অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত কিদৰে কাৰ্যকৰী কৰা হ’ব তাৰ সম্পূৰ্ণ ৰূপৰেখা থাকিব ৷ আজি জনতা ভবনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে কয় যে এই সমিতিখনে কেবাটাও সৰু সৰু গোটত বিভক্ত হৈ নতুন শিক্ষা নীতিৰ বিভিন্ন দিশসমূহ চালি জাৰি চাব আৰু ইয়াক অসমত সুষমভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব ৷ আজিৰ সংবাদমেলত মন্ত্ৰী ড : শৰ্মাই নতুন শিক্ষা নীতিক ঐতিহাসিক বুলি অভিহিত কৰি আদৰণি জনায় ৷উল্লেখ্য যে , যোৱা ২৯ জুলাইত কেন্দ্ৰীয় কেবিনেটে দেশৰ নতুন শিক্ষা নীতিত অনুমোদন জনাইছিল ৷

assam govermentindiathecrosscurrentneweducationpolicyslider
Comments (0)
Add Comment