাত্ৰ ৷