কাশ্মীৰী পণ্ডিতৰ হত্যাকাৰী নিহত

কাশ্মীৰী পণ্ডিতৰ হত্যাৰ লগত জড়িত দুটা সন্ত্ৰাসবাদীক মঙলবাৰে নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷পুলৱামাৰ পদগমপৰা গাঁৱত আৰক্ষী-সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদী দুটা।জম্মু কাশ্মীৰ আৰক্ষীয়ে এক টুইটাৰ বাৰ্তাত জনাইছে ‘ ইতিমধ্যে আকিব মুস্তাক ভাট নামৰ সন্ত্ৰাসবাদীটো নিহত হৈছে।সন্ত্ৰাসবাদীটো হিজবুল মুজাহিদীন নামৰ সন্ত্ৰাসবাদী গোটৰ লগত জড়িত আছিল।কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাকাণ্ডৰ লগত এই সন্ত্ৰাসবাদীটো জড়িত।’মঙলবাৰে নিশাৰ ভাগৰ পৰাই পুলৱামাৰ অৱন্তীপাৰাত আৰক্ষী -নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছিল।এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে তাত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল।সেই খবৰৰ ভিত্তিতেই অঞ্চলটোত অভিযান চলোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

Comments (0)
Add Comment