ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে অসমৰ জনসংখ্যা হ্ৰাস সন্দৰ্ভত কেতবোৰ বিশেষ সিদ্ধান্ত লোৱা হয় ৷ কিন্তু জনসংখ্যা হ্ৰাসৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা এই পদক্ষেপৰ সম্পূৰ্ণ বিপৰীত মত প্ৰকাশ কৰিছে দেশৰ এগৰাকী প্ৰখ্যাত  অৰ্থনীতিবিদে ৷

দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছৰ কনচাল্টিঙ এডিটৰ তথা ৱৰ্ল্ড বেংক আৰু এছিয়ান ডেভলপমেন্ট বেংকৰ পৰামৰ্শদাতা এছ এ আয়াৰে টাইমছ অৱ ইণ্ডিয়াত লিখা শেহতীয়া এটা প্ৰৱন্ধত উল্লেখ কৰিছে যে দুটাতকৈ অধিক সন্তান থকা লোকক স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ পৰা বঞ্চিত কৰি লাক্ষদ্বীপৰ বিজেপি প্ৰশাসনে শেহতীয়াকৈ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ৷

ইয়াৰ বাহিৰেও অসম , উড়িশা , মহাৰাষ্ট্ৰ , ৰাজস্থান , তেলেংগানা , অন্ধ্ৰপ্ৰদেশ আদিত পূৰ্বৰে পৰা এই নীতি বলবৎ হৈ আছে ৷ এইটো এটা মূৰ্খৰ কাম ৷ ভাৰত বা সমগ্ৰ বিশ্বত বেছি নহয় কম সংখ্যক শিশুৰহে জন্ম হৈ আছে ৷ এইক্ষেত্ৰত চীনৰ উদাহৰণ দাঙি ধৰি অৰ্থনীতিবিদগৰাকীয়ে কয় যে চীনদেশে প্ৰথমতে এটা সন্তানৰ নীতি গ্ৰহণ কৰিছিল ৷ পাছত তেওলোকে দুটা সন্তানৰ নীতিত অনুমোদন জনায় আৰু এতিয়া এতিয়া তিনিটা সন্তানৰ নীতি গ্ৰহণ কৰিছে ৷কাৰণ তেওলোকৰ দেশত কৰ্মক্ষম লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে ৷ দেশৰ জিডিপি বাঢ়িবলৈ হ’লে অধিক শ্ৰম কৰা লোকৰ প্ৰয়োজন ৷ দেশৰ সুস্থিৰ জনসংখ্যাৰ বাবে প্ৰজননৰ হাৰ অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে সন্তানৰ হাৰ দুই দশমিক এক (২.১) হ’ব লাগে ৷ ইয়াৰ ফলত তৎকালীনভাৱে জনসংখ্যা হ্রাস নহ’ব ৷ কাৰণ ভৱিষ্যতে মাতৃ হ’ব পৰা মহিলাৰ ইতিমধ্যে জন্ম হৈছে ৷ পৰৱৰ্তী দুই দশকলৈ জন্মৰ হাৰ ২.১ হোৱা পৰ্যন্ত জনসংখ্যা বৃদ্ধি হৈ থাকিব ৷ তাৰ পাছত জনসংখ্যা সুস্থিৰ হ’ব ৷ চীনৰ বিপৰীতে ভাৰতৰ উদাহৰণ দাঙি ধৰি এছ এ আয়াৰে লগতে কৈছে যে ভাৰতত প্ৰজননৰ হাৰ হ্ৰাস পাবলৈ ধৰিছে ৷ অত্যাধিক জনসংখ্যা বৃদ্ধিৰ অপ্ৰয়োজনীয় ভয় ত্যাগ কৰিব লাগে আৰু কম বয়সৰ কৰ্মক্ষম লোক আৰু বৃদ্ধ বয়সৰ লোকৰ সৈতে একেলগে আগবাঢ়ি যোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে ৷ প্ৰবন্ধটোত এছ এ আয়াৰে লগতে লিখিছে যে শিশুক ডাঙৰ – দীঘল কৰাৰ খৰচ বৃদ্ধি পাইছে ৷ সেইবাবে বহুতে দুটা সন্তানক প্ৰতিপালন কৰাৰ ব্যয় বহন কৰিব নোৱাৰে ৷ এনে পৰিস্থিতিত বহু দেশে বিনামূলীয়াকৈ শিশু প্ৰতিপালন কৰা , দীঘলীয়া মেটাৰনিটী – পেটাৰনিটী লীভৰ প্ৰদান কৰাৰ সুবিধা দিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু তাৰ পাছতো সেই দেশসমূহৰ প্ৰজননৰ হাৰ কমিহে গৈছে ৷ এইক্ষেত্ৰত আয়াৰে কেইখনমান দেশৰ উদাহৰণো দাঙি ধৰিছে ৷ জাপানত বৰ্তমান প্ৰজননৰ হাৰ ১.৩৮ , জাৰ্মানীত ১.৪৮ , আমেৰিকাত ১.৮৪ আৰু ইংলেণ্ডত ১.৮৬ ৷ তেও উল্লেখ কৰা মতে ভাৰতত ১৯৯২- ৯৩ চনৰ প্ৰজননৰ হাৰ ৩.৪ ৰ পৰা বৰ্তমান ২.২ লৈ হ্ৰাস পাইছে ৷ এই ধাৰা অব্যাহত থাকিলে ২০২৫ চনত ভাৰতৰ প্ৰজননৰ হাৰ হ’ব ১.৯৩ ৷ মধ্যবিত্ত লোকসকলৰ সন্তান জন্ম দিয়াৰ অনীহাৰ বাবেই প্ৰজননৰ হাৰ কমি আহিছে ৷ ইয়াৰ ফলত অত্যাধিক জনসংখ্যা নহয় , বিশ্বজুৰি সৃষ্টি হোৱা অপৰ্যাপ্ত প্ৰজননৰ সমস্যাৰ সন্মুখীন হ’ব ভাৰত ৷ দেশত কৰ্মক্ষম লোকৰ সংখ্যা কমি আহিব , বয়োবৃদ্ধ লোকৰ চিকিৎসাৰ নামত ব্যয় বৃদ্ধি পাব ৷ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগতো কেতবোৰ মন্তব্য আগবঢ়াইছে অৰ্থনীতিবিদ এছ এ আয়াৰে ৷ তেওৰ মতে আৰ এছ এছৰ আশংকাৰ প্ৰধান কাৰণটো হ’ল – মুছলমান এই দেশত সংখ্যাগৰিষ্ঠ হৈ পৰিব নেকি ? মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুতকৈ বেছি হোৱাটো সঁচা ৷ কিন্তু এক বৈশ্বিক সমস্যাৰ সন্মুখত ধৰ্মীয় কাৰকসমূহ গুৰুত্বহীন ৷ হিন্দুৰ তুলনাত মুছলমানসকল অধিক দৰিদ্ৰ হোৱা বাবে আৰু ধৰ্মীয় নেতাসকলে পৰিয়াল পৰিকল্পনাৰ বিৰোধিতা কৰা বাবে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাই আহিছে ৷ একেসময়তে আন এক তথ্য বিশ্লেষণ কৰি আয়াৰে দেখুৱাইছে যে দেশত মুছলমানৰ জনসংখ্যা ১৯৫১ চনত ১০ শতাংশৰ পৰা ২০১১ ত ১৪.২ শতাংশলৈ বৃদ্ধি পাইছে ৷ কিন্তু মুছলমানৰ প্ৰজননৰ হাৰ তেওলোকৰ উপাৰ্জন বৃদ্ধি পোৱাৰ লগে লগে হ্ৰাস পাইছে ৷ মুছলমান বসতিপ্ৰধান কাশ্মীৰত ২০১৬ চনত প্ৰজননৰ হাৰ হ’ল মাত্ৰ ১.৪ ৷ অহা কিছু দশকলৈ ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাই থাকিব যদিও মুছলমানৰ জনসংখ্যা ২০ শতাংশ হোৱাৰ লগে লগে মুছলমান জনসংখ্যা স্থিৰ হৈ পৰিব ৷ সেয়ে মুছলমানৰ জনসংখ্যা হিন্দুৰ বাবে আশংকাৰ কাৰণ নহ’ব বুলি এছ এ আয়াৰে মন্তব্য কৰিছে ৷ গতিকে অধিক কৰ্মক্ষম লোকৰ জনসংখ্যা বৃদ্ধি কৰা আৰু তেওলোকৰ বাবে কামৰ যোগান ধৰাটোহে ভাৰতৰ নীতি হোৱা উচিত বুলি অৰ্থনীতিবিদগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে ৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে নীতি প্ৰণয়ন কৰা সময়ত অৰ্থনীতিবিদ এছ এ আয়াৰৰ এই প্ৰবন্ধটোৱে জনসংখ্যা বৃদ্ধি সন্দৰ্ভত নতুন দিশৰ উন্মোচন কৰিছে ৷ স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মা আৰু এছ এ আয়াৰৰ বিপৰীত বাখ্যাই নতুন বিতৰ্কৰ সূচনা কৰিব ৷

Comments (0)
Add Comment