দলিত খেলুৱৈৰ বাবে হকীত হাৰিল ভাৰত : কি প্ৰত্যুত্তৰ দিলে বন্দনাই ?

মানসিক সংকীৰ্ণতা আৰু জাতি-ধৰ্মৰ গোড়ামিয়ে একবিংশ শতিকাতো কিদৰে ভাৰতীয় সমাজক আচ্ছন্ন কৰি ৰাখিছে তাৰ প্ৰমান বাৰম্বাৰ পোহৰলৈ আহিছে ৷অলিম্পিকত পদক জয়ৰ পাছত ভাৰতীয় সমাজ ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ ধৰ্ম – জাতিৰ অনুসন্ধান কৰাত ৷ তাতকৈও আৰু তললৈ নামিল এইখন দেশৰ একাংশ নাগৰিক ৷ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ পৰাজয়ৰ বাবে একাংশ লোকে দোষ ঠেলিছে দলিত পৰিয়ালৰ পৰা অহা মহিলা হকী খেলুৱৈসকললৈ ৷ বুধবাৰে ভাৰত আৰু আৰ্জেন্টিনাৰ মাজত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ হকী মেচ ৷ এই খেলখনত পৰাজিত হয় ভাৰতীয় দলটো ৷তাৰ পাছতে হৰিদ্বাৰৰ পৰা অহা হকী খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত উপস্থিত হয় এদল মানুহৰূপী দানৱ ৷ তেওলোকে দলিত পৰিয়ালৰ ছোৱালীক খেলিব দিয়া বাবেই ভাৰত পৰাজিত হ’ল বুলি মন্তব্য কৰে আৰু বন্দনাৰ পৰিয়ালৰ জাতিগত পৰিচয়ক লৈ অশ্ৰাব্য গালি গালাজ কৰে ৷ এই ঘটনাই কু-সংস্কাৰত ভাৰতীয় সমাজ কিমানদূৰ পোত খাই আছে , তাকেই উদঙাই দিছে ৷

বন্দনাই কিদৰে প্ৰত্যুত্তৰ দিলে ?

হৰিদ্বাৰত থকা নিজৰ পৰিয়াল চৰম অপমানিত হোৱাৰ পাছতো বিচলিত হোৱা নাই বন্দনা কাটাৰিয়া ৷ ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে আজি গ্ৰেট ব্ৰিটেইনৰ লগত অনুষ্ঠিত মেচখনতো দেশৰ হৈ এটা গ’ল স্ক’ৰ কৰে ৷ ইয়াৰ পাছতে দুৰ্ভাগ্যজনক ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বন্দনাই কয় , “ আমি দেশৰ বাবে খেলিছো ৷ দেশৰ বাবে সকলো এক হোৱা উচিত , মানে সকলো ক্ষেত্ৰতে ৷” দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত তেও লগতে কয় যে যিবিলাক ঘটি আছে , সেইবিলাক হোৱা উচিত নহয় ৷ জাতিগত পৰিচয়ক লৈ গালি গালাজ কৰা উচিত নহয় ৷ অলপ –অচৰপ এই বিষয়ে শুনিছো ৷ কিন্তু তেনে কাম কোনো কাৰণতে কৰিব নালাগে ৷

কি শাস্তি হ’ল অভিযুক্তৰ ?

বন্দনা কাটাৰিয়াৰ পৰিয়ালৰ জাতিগত পৰিচয়ক লৈ গালি গালাজ কৰা দুজন অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ বন্দনাৰ ভাতৃ চন্দ্ৰশেখৰ কাটাৰিয়াৰ  অভিযোগৰ ভিত্তিত উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ আৰক্ষীয়ে তেওলোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত অভিযুক্ত দুজন হৈছে অংকুৰ আৰু বিজয় পাল ৷ তেওলোকৰ বাহিৰেও সুমিত চৌহান নামৰ আন এজন অভিযুক্তৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে ৷

indianhockeythecrosscurrenttokyoolympicsvandanakatariya
Comments (0)
Add Comment