ডিঙি কাটিব ৰাহুল গান্ধীয়ে !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে চকুৰ কূটা দাঁতৰ শাল RSS. কোনো কাৰণতে RSSক সহ্য নকৰে কংগ্ৰেছ নেতা গৰাকীয়ে।বিশ্বৰ কোনো শক্তিয়ে ৰাহুল গান্ধীক RSSৰ নতশিৰ কৰিব নোৱাৰে।RSSৰ কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে তেওঁ নিজৰ ডিঙি আগতে কাটি ল’ব।তেওঁৰ সমন্ধীয় ভাতৃ তথা বিজেপি নেতা বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কত চলি থকা গুণাগথা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মঙলবাৰে RSS সন্দৰ্ভত নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰে ৰাহুল গান্ধীয়ে ।ৰাহুল গান্ধীয়ে কয় “বৰুণে হয়তো আজিও RSSৰ আদৰ্শক বিশ্বাস কৰে।মই কিন্তু কোনো কাৰণতে এই কথা গ্ৰহণ কৰিব নোৱাৰোঁ।”

Comments (0)
Add Comment