স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা

গ্ৰন্থপ্ৰেমীৰ বাবে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্থগিত কৰা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰগতি মৈদানত ৮ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশ্ব গ্ৰন্থমেলা।  ১৯৭২ চনতে আৰম্ভ হোৱা এই বিশ্ব গ্ৰন্থমেলাৰ এইবাৰ আছিল সোণালী জয়ন্তী বৰ্ষ।  সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এইবাৰ কিছু সুকীয়াকৈ গ্ৰন্থমেলা পতাৰ পৰিকল্পনা কৰিছিল আয়োজক সমিতিয়ে। গ্ৰন্থমেলাখন পুনৰ কেতিয়া অনুষ্ঠিত হ’ব সেই বিষয়ে পৰৱৰ্তী সময়তেহে জানিব পৰা যাব।

#thecrosscurret#worldbookfairdelhi
Comments (0)
Add Comment