ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ দেশত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰাৰ উপৰি বহু হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে৷ ক্ৰমে ক্ৰমে দেশত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস হৈ আহিছে যদিও কৰ্মহীন লোকৰ তালিকা দৈনিক বৃদ্ধি হৈ গৈ আছে৷
অৰ্থনৈতিকভাৱে সমস্যাৰ সন্মুখীন হোৱা তেনে এগৰাকী নাগৰিক হৈছে এসময়ত ভাৰতীয় ক্ৰিকেট দলক বিশ্বকাপত প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰ নৰেশ টুমডা৷ ২০১৮ চনত অনুষ্ঠিত দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল গুজৰাটৰ নিৱাসী নৰেশ টুমডেই৷ এতিয়া দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাব লগীয়া হৈছে দৃষ্টিহীন ক্ৰিকেটাৰ গৰাকীয়ে৷ ২০১৮ চনত পাকিস্তানক পৰাস্ত কৰি ভাৰতীয় দলে দৃষ্টিহীন বিশ্বকাপত জয়লাভ কৰাৰ পিছত দলটোৰ অন্যতম সদস্য নৰেশ টুমডেই চৰকাৰী চাকৰিৰ বাবে আবেদন-নিবেদন কৰিছিল যদিও তেওঁ কোনো সুবিধা লাভ নকৰিলে৷
Gujarat: Naresh Tumda, part of team that helped India win 2018 Blind Cricket World Cup, now works as a labourer in Navsari to earn livelihood
"I earn Rs 250 a day. Requested CM thrice but didn't get reply. I urge govt to give me job so that I can take care of my family," he said pic.twitter.com/NK4DFO6YYC
— ANI (@ANI) August 8, 2021
সংবাদগোষ্ঠী ANIক এক সাক্ষাৎকাৰ প্ৰদান কৰি নৰেশ টুমডেই কয়-“মই দিন হাজিৰা কৰি দৈনিক ২৫০ টকাকৈ উপাৰ্জন কৰি আছো৷ চৰকাৰক অনুৰোধ জনাইছো যাতে মোৰ জীৱিকাৰ বিশেষ ব্যৱস্থা কৰি দিয়ে৷”
উল্লেখযোগ্য যে, ২০২০ চনত লকডাউন ঘোষণা হোৱাৰ পিছত নৰেশ টুমডেই পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাব লগীয়া হৈছিল৷ তেওঁ কয় যে পাচলি বিক্ৰী কৰি তেওঁ পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইবাবে দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে৷