‘সেউজসমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ’ব’– প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থখনত সামৰা হৈছে এইদৰে৷ স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে। কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ স্বাধীন অসমৰ হকে পৰাগ কুমাৰ দাসে যিসমূহ যুক্তি দাঙি ধৰিছিল, তাক কোনোবাই অস্বীকাৰ কৰিব পাৰে। কিন্তু অসমক লৈ যি তথ্য পৰাগ কুমাৰ দাসে এই গ্ৰন্থখনত উল্লেখ কৰিছিল, তাক কোনেও নাকচ কৰিব নোৱাৰে৷ সেই স্বাধীন অসমৰ সপোনৰ পৰা আমি আহি আহি এনে পৰ্যায়ত উপনীত হৈছো, য’ত ঋণ ল’ব পৰাটোকে অসমৰ অৰ্থনৈতিক বিকাশৰ মাপকাঠী হিচাপে তুলি ধৰা হৈছে৷ চৰকাৰৰ এটাই যুক্তি জি ডি পি বৃদ্ধি পাইছে, সেই বাবেই অসমে অধিক ঋণ ল’ব পৰা হৈছে৷ কিন্তু স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা যে পৰাধীন অসমতকৈও তলৰ পৰ্যায়লৈ অৱনমিত হৈছে, সেই কথা পৰ্যালোচনাৰ আহৰি কাৰো নাই।
শেহতীয়া পৰিসংখ্যা অনুসৰি, উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ মূৰৰ ওপৰতে আটাইতকৈ বেছি ঋণৰ বোজা আছে৷ এয়া জনতাৰ বাবে শংকিত হোৱাৰ কাৰণ আৰু চৰকাৰৰ বাবে গৰ্বৰ বিষয়৷ কিন্তু অসমৰ অৰ্থনীতিৰ বাবে আন এটা লেখত ল’বলগীয়া দিশ হ’ল–স্বাধীনতাৰ ঠিক পাছৰ সময়ছোৱাত অসমৰ জনমূৰি আয় আছিল ৰাষ্ট্ৰীয় গড় জনমূৰি আয়তকৈ অধিক৷ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰতিবেদন অনুসৰি, ১৯৬০-৬১ বৰ্ষত অসমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত ১০৩ শতাংশ আছিল৷ ২০২৩-২৪ বৰ্ষত অসমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত ৭৩.৭ শতাংশলৈ অৱনমিত হ’ল৷ উত্তৰ-পূৱৰে আন এখন ৰাজ্য ছিকিমে এই সময়ছোৱাত কেনে প্ৰদৰ্শন কৰিছে, সেয়া চালে আমাৰ অৱস্থাটো বুজাত আৰু বেছি সহজ হ’ব৷ ১৯৮০-৮১ বৰ্ষত ছিকিমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত আছিল ৮৫.৮ শতাংশ৷ ২০২৩-২৪ বৰ্ষত এই ৰাজ্যখনৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত ৩১৯.১ শতাংশ হ’লগৈ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ছিকিমৰ এই উন্নতি আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ৷ আজিৰত দিনটোত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনমূৰি আয় আটাইতকৈ কম আৰু জনমূৰি ঋণৰ পৰিমাণ আটাইতকৈ বেছি৷ এতিয়া সিদ্ধান্ত লওক অসম প্ৰকৃততে আগুৱাইছে নে, পিছুৱাইছে?
এইবাৰ আহক আন এক তথ্যলৈ ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ ১৯৬০-৬১ বৰ্ষত অসমৰ বৰঙণি আছিল ২.৬ শতাংশ৷ কিন্তু ২০২৩-২৪ বৰ্ষত এই পৰিসংখ্যা অৱনমিত হৈছে ১.৯ শতাংশলৈ৷ দেশৰ ডাঙৰ ৰাজ্যসমূহৰ তুলনাত ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ অসমৰ বৰঙণিয়েই আটাইতকৈ কম৷ এয়া বাৰু কাৰোবাৰ বাবে গৰ্বৰ কথা হ’ব পাৰেনে? কৃষি নিৰ্ভৰ অসমত ফ্লাইঅ’ভাৰ বনাই অৰ্থনৈতিক উন্নয়ন সম্ভৱ নে উন্নত প্ৰযুক্তিৰ কৃষিৰেহে উন্নয়ন সম্ভৱ, সেয়া তেনেই এটা সাধাৰণ প্ৰশ্ন৷ অসমৰ প্ৰধান খেতিয়েই হৈছে ধান খেতি৷ কিন্তু অসমৰ ধান খেতি হোৱা কৃষি ভূমিৰ মাত্ৰ ১৮.০৮ শতাংশ ভূমিতহে জলসিঞ্চনৰ সুবিধা আছে৷ জলসিঞ্চনৰ ক্ষেত্ৰত সৰ্বভাৰতীয় গড় হ’ল ৬৪.৯৭ শতাংশ৷ অসমত প্ৰতি হেক্টৰ ভূমিত ধান উৎপাদন হয় ২২৩৬ কিলোগ্ৰাম৷ ইয়াৰ বিপৰীতে আন কেইখনমান ৰাজ্যত প্ৰতি হেক্টৰ ভূমিত উৎপাদন হোৱা ধানৰ পৰিমাণ এনেধৰণৰ–পঞ্জাৱ ৪৩৪০ কিলোগ্ৰাম, তামিলনাডু ৩৬৫৮ কিলোগ্ৰাম, অন্ধ্ৰপ্ৰদেশ ৩৪৭০ কিলোগ্ৰাম, তেলেংগানা ৩৩৬৬ কিলোগ্ৰাম আৰু পশ্চিমবংগ ২৯৯৬ কিলোগ্ৰাম৷ খাদ্য শস্যৰ ক্ষেত্ৰত অসমত প্ৰতি হেক্টৰত উৎপাদন হয় ২১৫৪ কিলোগ্ৰাম৷ ইয়াৰ বিপৰীতে পঞ্জাৱত প্ৰতি হেক্টৰত ৪২৩৩ কিলোগ্ৰাম, পশ্চিমবংগত ৩০৮৮ কিলোগ্ৰাম, তেলেংগানাত ৩১৮৯ কিলোগ্ৰাম আৰু কেৰালাত ৩১৯৯ কিলোগ্ৰাম খাদ্য শস্য উৎপাদন হয়৷ অথচ ১৯৬২ চনৰ ১৭ ডিচেম্বৰত মাৰ্কিন চোৰাংছোৱা সংস্থা চি আই এ ‘অসমৰ অৰ্থনৈতিক গুৰুত্ব’ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ য’ত লিখা হৈছিল এইদৰে, অসমে ভাৰতৰ ধানৰো ৫ শতাংশ উৎপাদন কৰে৷ দীৰ্ঘকালীনভাৱে অসমত নতুন প্ৰযুক্তি আৰু খেতিৰ পদ্ধতি সলনি কৰি ধানৰ উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা আছে৷ চীনত যি ধৰণৰ প্ৰযুক্তি কৃষিত ব্যৱহাৰ হয়, সেই একেই পদ্ধতিৰে অসমত ধানৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়৷ উদাহৰণস্বৰূপে, চীনৰ কোৱাংটুং আৰু অসমৰ জলবায়ু একেই৷ তাত প্ৰতি হেক্টৰত ২,৭৫০ৰ পৰা ৩ হাজাৰ কিলোগ্ৰাম ধান উৎপাদন হয়৷ ইয়াৰ বিপৰীতে অসমত প্ৰতি হেক্টৰত ১,৪০০ কিলোগ্ৰাম ধানহে উৎপাদন হয়৷ ১৯৬২ চনতেই আমেৰিকাই অসমত প্ৰতি হেক্টৰত ৩ হাজাৰ কেজি ধান উৎপাদনৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ কিন্তু আজিও অসমে সেই লক্ষ্যত উপনীত হ’ব পৰা নাই৷ কৃষি আৰু জলসিঞ্চনক বাদ দি ঋণ লোৱা, ফ্লাইঅ’ভাৰ নিৰ্মাণ আৰু হিতাধিকাৰী সৃষ্টি যেতিয়া চৰকাৰৰ প্ৰাথমিক লক্ষ্য হৈ পৰে, অসমৰ অৰ্থনীতিয়ে আজিৰ ৰূপ লোৱাটো স্বাভাৱিক৷ এই পৰিসংখ্যাৰ বিশ্লেষণৰ পৰা কি অসম আছিল, কি অসম হ’ল বুলি হুমুনিয়াহ কঢ়াৰ বাদে আন একো বিকল্প এতিয়া জনতাৰ ওচৰত নাই৷