সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

  • সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ

- Donation -

(‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ যৌথ অনুসন্ধান)

                         পত্নী ৰিণিকি, পুত্ৰ নন্দিলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী / নতুন দিল্লী, ৮ ডিচেম্বৰ , ২০২১ঃ

সমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰিত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা এটা ৰিয়েল ষ্টেট কোম্পানীয়ে কেনেদৰে অসমৰ চৰকাৰী আৰু চিলিং চৰকাৰী মাটি বে আইনীভাৱে ক্ৰয়-বিক্ৰয় কৰিছে , তাৰ চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ এক বিশেষ অনুসন্ধানত ৷ সংবাদ ৱেবচাইট দুটাৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুযায়ী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷ কেইবা কোটি টকা মূল্যৰ এই ভূমি ক্ৰয় কৰোঁতে সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি ৷ ৰাজহুৱা অনুষ্ঠান আৰু দৰিদ্ৰ –ভোগদখল কৰি থকা পৰিয়ালক আৱন্টণ দিয়া ভূমি কুক্ষিগত কৰা কোম্পানীটোত বৰ্তমান সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷ কেৱল সেয়াই নহয় , কেনেকৈ নন্দিল বিশ্ব শৰ্মাৰ ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ কলকাতাৰ ১৭ টাকৈ কোম্পানীয়ে আৰ বি এছ ৰিয়েল্টৰ্ছত বিনিয়োগ কৰা বৃহৎ পৰিমাণৰ ধনৰ গৰাকী হৈ পৰিল , তাৰো বহু গুৰুত্বপূৰ্ণ তথ্য এই অনুসন্ধানতে ফাদিল হৈছে ৷ আৰ বি এছ ৰিয়েল্টৰ্ছে সম্পৰ্কীয় সকলো আইন , নীতি নিয়ম ভৰিৰে মোহাৰি ক্ৰয় কৰা এই বৃহৎ পৰিমাণৰ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ নমলী জলাহ গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ নামত আৰু পলাশবাৰী ৰাজহ চক্ৰৰ বঙৰা গাঁৱত বিভিন্ন লোকৰ নামত আৱন্টণ দিয়া হৈছিল ৷ কামৰূপ জিলাৰ বঙৰা গাঁৱৰ এই ভূমিখিনি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা ৰিং এটাৰ দূৰত্বত অৱস্থিত ৷ আনহাতে উত্তৰ গুৱাহাটীৰ নমলী জলাহ গুৱাহাটীৰ পৰা পাঁচ মিনিটৰ দূৰত্বত অৱস্থিত ৷

                   ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা অন্যতম প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে জড়িত থকা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে দুটা পৰ্যায়ত ২০০৬-০৭ আৰু ২০০৯ চনত এই ২৯ বিঘা ৯ লেচা ভূমি অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি উলংঘা কৰি ক্ৰয় কৰিছিল ৷ সেই সময়ছোৱাত ড০ হিমন্ত বিশ্ব শৰ্মা নিজেও তৰুণ গগৈ চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী আছিল ৷   কিন্তু সেই সময়তে অসমৰ ‘ভূমি নীতি  , ১৯৮৯’ আৰু ‘চিলিং আইন , ১৯৫৬’ মুকলিকৈ উলংঘা কৰি চৰকাৰী মাটিৰ অনৈতিক ক্ৰয় – বিক্ৰয় চলিছিল ৷ ভূমি নীতি , ১৯৮৯’ অনুসৰি কোনো ৰাজহুৱা অনুষ্ঠানৰ নামত যদি চৰকাৰী ভূমি আৱন্টণ দিয়াৰ পাছত যদি ৩ বছৰৰ ভিতৰত যি উদ্দ্যেশ্যত ভূমি আৱন্টণ দিয়া হৈছিল, সেই কামত ভূমি ব্যৱহাৰ কৰা নহয়; তেনেহ’লে সেই ভূমি চৰকাৰে ওভতাই ল’ব লাগে ৷ চিলিং আইন আৱণ্ট নথি  অনুসৰি কোনো লোকক ভূমি আৱন্টণ দিয়াৰ পাছত ১০ বছৰলৈ সেই মাটি কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব ৷ অথচ এই সকলোবোৰ ভূমি নীতি , ভূমি আইন উলংঘা কৰি মুখ্যমন্ত্ৰীৰ পত্নী প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে জড়িত থকা কোম্পানী আৰ বি ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে  চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ক্ৰয় কৰিলে৷

                অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ ‘ধৰিত্ৰী’ পোৰ্টেলৰ পৰা ভূমি ক্ৰয়-বিক্ৰয়ৰ সকলো তথ্য সংগ্ৰহ কৰা হৈছে ৷ এই পোৰ্টেলৰ তথ্য  অনুসৰি , ২০০৯ চনত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বঙৰা গাঁৱত বিভিন্ন লোকৰ নামত আৱন্টণ দিয়া ১১ বিঘা ৩ কঠা ৪ লেচা মাটি ক্ৰয় কৰিছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে ৷ এই চিলিং চৰকাৰী মাটিখিনিৰ অধিকাংশই আৱন্টণ দিয়াৰ তিনি মাহৰ ভিতৰতে ক্ৰয়-বিক্ৰয় কৰা হৈছিল ৷ অথচ আৱন্টণৰ সময়ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে এই মাটি ১০ বছৰৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব ৷ ইফালে , উত্তৰ গুৱাহাটীৰ এটা ফিচাৰী আৰু এখন ৱেলফেয়াৰ এক্টিভিটিজ স্কুলৰ নামত আৱন্টিত মুঠ ১৭ বিঘা ২ কঠা ৫ লেচা ভূমিও আৱন্টণ দিয়াৰ এবছৰৰ ভিতৰত ক্ৰয় কৰিছিল আৰ বি ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে ৷

                  লক্ষ্যণীয়ভাৱে,  ২০০৯ চনৰ ৮ জুনত ৰিণিকি ভূঞা শৰ্মাই আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদ ত্যাগ কৰে যদিও  বৰ্তমান সময়ত এই কোম্পানীত ব্যক্তিগতভাৱে সৰ্বাধিক ব্যক্তিগত শ্বেয়াৰ আছে হিমন্ত বিশ্ব  শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷ ইফালে , কোম্পানীটোৰ প্ৰতিষ্ঠাকালৰ পৰা এতিয়ালৈকে থকা এগৰাকী সঞ্চালক হ’ল অসম প্ৰদেশ বিজেপিৰ কিষান মৰ্চাৰ উপ – সভাপতি ৰঞ্জিত ভট্টাচাৰ্য ৷ ৰিণিকি ভূঞা শৰ্মাৰ পদত্যাগৰ পাছত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্ত হৈছিল ব্যৱসায়ী অশোক কুমাৰ ধানুকা ৷ অনিয়মৰ মাজেৰে ভূমি ক্ৰয় -বিক্ৰয়ৰ আৰু ৰিণিকি ভূঞা শৰ্মাৰ পদত্যাগৰ পাছত পাছত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ নাম সলনি কৰা হয় বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডলৈ ৷ কিয় আৰু কেনেকৈ এই অনিয়ম গাপ দিব বিচৰা হৈছিল , সেই সকলোবোৰ তথ্য দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ওলাই পৰিছে ৷

চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ক’ত ক’ত ক্ৰয় কৰা হৈছিল ?

বে আইনীভাৱে ক্ৰয়  ৰাজহুৱা অনুষ্ঠানৰ ১৭ বিঘা কঠা লেচা ভূমি

rinikibhuyansarma

  • প্লট নম্বৰঃ 
  • পট্টা নংঃ ৯৬ , দাগ নং- ৪৬৫
  • মাটিৰ পৰিমাণঃ ৭ বিঘা ২ কঠা ৫ লেচা
  • স্থানঃ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁও
  • মাটিৰ শ্ৰেণীঃ খেৰাজ ম্যাদীৰ জলাতক শ্ৰেণী (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

 

সম চৰকাৰৰ ৰাজহ বিভাগৰ ২০০৬ চনৰ ২৪ এপ্ৰিলৰ  পত্ৰ নং আৰ এছ এছ ১০৬১ /২০০৫ /৩২ অনুসৰি আৰু কামৰূপ জিলাৰ ভূমি পট্টন শাখাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৬ চনৰ ১১  আগষ্টৰ  নিৰ্দেশ নং ‘কে.আৰ.এছ. ২২৭/০৫/৩৫’ আৰু চক্ৰ বিষয়াৰ ২০০৬ চনৰ ১৪ আগষ্টৰ  নিৰ্দেশ মৰ্মে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁৱৰ চৰকাৰী ৭ বিঘা ২ কঠা ৫ লেচা মাটি উদয়ন ফিচাৰী ডেভল’পমেন্ট ফাৰ্মৰ সভাপতি ৰমেন চন্দ্ৰ মহন্তৰ নামত পট্টাভুক্ত কৰা হয় ৷ ইয়াৰ বাবে ৰমেশ চন্দ্ৰ মহন্তই  ২০০৬ চনৰ ১০ আগষ্ট তাৰিখে ৮/০৫০৯১ নং চালানৰ জড়িয়তে ৭, ৮৭, ২১৭ টকাৰ প্ৰিমিয়াম আদায় দিছিল ৷ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত আৱন্টিত ভূমি  বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰে ৷ আৱন্টণৰ পত্ৰত এই কথা অতি স্পষ্ট ভাষাৰে উল্লেখ থাকে ৷ কিন্তু উদয়ন ফিচাৰী ডেভ’লপমেন্ট ফাৰ্মৰ নামত আৱন্টিত সমুদায় মাটি এবছৰ নহওঁতেই  ২০০৬ চনৰ ২৭ ডিচেম্বৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ  নামত নামভুক্ত কৰা হয় ৷ যিটো আছিল সম্পূৰ্ণ বে আইনী ৷

 

  • প্লট নম্বৰঃ 
  • পট্টা নংঃ ৯৭ , দাগ নং- ৪৬৬
  • মাটিৰ পৰিমাণঃ ১০ বিঘা
  • স্থানঃ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁও
  • মাটিৰ শ্ৰেণীঃ খেৰাজ ম্যাদীৰ জলাতক (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

                 কামৰূপ জিলাৰ ভূমি পট্টন শাখাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৬ চনৰ ৩০ আগষ্টৰ  নিৰ্দেশ নং ‘কে.আৰ.এছ ৬৮/০৩/২৯’ আৰু অসম চৰকাৰৰ ২০০৬ চনৰ ২৭ ছেপ্তেম্বৰৰ  চিঠি নং ‘আৰ.এছ.এছ ৩৪৯/০৫/২৯’ অনুসৰি শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁৱৰ ১০ বিঘা চৰকাৰী ভূমি ৱেলফেয়াৰ এক্টিভিটী স্কুলৰ নামত নামভুক্ত কৰা হ’ল ৷ ইয়াৰ বাবে ২০০৬ চনৰ ২৩ আগষ্ট তাৰিখে ৮/১১৭১৪ নং চালানযোগে ২৫ লাখ টকাৰ প্ৰিমিয়াম আদায় লোৱা হৈছিল ৷ উদয়ন ফিচাৰীৰ দৰে একেটা কথাই ৱেল ফেয়াৰ এক্টিভিটিজ স্কুলৰ ক্ষেত্ৰতো প্ৰযোজ্য ৷ ৰাজহুৱা অনুষ্ঠানৰ নামত আৱন্টিত মাটি বিক্ৰী বা হস্তান্তৰ কৰাটো আইন বিৰুদ্ধ কথা ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে এবছৰৰ ভিতৰতে ২০০৭ চনৰ ২০ জুলাইৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে  ৱেলফেয়াৰ এক্টিভিটিজ স্কুলৰ নামত আৱন্টিত সমুদায় ১০ বিঘা চৰকাৰী ভূমি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামভুক্ত কৰা হয় ৷ এইদৰে আৰ বি এছ ৰিয়েল্‌টৰ্ছ  প্ৰাইভেট লিমিটেডে ১৭ বিঘা ২ কঠা ৫ লেচা চৰকাৰী ভূমি অবৈধভাৱে ক্ৰয় কৰে৷

চিলিং চৰকাৰী ১১ বিঘা কঠা লেচা ভূমি  ক্ৰয় আৰ বি এছ ৰিয়েল্টৰ্ছৰ

riniki-bhuyan-scam

 

  • প্লট নম্বৰঃ 
  • পট্টা নংঃ ৩৬৭ , দাগ নং -১৫৪৯ , ১১৩৪ , ১৫৪২ , ১৫৪৪, ১৫৪৫,১৫৪৬
  • মাটিৰ পৰিমাণঃ ৭ বিঘা ১২ লেচা
  • স্থানঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণীঃ বাওতলি (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

 

কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৮ চনৰ ২৫ ছেপ্তেম্বৰৰ পত্ৰ নং ‘কে.আৰ.এল  ৬৬- ০৮ – ১৮’ আৰু চক্ৰ বিষয়াৰ ২০০৮ চনৰ ১৮  নৱেম্বৰৰ নিৰ্দেশ অনুযায়ী ছয়নী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ভূমিৰ নতুন দাগ ১৫৪২ ৰ ১ বিঘা ৪ কঠা ১০ লেচা , ১৫৪৯ দাগৰ ১ বিঘা ৩ লেচা , ১৫৪৪ দাগৰ ১ কঠা ১৬ লেচা , ১৫৪৫ দাগৰ ১কঠা ১৫ লেচা , ১৫৪৬ দাগৰ ২ বিঘা ৪ লেচা আৰু ১৩৪৩ দাগৰ ৪ কঠা ৭ লেচা মাটি লালমতী তালুকদাৰ ( স্বামী- স্বৰ্গীয় মাণিক তালুকদাৰ ) ৰ নামত নামভুক্ত কৰা হয় ৷  অৰ্থাৎ লালমতী তালুকদাৰৰ নামত মুঠ ৭ বিঘা ১২ লেচা চিলিং চৰকাৰী ভূমি আৱন্টন দি তেওঁৰ নামত নামভুক্ত কৰা হয়৷ আৱন্টণৰ নথিত  অতি স্পষ্ট ভাষাৰে উল্লেখ কৰা আছে যে এই ভূমি ১০ বছৰলৈ বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰিব ৷ কিন্তু অসম চৰকাৰৰ ‘ধৰিত্ৰী’ পোৰ্টেলৰ তথ্য অনুসৰি  লালমতী তালুকদাৰৰ নামত নামভুক্ত হোৱাৰ প্ৰায় ৩ মাহৰ পাছতে অধিকাংশ মাটি ক্ৰয় কৰি লয় মেচাৰ্ছ আৰ বি এছ ৰিয়েলটৰ্চৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যই ৷ তথ্য অনুসৰি  চক্ৰ বিষয়াৰ  ২০০৯ চনৰ ২৮ জানুৱাৰী তাৰিখৰ নিৰ্দেশ মৰ্মে ১৫৪২ দাগৰ ১ বিঘা ৪ কঠা ১০ লেচা , ১৫৪৪ দাগৰ ১ কঠা ১৬ লেচা , ১৫৪৫ দাগৰ ১ কঠা ১৫ লেচা , ১৫৪৬ দাগৰ ২  বিঘা ৪ লেচা  , ১১৩৪ দাগৰ ৪ কঠা ৭লেচা মাটি আৰ বি এছ  ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি কৰা হয় ৷ অৰ্থাৎ লালমতী তালুকদাৰৰ নামত নামজাৰি হোৱা ৭ বিঘা ১২ লেচা চিলিং চৰকাৰী ভূমিৰ ৫ বিঘা ২ কঠা ১২ লেচা ভূমিয়েই আৰ বি এছ ৰিয়েল্‌টৰ্ছ  প্ৰাইভেট লিমিটেডে আইনবিৰুদ্ধভাৱে ক্ৰয় কৰে ৷

 

  • প্লট নম্বৰ: ৪
  • পট্টা নং- ৩৭২ , দাগ নং- ১৫৪৭
  • মাটিৰ পৰিমাণ – ১৩ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী – আবদোঙ (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

 

              কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৮ চনৰ ২৫ ছেপ্তেম্বৰৰ পত্ৰ নং ‘কে.আৰ.এল. ৬৭/০৮/১০’ আৰু ২০০৮ চনৰ ১৮ নৱেম্বৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ছয়ানী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ১৩ লেচা ভূমি বসন্ত নাথ (পিতা – স্বৰ্গীয় সন্ধ্যা ) ৰ নামত ম্যাদী কৰা হয় ৷ ইয়াৰ বাবে বসন্ত নাথৰ পৰা ৩১৩ টকাৰ প্ৰিমিয়ামো আদায় লোৱা হয় ৷ তদুপৰি চিলিং চৰকাৰী ভূমিৰ  পুৰণি দাগ ১১৩৬ৰ ১৩ লেচা ভূমিৰ নতুন দাগ নম্বৰ ১৫৪৭  নিৰ্ধাৰণ কৰা হয় ৷ চৰকাৰী নথিত স্পষ্ট ভাষাৰে উল্লেখ থাকে যে এই ভূমি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব ৷ কিন্তু ভূমি আৱন্টণৰ তিনি মাহ নহওঁতেই বসন্ত নাথৰ পৰা এই ১৩ লেচা ভূমি মেচাৰ্চ আৰ বি এছ ৰিয়েল্টৰ্ছৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যই ক্ৰয় কৰে ৷ ২০০৯ চনৰ ২৮ জানুৱাৰীত দিয়া চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে  এই মাটি  মেচাৰ্চ আৰ বি এছ ৰিয়েল্টৰ্ছৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি কৰা হয় ৷

 

  • প্লট নম্বৰ: ৫
  • পট্টা নং-৩৬৮ , দাগ নং-১৫৪৩
  • মাটিৰ পৰিমাণ – ৩ বিঘা ২ কঠা ১২ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী – বাওতলি (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

             কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৮ চনৰ ২৫ ছেপ্তেম্বৰৰ পত্ৰ নং ‘কে.আৰ.এল ৪৯-০৮- ১২’ আৰু ২০০৮ চনৰ ১৮ নৱেম্বৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ছয়ানী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ভূমিৰ ৩ বিঘা ২ কঠা ১২ লেচা মাটি ৰাজুবালা তালুকদাৰ (স্বামী – প্ৰয়াত ভোগীৰথ তালুকদাৰ)ৰ নামত ম্যাদী কৰি নামভুক্ত কৰা হয় ৷ ইয়াৰ বাবে ৰাজুবালা তালুকদাৰে প্ৰিমিয়াম আদায় দিয়ে ১,১০০ টকা ৷  পূৰ্বৰ চিলিং চৰকাৰী ১১৩১ নং দাগৰ সলনি ৩৬৮ নং পট্টাৰ ১৫৪৩ দাগত এই মাটিখিনি অন্তৰ্ভুক্ত কৰা হয় ৷ চিলিং চৰকাৰী ভূমি ১০ বছৰলৈ বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰিব বুলি আৱন্টণ পত্ৰত উল্লেখ থাকে ৷ কিন্তু ২০০৯ চনৰ ২৪ জানুৱাৰীৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে  ৩৬৮ নং পট্টাৰ ১৫৪৩ দাগৰ ৩ বিঘা ২ কঠা ১২ লেচা মাটি  আৰ বিৰিয়েল্টৰ্ছ  প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি হয় ৷

 

  • প্লট নম্বৰ: ৬
  • পট্টা নং – ৩৭৮ , দাগ নং- ৭৮৩ , ৭৮৪ , ১১২৪ , ১১২৬
  • মাটিৰ পৰিমাণ -২ বিঘা ৮ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী – আলো , আল , বাওতলি (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

                কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৮ চনৰ ২৫ ছেপ্তেম্বৰৰ  পত্ৰ নং ‘কে.আৰ.এল ৬৪/০৮/০২’ আৰু চক্ৰ বিষয়াৰ ২০০৮ চনৰ ১৮ নৱেম্বৰৰ  নিৰ্দেশ মৰ্মে ছয়ানী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ৭৮৩নং দাগৰ ৩ কঠা ১৬ লেচা , ৭৮৪নং দাগৰ ২ কঠা ১৯ লেচা , ১১২৪ নং দাগৰ ২ কঠা ১ লেচা আৰু ১১২৬ নং দাগৰ ১ কঠা ১২ লেচা মাটি সত্য তালুকদাৰৰ নামত ম্যাদী  ৩৭৮ নং পট্টা কৰি নামজাৰি কৰা হয় ৷ এই মাটিও ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হয় ৷ কিন্তু পৰৱৰ্তী ২০০৯ চনৰ জানুৱাৰী মাহতে মেচাৰ্চ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যই ১১২৪ দাগৰ ২ কঠা ১ লেচা আৰু ১১২৬ দাগৰ ১ কঠা ১২ লেচা ভূমি ক্ৰয় কৰে ৷ ২০০৯ চনৰ ২৮ জানুৱাৰীত চক্ৰ বিষয়াই দিয়া নিৰ্দেশ মৰ্মে  ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি সম্পন্ন হয় ৷ এইদৰে সত্য তালুকদাৰৰ নামত আৱন্টিত মুঠ ২ বিঘা ৮ লেচা চিলিং চৰকাৰী ভূমিৰ ৩ কঠা ১৩ লেচা মাটি ৰঞ্জিত ভট্টাচাৰ্যই বে আইনীভাৱে ক্ৰয় কৰে ৷

 

  • প্লট নম্বৰ: ৭
  • পট্টা নং-৪০৩ , দাগ নং-১০৮৪ ,১১২৭
  • মাটিৰ পৰিমাণ – ১ বিঘা ৩ কঠা ১৫ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী- আবা , বাওতলি (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

                কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৯ চনৰ ১৯ মাৰ্চৰ পত্ৰ নং ‘কে.আৰ.এল ৯৬-০৮-১০’ আৰু চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ছয়ানী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ১০৮৪ দাগৰ ৪ কঠা ৭ লেচা আৰু ১১২৭ দাগৰ ৪ কঠা ৮ লেচা ভূমি ম্যাদী ৪০৩ নং পট্টা কৰি বিষয় নাথৰ নামত নামভুক্ত কৰা হয় ৷ ইয়াৰ বাবে বিষয় নাথে ৫৮৭ টকাৰ প্ৰিমিয়াম আদায় দিয়ে ৷ লগতে উল্লেখ থাকে যে এই ভূমি ১০ বছৰলৈ হস্তান্তৰ কৰিব নোৱাৰিব ৷ অসম চৰকাৰৰ ধৰিত্ৰী পোৰ্টেলৰ তথ্য অনুসৰি বিষয় নাথৰ নামত ভূমি আৱন্টণৰ কেইমাহমান পাছতে ৪০৩ নং পট্টাৰ ১১২৭ নং দাগৰ ৪ কঠা ৮ লেচা ভূমি আৰ বি ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যই ক্ৰয় কৰে ৷ চক্ৰ বিষয়াৰ ২০০৯ চনৰ ১০ ডিচেম্বৰৰ নিৰ্দেশ মৰ্মে এই ভূমিখিনিৰ নামজাৰি ৰঞ্জিত ভট্টাচাৰ্যৰ নামত সম্পন্ন হয় ৷

 

  • প্লট নম্বৰ: ৮
  • পট্টা নং-৪০৪ , দাগ নং- ১০০৫ ,৬৩৮ ,৬৪২ ,১৫৬৫,৯৮২
  • মাটিৰ পৰিমাণ – ২ বিঘা ১৪ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী –আল , আবা , আবাবান (কৃষিভূমি)
ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

                কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৯ চনৰ ১৯ মাৰ্চৰ  পত্ৰ নং ‘কে.আৰ.এল ৭১-০৮-১২’ আৰু চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ছয়ানী মৌজাৰ বঙৰা গাঁৱৰ চিলিং চৰকাৰী ৬৩৮ নং দাগৰ ১ কঠা ১ লেচা , ৬৪২ নং দাগৰ ১৭ লেচা , ৯৮২ নং দাগৰ ১৭ লেচা , ১০০৫নং দাগৰ ২ কঠা ৩ লেচা , ১৫৬৫ নং দাগৰ ২ কঠা ১৫ লেচা ভূমি ৪০৪ নং ম্যাদী পট্টা কৰি বেলিৰাম তালুকদাৰ (পিতা –স্বৰ্গীয় গোলাপ তালুকদাৰ )ৰ নামত নামভুক্ত  কৰা হয় ৷ বেলিৰাম তালুকদাৰে ৬৬৯ টকাৰ প্ৰিমিয়াম আদায় দিয়ে ৷ চৰকাৰী নথিত উল্লেখ থাকে যে এই ভূমি ১০ বছৰলৈ হস্তান্তৰ কৰিব নোৱাৰিব ৷ কিন্তু ইয়াৰ কেইমাহমানৰ পাছতে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যই ১৫৬৫ দাগৰ ২ কঠা ১৫ লেচা ভূমি ক্ৰয় কৰে ৷ ২০০৯ চনৰ ১০ ডিচেম্বৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে এই ভূমি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি কৰা হয় ৷

 

  • প্লট নম্বৰ: ৯
  • পট্টা নং- ৪০৫ , দাগ নং- ১১২৫
  • মাটিৰ পৰিমাণ- ১ কঠা ১১ লেচা
  • স্থান – কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ ছয়নী মৌজাৰ বঙৰা গাঁও
  • মাটিৰ শ্ৰেণী- বাওতলি (কৃষিভূমি)
       ডকুমেণ্টৰ বাবে ইয়াত ক্লিক কৰক

                  কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ ২০০৯ চনৰ ৩ নৱেম্বৰৰ   পত্ৰ নং ‘কে.আৰ.এল ৭৭/০৯/১১’ আৰু চক্ৰ বিষয়াৰ নিৰ্দেশ অনুসৰি ছয়ানী মৌজাৰ বঙাৰা গাৱৰ চিলিং চৰকাৰী ১১২৫ নং দাগৰ ১ কঠা ১১ লেচা ভূমি নবীন নাথৰ নামত ৪০৫ নং ম্যাদী পট্টা কৰি নামজাৰি কৰা হয় ৷ নবীন নাথে প্ৰিমিয়াম আদায় দিয়ে ৩১৩ টকা ৷ এই ভূমি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হয় ৷ কিন্তু এমাহৰ পাছতে ২০০৯ চনৰ ১৪ ডিচেম্বৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে  এই ১ কঠা ১১ লেচা ভূমি ক্ৰয় কৰা সূত্ৰে  আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ হৈ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি কৰা হয় ৷

              আৰ বি এছ ৰিয়েল্‌টৰ্ছ  প্ৰাইভেট লিমিটেডে এইদৰে চিলিং আইন আইন উলংঘা কৰি ১১ বিঘা ৩ কঠা ৪ লেচা চিলিং চৰকাৰী মাটি ক্ৰয় কৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰে’ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সংশ্লিষ্ট লাটৰ মণ্ডলৰ পৰা জানিব পৰা মতে আটাইকেইটা চিলিং চৰকাৰী প্লট এটাৰ লগত আনটো সংলগ্ন হৈ আছে ৷ লাট মণ্ডলগৰাকীয়ে জনোৱা মতে এই মাটি বঙৰাস্থিত আই.আই.আই.টি. , গুৱাহাটীৰ সন্মুখৰ আৰু অসম চৰকাৰৰ এমট্ৰনে স্থাপন কৰা ‘টেক চিটী জ’ন ’ৰ ঠিক কাষতে আছে ৷ স্থানীয় ৰাইজৰ মতে এই মাটিৰ মূল্য কেইবা কোটি টকা হ’ব ৷ ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰে’ এই মাটি পৰিদৰ্শন কৰোঁতে তাত দুটা বৃহৎ অট্টালিকাৰ নিৰ্মাণ চলি থকা দেখিবলৈ পায় ৷ কিন্তু এই বিষয়ত ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ সম্পূৰ্ণ নিশ্চিত নহয় ৷

riniki-bhuyan-sarma-scam

ভূমি আৱন্ট জড়িত  হিমন্ত বিশ্ব  শৰ্মা ?

ইদৰেই কামৰূপ জিলাৰ পলাশবাৰী আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত ৰাজহুৱা অনুষ্ঠান আৰু বিভিন্ন ব্যক্তিৰ নামত আৱন্টিত মুঠ ২৯ বিঘা ৯ লেচা চৰকাৰী ভূমি বে আইনীভাৱে ক্ৰয় কৰে মেচাৰ্চ আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডে ৷ লক্ষ্যণীয় কথাটো হ’ল, কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁৱত  উদয়ন ফিচাৰী ডেভল’পমেন্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্তিভিটিজ স্কুলৰ নামত ১৭ বিঘা ২ কঠা ৫ লেচা  চৰকাৰী ভূমি আৱন্টণৰ প্ৰক্ৰিয়াটোৰ  লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জড়িত থাকিব লাগে ৷ কাৰণ এই ভূমিখিনি জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ৷ চৰকাৰী ভূমি আৱন্টণৰ বাবে প্ৰতিটো মহকুমাতে থাকে ছাব্ ডিভিজনেল লেণ্ড এড্ভাইজৰী কমিটী ৷ স্থানীয় বিধায়ক এই কমিটীৰ পদেন সদস্য ৷ কমিটীখনৰ অনুমোদনৰ পাছতহে কোনো ব্যক্তি বা প্ৰতিষ্ঠানক ভূমি আৱন্টণ দিয়া হয় ৷ সেই সময়ত ড০ শৰ্মা আছিল জালুকবাৰীৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৷ গতিকে তেওঁ এই প্ৰক্ৰিয়াৰ লগত জড়িত থাকিব লাগে৷

 

উপায়ুক্ত কাৰ্যালয়ৰ পৰা উধাও ভূমি আৱন্টবিক্ৰীৰ সকলো নথি

দ্য ক্ৰছকাৰেণ্টে আৰ.টি.আই আবেদনৰ জৰিয়তে উদয়ন ফিচাৰী ডেভ’ল’পমেন্ট ফাৰ্ম , ৱেলফেয়াৰ এক্টিভিটিজ স্কুল আৰু পলাশবাৰীৰ ৭ গৰাকী ব্যক্তিৰ নামত চিলিং চৰকাৰী ভূমি আৱন্টণ প্ৰক্ৰিয়া,ক্ৰয় – বিক্ৰয়ৰ  সবিশেষ তথ্য বিচাৰিছিলো ৷ ১০ ছেপ্তেম্বৰত প্ৰেৰণ কৰা আৰ.টি.আই আবেদনৰ উত্তৰ আহে ১৯ অক্টোবৰত ৷ কিন্তু কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জনোৱা হ’ল যে আমি বিচৰা  তথ্য এতিয়া তেওঁলোকৰ কাৰ্যালয়ত উপলব্ধ নহয় ৷ এইটো এটা গভীৰ ৰহস্যৰ বিষয় ৷

 

চক্ৰ বিষয়াৰ কাৰ্যালয়ত চৰম অনীতিৰ মাজেৰে ভূমি ক্ৰয় কৰা এই আৰ বি ৰিয়েল্টৰ্ছৰ আঁৰত আচলতে কোন, কেনেদৰে জড়িত হৈ  আছে তাক লৈ আৰম্ভ হ’ল আমাৰ পৰৱৰ্তী অনুসন্ধান ৷

 

আৰ বি এছ ৰিয়েল্টৰ্ছৰ আঁৰত আছে ৰিণিকি ভূঞা শৰ্মা

rbs
মিনিষ্ট্ৰী অৱ্ কৰ্পোৰেটৰ তথ্য অনুসৰি আৰ.বি.এছৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰিণিকি ভূঞা শৰ্মা

চিলিং চৰকাৰী মাটি আৰু ৰাজহুৱা অনুষ্ঠানৰ নামত আৱন্টিত ভূমি বে আইনীভাৱে ক্ৰয় কৰা আৰ বি এছ ৰিয়েল্টৰ্ছৰ প্ৰকৃত পৰিচয় পাবৰ বাবে আমি মিনিষ্ট্ৰী অৱ কৰ্পোৰে্ট এফেয়াৰ্ছৰ পৰা সংগ্ৰহ কৰিলো কোম্পানীটোৰ গঠন , বিনিয়োগ আৰু লেন দেনৰ সমস্ত নথি পত্ৰ ৷ এই নথিসমূহ পৰীক্ষা কৰোঁতেই ওলাই পৰিল যে বে আইনীভাৱে  ভূমি ক্ৰয় কৰা কোম্পানীটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৷ কিন্তু কেনেকৈ ?

 

                     মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ নথি অনুসৰি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড গঠন হৈছিল ২০০৬ চনৰ ২৩ জুনত ৷ সম্ভৱতঃ ‘আৰ বি এছ’য়ে ৰিণিকি ভূঞা শৰ্মাৰ নাম আৰু উপাধিৰ প্ৰথম তিনিটা  বৰ্ণক প্ৰতিনিধিত্ব কৰে ৷ কোম্পানীটোৰ কৰ্পোৰেট আইডেণ্টিফিকেশ্যন নম্বৰ (চি.আই.এন.) হ’ল –‘U70101AS2006PTC008189’ ৷ প্ৰতিষ্ঠাকালত এই কোম্পানীৰ সঞ্চালক আছিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু ঢলপুৰ কচুৱাৰ ৰঞ্জিত ভট্টাচাৰ্য ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি পৰিচিত ৰঞ্জিত ভট্টাচাৰ্য আজিৰ তাৰিখত ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উপ- সভাপতি ৷ ৰিণিকি ভূঞা শৰ্মাৰ ডিৰেক্টৰ আইডেন্টিফিকেশ্যন নাম্বাৰ (ডি.আই.এন.) হ’ল ‘00390707’ আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ ডিৰেক্টৰ আইডেন্টিফিকেশ্যন নাম্বাৰ(ডি.আই.এন.) হ’ল ‘003889287’ ৷ উল্লেখযোগ্য যে একোগৰাকী ব্যক্তি বেলেগ বেলেগ কোম্পানীৰ সঞ্চালক হ’লেও তেওৰ ডি.আই.এন. নম্বৰ একেটাই থাকে ৷ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদত থকা ৰিণিকি ভূঞা শৰ্মাৰ ডিৰেক্টৰ আইডেন্টিফিকেশ্যন নাম্বাৰ(ডি.আই.এন) হ’ল  ‘00390707’ ৷

 

কলকাতাৰ কোন ১৭ টা কোম্পানীয়ে বিনিয়োগ কৰিছিল  আৰ বি এছ ৰিয়েল্টৰ্ছত ?

                আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ শ্বেয়াৰ ক্ৰয় কৰে কলকাতাৰ ১৭ টাকৈ  কোম্পানীয়ে ৷ ২০০৬ চনত ৰিণিকি ভূঞা শৰ্মাৰ ১ টকীয়া ৫০ হাজাৰটা , ৰঞ্জিত ভট্টাচাৰ্যৰ ১ টকীয়া ৫০ হাজাৰটা   শ্বেয়াৰেৰে প্ৰতিষ্ঠা হোৱা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ২০০৭ চনত দিংগো কমোডিল প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১১ হাজাৰটা , এলিগেন্স ট্ৰেড এণ্ড হোল্ডিংছ্ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১২ হাজাৰটা , অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১২ হাজাৰটা , ইকোলেক বিনিময় প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৭ হাজাৰটা , প্ৰখৰ ব্যাপাৰ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা , মায়ংক টাই আপ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা শ্বেয়াৰ ক্ৰয় কৰি বিশাল পৰিমাণৰ ধন বিনিয়োগ কৰে ৷  একেদৰে  ২০০৮ চনত  হৰলালকা কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা , য়ুলান মাৰ্কেটিঙ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা , শুভৰেখা ব্যাপাৰ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা , চট্টিছগড় বিড়ি পাট্টা প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ২ হাজাৰটা শ্বেয়াৰ ক্ৰয় কৰি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত বিনিয়োগ কৰে  ৷ পুনৰ ২০০৯ চনত আছি ফাইনেন্স এণ্ড মেনেজমেন্ট কনছালটেন্সী প্ৰাইভেট লিমিটেডে ১০০  টকীয়া  ৮ হাজাৰ ৫০০ টা , চট্টিছগড় বিড়ি পাট্টা প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১৪ হাজাৰটা , ইকোলেক বিনিময় প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১০ হাজাৰটা , এলিগেন্স ট্ৰেড এণ্ড হোল্ডিংছ প্ৰাইভেট লিমিটেডে  ১০০ টকীয়া ৫ হাজাৰটা , হৰলালকা কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১২ হাজাৰ ৫০০ টা , নিলহাট প্ৰমোটৰ্ছ এন্ড ফিছকেল প্ৰাইভেট  লিমিটেডে ১০০ টকীয়া ১৭হাজাৰ৫০০ টা , ৰেডিয়েন্ট মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৯ হাজাৰ ২৫০ টা , শুভলক্ষ্মী  ক’ল এণ্ড এক্সিম প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১৮হাজাৰ ৫০০ টা , এছ কে  ষ্টক ডিলাৰছ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ৫ হাজাৰটা , শ্ল’ এন্ড চাউণ্ড ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১০ হাজাৰটা , ট্ৰিষ্টাৰ এজেন্সিজ প্ৰাইভেট লিমিটেডে ১০০ টকীয়া ১০ হাজাৰ ৭৫০ টা আৰু য়ুলান মাৰ্কেটিঙ প্ৰাইভেট ;লিমিটেডে ১০০ টকীয়া ১৭ হাজাৰ ৫০০ টা  শ্বেয়াৰ ক্ৰয় কৰি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত বিনিয়োগ কৰে ৷  এইদৰে  ২০০৭ ,২০০৮  আৰু ২০০৯ চনত ১৭ টাকৈ  কলকাতাৰ কোম্পানীৰ মুঠ শ্বেয়াৰ আছিল ২ কোটি ১৭ লাখ ৪৫ হাজাৰ  টকাৰ ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ধন বিনিয়োগ কৰা দিংগো কমোডিয়েল প্ৰাইভেট লিমিটেড , এলিগেন্স ট্ৰেড এণ্ড হোল্ডিঙছ প্ৰাইভেট লিমিটেড , ইকোলেক বিনিময় প্ৰাইভেট লিমিটেড, শুভৰেখা ব্যাপাৰ প্ৰাইভেট লিমিটেড ,আছি ফাইনেন্স এণ্ড মেনেজমেন্ট কনছালটেন্সী প্ৰাইভেট লিমিটেড আৰু ট্ৰিষ্টাৰ এজেন্সিজ প্ৰাইভেট লিমিটেড , এই ছটা কোম্পেনীৰ পঞ্জীয়নভুক্ত ঠিকনা এটাই ৷ সেয়া হ’ল – ৬, হংসপুকুৰ লেন, প্ৰথম মহলা , কলকাতা -৭৷  অন্য তিনিটা কোম্পানী অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেড, ৰেডিয়েন্ট মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেড আৰু এছ কে ষ্টক ডিলাৰ্ছ প্ৰাইভেট লিমিটেডৰ ঠিকনাও একেটাই – ২, দিগম্বৰ জৈন টেম্প’ল ৰোড , প্ৰথম মহলা , কলকাতা-৭ ৷ প্ৰখৰ ব্যাপাৰ প্ৰাইভেট লিমিটেড আৰু মায়ংক টাই আপ প্ৰাইভেট লিমিটেডৰ ঠিকনা হ’ল – ৫১ , নলিনী শেঠ ৰোড , চতুৰ্থ মহলা , কলকাতা-৭ ৷ হৰলালকা কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেড , চট্টিছগড় বিড়ি পট্টা প্ৰাইভেট লিমিটেডৰ ঠিকনা ২১  , হেমন্ত বসু সৰণী  , চতুৰ্থ মহলা , কলকাতা -১ ৷ য়ুলান মাৰ্কেটিঙ প্ৰাইভেট লিমিটেড আৰু নিলহাট প্ৰমোটৰ্ছ এন্ড ফিছকেল প্ৰাইভেট  লিমিটেডৰ ঠিকনা ২০৫, ৰবীন্দ্ৰ সৰণী, কলকাতা-৭৷ এই কোম্পানীকেইটা সন্দৰ্ভতো আমাৰ অনুসন্ধান অব্যাহত আছে ৷

 

আৰ.বি.এছ. ৰিয়েল্টৰ্ছ পৰা হঠাৎ কিয় পদত্যাগ ৰিণিকি ভূঞা শৰ্মাৰ ?

               আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ধন বিনিয়োগৰ সকলো তথ্য পোৱা গৈছে মিনিষ্ট্ৰী অৱ্ কৰ্পোৰেট এফেয়াৰ্ছৰ পৰা ৷ ইয়াৰ পাছৰে পৰা ঘটনাই লয় অন্য মোৰ ৷ চৰকাৰী ভূমি আৰু চিলিং চৰকাৰী ভূমি বে আইনীভাৱে ক্ৰয় কৰাৰ পাছতে ৰিণিকি ভূঞা শৰ্মাই ২০০৯ চনৰ ৮ জুন তাৰিখে আৰ বি এছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে ৷ তাৰ পাছদিনাই অৰ্থাৎ ২০০৯ চনৰ ৯ জুন তাৰিখে একেটা কোম্পানীৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে ফাঁচীবজাৰৰ ব্যৱসায়ী অশোক কুমাৰ ধানুকাই ৷ এইজন অশোক ধানুকাৰ লগতে তেওঁৰ পুত্ৰ ঘনশ্যাম ধানুকাৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক আছে ৷ ঘনশ্যাম ধানুকাৰ লগত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিয়ালৰ বিত্তীয় লেনদেনো আছে ৷ যি কথা তেওঁ নিজৰ ২০১৬ চনৰ নিৰ্বাচনী শপতনামাতে উল্লেখ কৰি থৈছে ৷ কিন্তু ৰিণিকি ভূঞা শৰ্মাই আৰ বি ৰিয়েল্টৰ্ছৰ সঞ্চালক পদ এৰাৰ পূৰ্বেই এই কোম্পানীটোৱে উত্তৰ গুৱাহাটীত ১৭ বিঘা ২ কঠা ৫ লেচা মাটি  বে আইনীভাৱে ক্ৰয় কৰিছিল ৷ অন্যহাতে , ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰ বি এছ ৰিয়েল্‌টৰ্ছ  প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদত থকা সময়তে পলাশবাৰীৰ বঙৰাত ৯ বিঘা ৪ কঠা ১০ লেচা  চিলিং চৰকাৰী মাটি ক্ৰয় কৰা হৈছিল৷ পাছত নিজৰ নাম এই ভূমি ক্ৰয় – বিক্ৰয়ৰ অনিয়মৰ পৰা মচিবলৈ কোম্পেনীটোৰ সঞ্চালক পদৰ পৰে তেও পদত্যাগ কৰে বুলি ধাৰণা কৰিব পাৰি ৷

 

কিয় সলনি কৰা আৰ বি এছ ৰিয়েল্টৰ্ছৰ নাম ?

                আৰ বি এছ  ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে অনিয়মৰ মাজেৰে ভূমি ক্ৰয় বিক্ৰয় কৰাৰ পাছতে অতি কৌশলেৰে কোম্পানীটোৰ নামেই সলাই পেলোৱা হয় ৷ ৰিণিকি ভূঞা শৰ্মাৰ পদত্যাগ আৰু অশোক কুমাৰ ধানুকাই নতুন সঞ্চালকৰ দায়িত্ব লোৱাৰ পাছত এই কোম্পানীটোৰ নাম হৈ পৰে ‘বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড’ ৷ ২০১০ চনৰ ১৮ অক্টোবৰত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ নাম সলাই বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ৰখা হয় ৷ কিন্তু নাম সলালেও কোম্পানীৰ আইডেনটিফিকেশ্যন নম্বাৰ অৰ্থাৎ চি.আই.এন.  সলনি নহয় ৷ মিনিষ্ট্ৰী অৱ্ কৰ্পোৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰো চি.আই.এন  হ’ল ‘U70101AS2006PTC008189’ ৷ যিটো আৰ বি এছ ৰিয়েল্টৰ্ছৰো চি.আই.এন.  আছিল ৷   হয়তো এইদৰেই নাম সলনি কৰি ভূমিৰ অনৈতিক ক্ৰয় বিক্ৰয়ত ৰিণিকি ভুঞা শৰ্মা জড়িত থকাৰ তথ্য সূত্ৰ নোহোৱা কৰি দিব বিচৰা হৈছিল ! কিন্তু অবৈধভাৱে ভূমি ক্ৰয়ৰ নথিত এতিয়াও নাম থাকি গ’ল আৰ বি এছ ৰিয়েল্টৰ্ছৰ ৷ যাৰ সূত্ৰ ধৰি আৰম্ভ কৰা   অনুসন্ধানত পোহৰলৈ আহিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ এই অনিয়মত জড়িত থকাৰ তথ্য  ৷

 

আৰ বি এছত বিনিয়োগ কৰা কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিষ্ঠলৈ 

                 ২০০৮ চনত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে দাখিল কৰা এনুৱেল ৰিটাৰ্ণত  দেখা গ’ল যে কলকাতাৰ ১৭ টা  কোম্পানীৰ শ্বেয়াৰ আছে আৰ বি ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত  বা পাছলৈ  বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেটত৷ ২০১০ চনৰ এনুৱেল ৰিটাৰ্ণত কলকাতাৰ কোম্পানীকেইটাৰ সলনি  সঞ্জীৱ শৰ্মাৰ ১০০ টকীয়া ২৬,৫০০ টা , দিপান্বিতা দেৱীৰ ১০০ টকীয়া ১২ হাজাৰটা ,  জিনা দেৱীৰ ১ আৰু ১০০ টকীয়া ৬২,৫০০ টা , গুণ তামুলী ফুকনৰ ১০০ টকীয়া ৪৯ হাজাৰটা , মদন মোহন শৰ্মাৰ ১০০ টকীয়া ১৫ হাজাৰটা, ৰানী দেৱীৰ ১০০ টকীয়া ২২,৫০০ টা , ভাস্কৰ শৰ্মাৰ ১০০ টকীয়া ৩৪ হাজাৰটা , বুলু দেৱীৰ ১০০ টকীয়া ১৭,৫০০ টা আৰু দিপাংকৰ শৰ্মাৰ ১৮,৫০০ টা শ্বেয়াৰ থকাৰ তথ্য উল্লেখ কৰা হ’ল ৷ ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে কলকাতাৰ কোম্পানীকেইটাৰ শ্বেয়াৰ হস্তান্তৰ কৰা হ’ল এই বিশেষ ব্যক্তিকেইজনলৈ ৷ ইয়াৰ ভিতৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু গুণ তামুলী ফুকনো  আছে   ৷ যি কথা তেওঁৰ নিৰ্বাচনী শপতনামাতে উল্লেখ আছে  ৷ মন কৰিবলগীয়া বিষয়টো হ’ল, শ্বেয়াৰ হস্তান্তৰ কৰা ভাস্কৰ শৰ্মা আৰু সঞ্জীৱ শৰ্মা সম্পৰ্কত ভাই ককাই ৷ ভাস্কৰ শৰ্মা হ’ল প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাকালৰে পৰা থকা সঞ্চালক ৷ আনহাতে , শ্বেয়াৰ হস্তান্ত হোৱা মদন মোহন শৰ্মা , জিনা দেৱী , বুলু দেৱী আৰু  দিপাংকৰ শৰ্মা একেটা পৰিয়ালৰে ৷ ইয়াৰে জিনা দেৱী ভাস্কৰ শৰ্মাৰ পত্নী বুলি তেওৰ ফেচবুক প্ৰফাইলত উল্লেখ আছে ৷ ২০১৬ চনৰ ৩১ মাৰ্চত জমা দিয়া এনুৱেল ৰিটাৰ্ণতো একেকেইজন ব্যক্তিৰ একেসমান শ্বেয়াৰ থকাৰ তথ্য পোৱা গ’ল ৷

নন্দিল বিশ্ব শৰ্মাৰ  বশিষ্ঠ ৰিয়েল্টৰ্ছত একক  সৰ্ববৃহৎ শ্বেয়াৰ

nandil-biswa-sarma-
                              বশিষ্ঠ ৰিয়েল্টৰ্ছৰ একক আৰু সৰ্ববৃহত্ ৩৯ লাখ টকাৰ শ্বেয়াৰ নন্দিল বিশ্ব শৰ্মাৰ নামত

সমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত কোম্পানীত এজন নতুন শ্বেয়াৰ হোল্ডাৰৰ প্ৰৱেশ ঘটিল ৷ তেওঁ হ’ল ৰিণিকি ভূঞা শৰ্মাৰ মাতৃ অৰ্থাৎ ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাহু  মীনা ভূঞা ৷ ২০১৭ চনৰ ৩১ মাৰ্চৰ এনুৱেল ৰিটাৰ্ণত উল্লেখ থকা অনুসৰি মীনা ভূঞাৰ বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত আছে ১০০ টকীয়া ৪৯ হাজাৰটা শ্বেয়াৰ ৷ ইয়াৰ সমান্তৰালভাৱে শ্বেয়াৰ হোল্ডাৰৰ তালিকাৰ পৰা নোহোৱা হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ঘনিষ্ঠ বন্ধু গুণ তামুলী ফুকনৰ নাম ৷ অৰ্থাৎ গুণ তামুলী ফুকনে তেওঁৰ ভাগৰ ১০০ টকীয়া ৪৯ হাজাৰ শ্বেয়াৰ মীনা ভূঞালৈ হস্তান্তৰ কৰিলে ৷ এইবাৰ আহক আচল প্ৰেক্ষাপটলৈ ৷ মীনা ভূঞাৰ হাতলৈ শ্বেয়াৰ হস্তান্তৰ হোৱাৰ পাছত ২০১৯ চনৰ ১৬ ছেপ্তেম্বৰ তাৰিখে তেওঁ সমুদায় শ্বেয়াৰ হস্তান্তৰ কৰে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাক ৷ সেই দিনটোত নন্দিল বিশ্ব শৰ্মাৰ বয়স আছিল ১৮ বছৰ ২০ দিন ৷ অৰ্থাৎ প্ৰাপ্তবয়ষ্ক  হোৱাৰ লগে লগে তেওঁক দিয়া হ’ল বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ৪৯ লাখ টকাৰ শ্বেয়াৰ ৷  মুঠ কথাত বৰ্তমান বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ ২৩.৬১ শতাংশ শ্বেয়াৰ আছে ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ হাতত ৷ এজন ব্যক্তিৰ হাতত থকা এয়াই একক সৰ্ববৃহৎ শ্বেয়াৰ ৷ তাৰ পাছতে কোম্পানীটোত ভাস্কৰ শৰ্মাৰ  ১৬.৩৯ শতাংশ শ্বেয়াৰ আছে ৷ অৰ্থাৎ কলকাতাৰ  কোম্পানীয়ে ২০১০ চনত বিনিয়োগ কৰা ধনৰ এটা সিংহভাগৰ গৰাকী হ’ল হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ ৷

 

ভূমি কেলেংকাৰিৰ তদন্তৰ সাহস বনে মুখ্যমন্ত্ৰীৰ ?

                ২০ ছেপ্টেম্বৰ, ২০২১ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰে যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৪৫৩ জন মাটিৰ দালালক আটক কৰা হৈছে৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালালৰাজ অন্ত পৰিবই লাগিব বুলি তেও দৃঢ়তাৰে ঘোষণা কৰে ৷ এনে জঘন্য কাম কাজৰ বিৰুদ্ধে অসম চৰকাৰৰ যুদ্ধ চলি থাকিবই বুলি ড০ শৰ্মাই নিজৰ টুইটত উল্লেখ কৰে ৷ অসম চৰকাৰৰ এই অভিযান এতিয়াও অব্যাহত আছে ৷ কিন্তু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পাঁচ – দহ হাজাৰ টকীয়া দালালিতকৈও বহু ভয়াৱহ কেলেংকাৰি সংঘটিত হৈ আছে এইখন অসমত ৷ এই তথ্যই দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছে ৷ চৰকাৰী ভূমি আইন , ভূমি নীতি ভৰিৰে মোহাৰি পুজিপতি ব্যৱসায়ী , ক্ষমতাশালী ৰাজনীতিকে দখল কৰি গৈছে ৰাজহুৱা অনুষ্ঠান , ভূমিহীন লোকৰ নামত আৱন্টিত মাটি ৷ কৃষিভূমিত স্থাপন কৰা হৈছে প্ৰদূষণকাৰী উদ্যোগ ৷ কিন্তু এই বিষয়সমূহ অন্ধকাৰত ৰাখি চৰকাৰে কেৱল সৰু সৰু পুঠি খলিহনা কেইটামানক কৰায়ত্ত কৰি এক চমক সৃষ্টি কৰিবলৈ চেষ্টা চলালে ৷ অথচ মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ শ্বেয়াৰ থকা আৰু পূৰ্বতে ৰিণিকি ভূঞা শৰ্মা সঞ্চালক হিচাপে থকা কোম্পানী জড়িত হৈ আছে অসমৰ ইতিহাসৰ এটা বৃহৎ ভূমিৰ ক্ৰয় বিক্ৰয়ৰ অনিয়মত ৷ এয়া অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ তথ্যৰ আধাৰতে উন্মোচিত হৈছে ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পাঁচশ – হাজাৰটকীয়া দালালৰ বিৰুদ্ধে বীৰদৰ্পে অভিযান চলোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পত্নী- পুত্ৰৰ কোম্পেনীয়ে সংঘটিত কৰা বিয়াগোম অনিয়মৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে , তাৰ প্ৰতি সকলোৰে নিশ্চয় নজৰ থাকিব ৷

Leave A Reply

Your email address will not be published.