এমবাপে নহয়, পাৰ্থক্যৰ ৰেখা আঁকিলে গ্ৰিজমেনে !

জিতেন গগৈ

ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপেক ইংলেণ্ডে কেনেকৈ প্ৰতিহত কৰিব, তাক লৈ বেছ আলোচনা হৈছিল । কিয়নো যোৱাবাৰৰ বিজয়ী দলটোৰ তেওঁ আছিল প্ৰধান অস্ত্ৰ । পাঁচটাকৈ গ’ল দি সেই তালিকাত তেৱেঁই শীৰ্ষত আছে । গতিকে স্বাভাৱিকতে তেওঁক লৈ আলোচনা হ’বই । কিন্তু ডিডিয়াৰ ডেচাম্পছৰ ভঁৰালত অস্ত্ৰৰ অভাৱ নাছিল । ইংলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখনলৈ তাকে তেল-টেঙা ঘঁহি উলিয়াই আনিলে । এণ্টইন গ্ৰিজমেন তেওঁৰ নাম । ৩১ বছৰীয়া এটেকিং মিড-ফিল্ডাৰগৰাকী অপৰিচিত মুঠেই নহয় । এটলেটিকো মাদ্ৰিদৰ হৈ ক্লাব খেলা গ্ৰিজমেনে ফৰাচী দলৰ জাৰ্চী পিন্ধিছে শতাধিকবাৰ । গ’লো দিছে ৪২ টাকৈ । ইংলেণ্ডৰ বিৰুদ্ধে খেলত পাঁচ ফুট ৯ ইঞ্চি উচ্চতাৰ খেলুৱৈগৰাকীয়েই দুৰন্ত আৰু অপ্ৰতিৰোধ্য হৈ উঠিল । দুয়োটা গ’লৰ ক্ষেত্ৰতে তেওঁৰ পাঢেই নিৰ্ণায়ক আছিল । ১৭ মিনিটত গ্ৰিজমেনৰ পাচ পাই চৌৱামিনিয়ে প্ৰথমটো আৰু ৭৮ মিনিটত তেওঁৰ দীঘলীয়া থ্ৰ’ত বক্সৰ ভিতৰত থকা অলিভাৰ জিৰোদে হেডিঙেৰে গ’ল দি ফ্ৰান্সৰ জয় নিশ্চিত কৰে । তাৰ আগেয়ে ৫৪ মিনিটত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পেনাল্টী কিকযোগে গ’ল দি ব্যৱধান ১-১ কৰিছিল । পৰাজয়ৰ বাবে তেওঁলোকে নিজকে দোষী কৰিবলৈ আৰু সমল পাব । শেষৰফালে স্বয়ং কেনেই পেনাল্টী-কিক মাৰে বাৰৰ ওপৰেৰে । আনহাতে ৰাছফৰ্ডৰ ফ্ৰীকিকৰো একেই দশা । বিশ্ব কাপৰ দৰে পৰ্যায়ত এনেদৰে সুবিধাৰ বৰষুণ নাহে । গতিকেই ইংলেণ্ড উভতি যাবলৈ বাধ্য ! ছেমিফাইনেলত ফ্ৰান্সে এতিয়া মৰক্কো আৰু আৰ্জেণ্টিনাই খেলিব ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ।

Comments (0)
Add Comment