EXCLUSIVE : কোভিড ভেকচিন মৃত্যুদূত আছিল নেকি ?

গৌতম প্ৰতিম গগৈ

 

বহুতৰ বাবে মৃত্যুদূত হৈ পৰিছে নেকি কোভিড ভেকচিন? কোভিশ্বিল্ড ভেকচিনৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া সংঘটিত হ’ব পাৰে বুলি ইংলেণ্ডৰ আদালতত স্বীকাৰোক্তি দিছে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZeneca-য়ে৷  কিন্তু  ভেকচিন লোৱাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই বহুতকে অসুস্থ কৰি তোলাৰ কিছু উদ্বেগজনক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে দ্য ক্ৰছকাৰেণ্টৰ এক অনুসন্ধানত ৷ আনকি ভেকচিন লোৱাৰ পাছত বহু ব্যক্তি মৃত্যুমুখতো পৰিছে ৷ সাধাৰণতে ভেকচিন গ্ৰহণৰ পাছত ব্যক্তি এজনৰ দেহত দেখা দিয়া  স্বাস্থ্যৰ জটিলতাক কোৱা হয় Adverse Event Following Immunization চমুকৈ AEFI ৷ ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰা  ২০ খন প্ৰতিবেদনত মুঠ ২৫৮১ টা AEFI ঘটনাৰ Causality assessmentৰ ফলাফল দ্য ক্ৰছকাৰেণ্টে পর্যবেক্ষণ কৰিছে ৷ এই তথ্য মতে, ২,৫৮১ টা ঘটনাৰ ভিতৰত ৭৩৫ টা ঘটনা  ধাৰাবাহিকভাৱে ভেকচিন গ্ৰহণৰ লগত সম্পর্কিত ( consistent causal association to immunization) ৷ এই ৭৩৫ টা ঘটনাৰ ভিতৰত ৩৮৯ টা  ঘটনা আছিল কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়া বা vaccine product-related reaction ৷  কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়াত ভোগাসকলৰ  ২২ গৰাকীৰ মৃত্যুও হৈছিল ৷ ভাৰত চৰকাৰৰ এই প্ৰতিবেদনেই প্ৰমাণ কৰে যে কোভিড ভেকচিন গ্ৰহণৰ পাছত বহু লোকৰ দেহত কেতবোৰ অস্বাভাৱিক প্ৰতিক্ৰিয়া দেখা গৈছিল ৷ আনকি ভেকচিন লোৱাৰ পাছত মৃত্যু পৰ্যন্ত হৈছিল ৷ অসমতো এনেদৰে বহু লোকৰ দেহত কোভিড ভেকচিন লোৱাৰ পাছত প্ৰতিক্ৰিয়াই দেখা গৈছিল ৷ কোভিড ভেকচিন গ্ৰহণৰ পাছত সংঘটিত এনে ১৯ টা ঘটনাক AEFI ঘটনা হিচাপে চিহ্নিত কৰা হৈছিল ৷ এই ১৯ টা ঘটনাৰ তথ্য আৰ টি আই যোগে সংগ্ৰহ কৰাৰ পাছত ‘দ্য ক্ৰছকাৰেণ্টে’ এক চৰজমিন অনুসন্ধান চলায় ৷ এই অনুসন্ধানত দেখা গ’ল যে অসমৰ কেবাজনো ব্যক্তি কোভিড ভেকচিন গ্ৰহণৰ পাছতেই  গুৰুতৰ স্বাস্থ্যজনিত জটিলতাত আক্ৰান্ত হৈছিল ৷ কেবাজনো মৃত্যুমুখতো পৰিছিল ৷ যি কেইটা ঘটনাক AEFI হিচাপে চিহ্নিত কৰা হৈছিল, তেনে বহু পৰিয়ালৰ ঘৰত  উপস্থিত হৈছিল দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধি ৷

 

লখিমপুৰৰ এন্দ্ৰিয়াছ বাৰলাৰ মৃত্যুৰ কাৰণ কি 

এন্দ্ৰিয়াছ বাৰলা৷ ২৯ বছৰীয়া এন্দ্ৰিয়াছ বাৰলাৰ ঘৰ লখিমপুৰ জিলাৰ চিলনীবাৰী চাহ বাগানত৷ বাগানৰ তিনি নম্বৰ লাইনৰ বাসিন্দা এন্দ্ৰিয়াছৰ পৰিয়াল ৷ সেই বাগানৰেই কর্মচাৰী এন্দ্ৰিয়াছে ২০২১ চনৰ ২২ চেপ্টেম্বৰত বাগানৰ স্বাস্থ্য কেন্দ্ৰতেই গ্ৰহন কৰিছিল দ্বিতীয় পালিৰ ভেকচিন৷ এন্দ্ৰিয়াছক দিয়া হৈছিল কোভিশ্বিল্ড ভেকচিন ৷ দুপৰীয়া  বাগানৰ পৰা লৈ যোৱা এখন গাড়ীতেই অন্যান্য মানুহৰ লগতে ভেকচিন ল’বলৈ গৈছিল এন্দ্ৰিয়াছ ৷ ভেকচিন লৈ সুস্থভাৱেই ঘৰলৈ ঘূৰি অহা এন্দ্ৰিয়াছ সন্ধিয়া গৈছিল বজাৰলৈও ৷  নিশা ৯ মান বজাত ঘৰত ভাত খাই বাহিৰলৈ ওলাই গৈছিল এন্দ্ৰিয়াছ ৷ ৫ মিনিটমানৰ  পাছতেই এন্দ্ৰিয়াছে ভিতৰলৈ সোমাই আহে আৰু আহিয়েই মাকৰ কোলাত পৰি দিয়ে ৷ লগে লগে হেৰুৱাই পেলাই জ্ঞান ৷ ইয়াৰ পাছত প্ৰথমে এন্দ্ৰিয়াছক লৈ যোৱা এটা  স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ আৰু পৰৱর্তী সময়ত লৈ যোৱা হয় লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ৷  সেই নিশাতে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ বাটতে মৃত্যু হয় এন্দ্ৰিয়াছৰ৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ‘দ্য ক্ৰছকাৰেণ্ট’ক প্ৰদান কৰা তথ্য অনুসৰি, দুপৰীয়া ১ বাজি ৪০ মিনিটত ভেকচিন প্ৰদান কৰা হৈছিল এন্দ্ৰিয়াছ বাৰলাক৷ সেই সন্ধিয়া মূৰ্চ্ছা গৈ হঠাৎ ঢলি পৰিছিল এন্দ্ৰিয়াছ আৰু নিশা ১১ বাজি ৪৫ মিনিটত তেওঁৰ  মৃত্যু হৈছিল৷ এন্দ্ৰিয়াছৰ মৃত্যু সন্দর্ভত চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা হয় এনেদৰে – ‘Chronic hypertensive on irregular use of mediciation. Verbel Autospy conducted. Privisional Diagnosis: May be CAV or Massive myocardial infraction Coincidental’ ৷

                           এন্দ্ৰিয়াছ বাৰলা

আনহাতে, মৃত্যুৰ প্ৰমাণ পত্ৰতো মৃত্যুৰ কাৰণ হিচাপে কোনো বিশেষ তথ্য উল্লেখ নাই ৷ কিন্তু কিয় হঠাৎ মৃত্যু হৈছিল এন্দ্ৰিয়াছৰ! চিকিৎসকে আনুষ্ঠানিকভাবে পৰিয়ালক কোনো তথ্য অৱগত কৰা নাছিল ৷ এন্দ্ৰিয়াছৰ মাতৃয়ে আমাক কয়-‘‘বাগানৰ এজন চিকিৎসকে কৈছে,ৰক্তচাপৰ বাবেহে এন্দ্ৰিয়াছৰ মৃত্যু হৈছে৷ কিন্তু আমি জানো, এন্দ্ৰিয়াছৰ ৰক্তচাপ নালাগে আন কোনো বেমাৰেই নাছিল৷ কোভিডৰ ভেকচিন লোৱাৰ পাছতেই তাৰ মৃত্যু হৈছিল৷ আমি ভাবোঁ যে কোভিডৰ ভেকচিন লোৱাৰ বাবেই তাৰ মৃত্যু হ’ল৷’

উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত ইংলেণ্ডৰ চৰকাৰে বিকল্প ভেকচিন মজুত থাকিলে ৩৯ বছৰৰ তলৰ ব্যক্তিক কোভিশ্বিল্ড ভেকচিন নিদিবলৈ পৰামর্শ প্ৰদান কৰিছিল সি যি কি নহওঁক, ভেকচিন গ্ৰহণ কৰি ঠিকেই ঘৰলৈ উভতি আহিছিল এন্দ্ৰিয়াছ৷ কিন্তু নিশালৈ হঠাৎ ঢলি পৰি মৃত্যু হৈছিল এন্দ্ৰিয়াছৰ৷ এন্দ্ৰিয়াছৰ পৰিয়ালৰো দাবী পূর্বে কোনোধৰণৰ ৰোগ নাছিল এন্দ্ৰিয়াছৰ৷

কোভিশ্বিল্ড আৰু  এন্দ্ৰিয়াছৰ মৃত্যুৰ সম্পৰ্ক আছে  নেকি ?

চৰকাৰী তথ্যমতে, এন্দ্ৰিয়াচ বাৰলাৰ মৃত্যুৰ ক্ষেত্ৰত হার্ট এটেক আৰু ষ্ট্ৰ’কৰ সম্ভাৱনীয়তা আছে৷ প্ৰতিবেদনত CVA আৰু Myocardial infarctionৰ কথা কোৱা হৈছে৷ CVA য়ে ষ্ট্ৰ’কৰ কথা সূচাইছে আৰু Myocardial infarction য়ে হার্ট এটেকৰ কথা সূচাইছে৷ সাধাৰণতে ২৯ বছৰীয়া এজন ব্যক্তিৰ ক্ষেত্ৰত হার্ট এটেক এক বিৰল ঘটনা৷ কিন্তু ভেকচিন গ্ৰহণৰ দিনটোত ২৯ বছৰীয়া এন্দ্ৰিয়াচৰ ক্ষেত্ৰত সেয়াই ঘটিল৷ লক্ষণীয়ভাৱে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক প্ৰতিবেদনতো ভেকচিনৰ প্ৰতিক্ৰিয়াৰ তেনে এক সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে ৷ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে ভেকচিন লোৱাৰ পাছত সংঘটিত সর্বাধিক হার্ট এটেকৰ ঘটনা AstraZenecaৰ ভেকচিনৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত সংঘটিত হৈছিল৷ লক্ষণীয়ভাৱে হার্ট এটেক সংঘটিত হোৱা এন্দ্ৰিয়াছ বাৰলাকো  AstraZeneca ৰ কোভিশ্বিল্ডেই প্ৰদান কৰা হৈছিল৷ অৱশ্যে ভেকচিনৰ ফলতেই এই সমূহ ঘটনা সংঘটিত হোৱা বুলি এতিয়ালৈকে প্ৰামাণিক তথ্য নোপোৱাৰ কথা উল্লেখ্য কৰা হৈছে National Library of Medicine ৰ তথ্যত৷

National Library of Medicineৰ এক তথ্যত কোৱা হৈছে, ‘Mechanisms like vaccine-induced thrombotic thrombocytopenia and myocarditis complication have been identified in the literature linking myocardial infarction with coronavirus disease 2019 (COVID-19) vaccination. The majority of myocardial infarction cases reported were after vaccination with the vaccine from AstraZeneca, were ST-segment elevation, and were reported after first dose of vaccine.’

আনহাতে চৰকাৰী তথ্যত এন্দ্ৰিয়াচৰ মৃত্যু সন্দর্ভত কোৱা হৈছে যে ৰক্তচাপৰ ঔষধ নিয়মিতভাৱে গ্ৰহণ কৰা নাছিল এন্দ্ৰিয়াছে৷ কিন্তু প্ৰশ্ন উত্থাপন হ’ব,ৰক্তচাপত ভুগি থকা এজন ব্যক্তিৰ সম্পূর্ণ পৰীক্ষণ অবিহনে কিয় দিয়া হৈছিল ভেকচিন? যদি এন্দ্ৰিয়াচ ৰক্তচাপত ভুগি আছিল আৰু যদি তাৰবাবেই এন্দ্ৰিয়াছৰ মৃত্যু হৈছে, তেন্তে পৰবর্তী সময়ত ৰক্তচাপত ভুগি থকা ব্যক্তিৰ ক্ষেত্ৰত ভেকচিন প্ৰদানত নিষেধাজ্ঞা অথবা অন্য পদক্ষেপ গ্ৰহন কৰা হ’লনে? ভেকচিন প্ৰদানৰ পূর্বে প্ৰতি গৰাকী ব্যক্তিৰ ৰক্তচাপৰ পৰীক্ষা কৰা হৈছেনে?

আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অফ মেডিচিনৰ ৱেবচাইটৰ তথ্য অনুসৰি, কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত গুৰুতৰ ‘cardiovascular’  ৰ ঘটনা, যেনে ষ্ট্ৰ’ক অথবা হার্ট এটেকৰ ঘটনা সংঘটিত হৈছে৷ সাধাৰণতে ৭৫ বছৰৰ তলৰ ব্যক্তিৰ ক্ষেত্ৰত অধিকাংশ  এনে ঘটনা সংঘটিত হোৱা দেখা গৈছিল ৷ এই আটাইবোৰ ঘটনাৰ লগত সম্পৰ্ক আছিল Oxford–AstraZeneca ৰ ভেকচিনৰ ৷এই ভেকচিন  গ্ৰহণ কৰাৰ দুসপ্তাহৰ পাছত এনে ঘটনাৰ অধিক আশংকা আছে৷  Pfizer–BioNTech  অথবা Moderna mRNA ভেকচিনৰ লগত এনে ঘটনাৰ কোনো সম্পর্ক নাই৷ এতিয়া প্ৰশ্ন উত্থাপন হ’ব,অসমৰ লখিমপুৰ জিলাৰ এন্দ্ৰিয়াচ বাৰলা নামৰ ২৯ বছৰীয়া  এই যুৱকজনৰ মৃত্যুৰ লগত AstraZenecaৰ ভেকচিনৰ কিবা সম্পৰ্ক আছে নেকি?

 

কোভিডৰ পাছে পাছে মৃত্যুদূত হৈ আহিছিল নেকি ভেকচিন?

৫০ বছৰীয়া অনন্ত হালৈ৷ ২০২১ চনৰ ৬ এপ্ৰিলত গাঁৱৰ আশাকর্মী গৰাকীৰ আহ্বান আৰু পৰামর্শ মর্মে ভেকচিন ল’বলৈ গৈছিল অনন্ত হালৈ৷ অনন্ত হালৈক দিয়া হৈছিল Indian Firm Serum Institute of India ৰ দ্বাৰা প্ৰস্তুত কৰা কোভিশ্বিল্ড ভেকচিন৷দিন হাজিৰা কৰি পৰিয়াল চলোৱা অনন্ত হালৈৰ ভেকচিন গ্ৰহণৰ এদিন পাছতেই মৃত্যু হ’ল৷

                      অনন্ত হালৈ

ওদালগুৰি জিলাৰ কচাৰীসোনৰ শিলপোতা গাঁৱত ঘৰ অনন্ত হালৈৰ৷ পত্নী আৰু দুই পুত্ৰৰে চাৰিজনীয়া সংসাৰ হালৈৰ ৷ তেতিয়া দেশজুৰি ভেকচিনৰ প্ৰতি সৃষ্টি কৰা হৈছিল ব্যাপক সতর্কতা ৷ কোভিড প্ৰতিৰোধৰ বাবে ভেকচিন ল’বলৈ সৃষ্টি কৰা হৈছিল ব্যাপক সতর্কতা ৷ ওদালগুৰিৰ শিলপোতা গাঁৱতো একেই পৰিৱেশ ৷ গাঁৱৰ প্ৰায় সকলো মানুহেই ভেকচিন ল’বলৈ গৈছিল ওচৰৰ কেন্দ্ৰলৈ ৷ তাৰ মাজতে আছিল অনন্ত হালৈ ৷ কিন্তু ভেকচিনৰ পৰা হ’ব পৰা সাম্ভাৱ্য প্ৰতিক্ৰিয়াৰ প্ৰতিও শংকিত আছিল অনন্ত হালৈ৷ অনন্ত হালৈৰ পত্নীয়ে ‘দ্য ক্ৰছকাৰেণ্ট’ক জনোৱা অনুসৰি, ‘‘সিদিনা গাঁৱৰ বহুত মানুহে ভেকচিন ল’বলৈ গৈছিল৷ কিন্তু মই যাবলৈ ওলাইও ৰৈ গৈছিলোঁ ৷ মানুহজনে কৈছিল, আজি মই লৈ আহোঁ ৷ তই বেলেগ এদিন ল’বি ৷ ভেকচিন লোৱাৰ পাছত বহুতৰে জ্বৰ হোৱাৰ কথা শুনিছো ৷ একেলগে দুয়োটা বেমাৰত পৰিলে অসুবিধা হ’ব৷’’ পুৱা চাইকেল চলাই ভেকচিন ল’বলৈ যোৱা অনন্ত হালৈয়ে ১০.৩০ মিনিটত ভেকচিন লৈ ঘৰলৈ চাইকেল চলাইয়ে ঘূৰি আহিছিল৷ ইয়াৰ পাছত দিনটোৰ বাবে ঘৰতেই জিৰণি লৈছিল হালৈয়ে ৷ নিশা আহাৰ গ্ৰহণ কৰি শুবলৈ ওলোৱা হালৈ কিছু  পৰিমাণে মূৰৰ বিষত ভুগিছিল আৰু এবাৰ শৌচালয়লৈ গৈছিল৷ শৌচালয়তেই ঢলি পৰিছিল অনন্ত হালৈ ৷

অনন্ত হালৈৰ পত্নীয়ে কয়- ‘’তেওঁৰ পূর্বতে তেনে কোনো গুৰুতৰ ৰোগ নাছিল ৷ মই পত্নী হিচাপে বছৰ বছৰ ধৰি দেখি আহিছোঁ,তেওঁ নিজৰ ৰোগৰ বাবে কোনোদিন চিকিৎসালয়লৈ যাব লগা হোৱা নাছিল ৷ কিন্তু ৬ এপ্ৰিলত ভেকচিন লৈ অহাৰ পাছত নিশালৈ তেওঁ শৌচাগাৰতেই ঢলি পৰিছিল আৰু তাৰপাছত বহুত বমি কৰিছিল ৷ তেখেতৰ অসুস্থতা বাঢ়ি অহাৰ লগে লগে তেওঁক আমি গাড়ী এখন ভাড়া কৰি ঢেকিয়াজুলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ  লৈ গ’লো ৷ কিন্তু কিছু সময়ৰ পাছতেই চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ লৈ যোৱাৰ পৰামর্শ দিয়ে আৰু সেই অনুসৰিয়েই নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়লত ভর্তি কৰোৱা হয় ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱালৈ উশাহ নিশাহৰ সমস্যা হৈছিল৷ তাতেই অক্সিজেন প্ৰদান কৰি আই চি ইউত ভর্তি কৰোৱা হয় ৷ এনেকৈ প্ৰায় ৭২ ঘণ্টা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ চিকিৎসা চলে আৰু ৮ এপ্ৰিলৰ দুপৰীয়া প্ৰায় ১২ বজাৰ পাছত চিকিৎসকে তেখেতৰ মৃত্যু হোৱা বুলি আমাক অৱগত কৰে৷’’

পৰিয়ালৰ দাবী- পূর্বে কোনো ধৰণৰ ৰোগত ভোগা নাছিল অনন্ত হালৈ৷ নাছিল কোনো শাৰীৰিক অসুস্থতাও৷ তেন্তে কেনেকৈ ভেকচিন লোৱাৰ পাছতেই  মৃত্যু হ’ল অনন্ত হালৈৰ?

 

অনন্ত হালৈৰ মৃত্যুয়ে এৰি যোৱা কিছু প্ৰশ্ন ?

‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনৰ উত্তৰত অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ে Adverse Event Following Immunization চমুকৈ AEFI অৰ্থাৎ  টীকাকৰণৰ পাছত স্বাস্থ্য সম্পর্কীয় জটিলতাত ভোগা  ১৯ গৰাকী ব্যক্তিৰ তথ্য প্ৰদান কৰিছে৷ চিকিৎসা ক্ষেত্ৰত AEFI ৰ অর্থ হৈছে ভেকচিন গ্ৰহণৰ পাছত সৃষ্টি হোৱা স্বাস্থ্য সর্ম্পকীয় জটিলতা৷ অসম চৰকাৰে কোভিড ভেকচিন গ্ৰহণৰ পাছত সংঘটিত ১৯ টা AEFI ৰ ঘটনাৰ তথ্য ‘দ্য ক্ৰছকাৰেণ্ট’ক প্ৰদান কৰিছে৷ ইয়াৰে ১২ গৰাকী ব্যক্তিৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত মৃত্যু হৈছে বুলিও সেই তথ্যত জনোৱা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম আছিল অনন্ত হালৈ ৷ ‘দ্য ক্ৰছকাৰেণ্ট’-এ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি  ২০২১ চনৰ ৬ এপ্ৰিলত কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰা অনন্ত হালৈৰ মৃত্যু হয় ৮ এপ্ৰিলত৷ ভেকচিন গ্ৰহণৰ পাছত অনন্ত হালৈ মূৰৰ বিষত ভুগিছিল আৰু বমি হৈছিল৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ‘দ্য ক্ৰছকাৰেণ্ট’ক দিয়া তথ্যত অনন্ত হালৈৰ মৃত্যুৰ কাৰণ হিচাপে কয় যে অনন্ত হালৈৰ মৃত্যু আৰু ভেকচিন গ্ৰহণ এক কাকতালীয় ঘটনা ৷  এই ৰিপ’ৰ্টত উল্লেখ কৰা হৈছে এইদৰে – The patient had vomiting followed by sadden loss of consciousness. CT scan,Intracerebral hemorrhage with Pneumonitis- Coincidental ৷ কিন্তু অনন্ত হালৈৰ মৃত্যু কেৱল এক কাকতলীয় ঘটনা নে ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্যৰ লগত তুলনা কৰিলে অনন্ত হালৈৰ মৃত্যুৰ লগত সাম্ভাব্য বিশেষ সম্পর্ক দেখা পোৱা যাব কোভিড ভেকচিনৰ৷ আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ  তথ্যত কোৱা হৈছে যে কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত thromboembolismৰ ফলত ষ্ট্ৰক হোৱাৰ ঘটনা এটা গুৰুতৰ বিষয় ৷ সৰল অর্থত thromboembolism হৈছে, ৰক্ত নলীত  ওখ অংশৰ সৃষ্টি হৈ তাৰপৰা এটুকুৰা চিঙি গৈ হাৰ্ট বা মগজুৰ সৰু সৰু নলীকাবোৰ বন্ধ হোৱাৰ প্ৰক্ৰিয়া৷ ইয়াৰ ফলত ৰক্ত প্ৰবাহ বন্ধ হৈ ষ্ট্ৰক সংঘটিত হব পাৰে৷ আমেৰিকাৰ  National Library of Medicine ৰ এক প্ৰতিবেদনত  কোৱা হৈছে এইদৰে  ‘Some rare cases of vaccine-induced CNS diseases have been reported. Particularly, stroke due to thromboembolism after COVID-19 vaccination is a major concern .The mechanism of vaccine-induced thromboembolism is usually the same as that of SARS-CoV-2, which is a hypercoagulable state’৷ অন্যহাতে অসম চৰকাৰে দিয়া তথ্য অনুসৰি, অনন্ত হালৈ Intracerebral hemorrhage ত ভোগা বুলি কোৱা হৈছে৷ সাধাৰণ ভাষাত Intracerebral hemorrhage ৰ অর্থ হ’ল,  মস্তিস্কত ৰক্তক্ষৰণৰ দ্বাৰা ষ্ট্ৰক৷ অর্থাৎ, অনন্ত হালৈৰ শৰীৰত যি জটিলতাই দেখা দিছিল, ঠিক একেই জটিলতাৰ কথা কোৱা হৈছে আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্যত ৷  সেইবাবেই অনন্ত হালৈৰ মৃত্যুৰ সৈতে কোভিড ভেকচিনৰ সাম্ভাব্য সম্পর্কৰ প্ৰশ্ন এতিয়াও থাকি গৈছে ৷

 

ভেকচিন লোৱাৰ পাছতেই অংগ বিকল হ’ল দীপা দেৱীৰ?

লখিমপুৰ জিলাৰ ধলপুৰ শিমলুগুৰিৰ কমলপুৰত ঘৰ ৩৯ বছৰীয়া দীপা দেৱীৰ৷ কমলপুৰ অংগনৱাদী কেন্দ্ৰৰ সহায়িকা দীপা দেবীয়ে ২০২১ চনৰ ৮ ফেব্ৰুৱাৰীত গ্ৰহণ কৰিছিল কোভিডৰ প্ৰথম পালি ভেকচিন৷ দীপা দেৱীক দিয়া হৈছিল কোভিশ্বিল্ড ভেকচিন৷ তাৰপাছতেই ১৮ ফেব্ৰুৱাৰীত মৃত্যু হ’ল দীপা দেৱীৰ৷ কিন্তু পৰিয়ালে আজিও জানিব পৰা নাই,কেনেকৈ কিয় মৃত্যু হ’ল দীপা দেৱীৰ?

                            দীপা দেৱী

 

লখিপমুৰৰ শিমলুগুৰৰ জগন্নাথ গৌতমৰ পত্নী আছিল দীপা দেৱী ৷ দীপা দেৱীৰ পু্ত্ৰ দীপক গৌতমে আমাক এইদৰে জনায় -“২০২২ চনৰ ৮ ফেব্ৰুৱাৰীৰ দুপৰীয়া মাক লৈ গৈছিলো ভেকচিন ল’বলৈ ৷ ভেকচিন লৈ মা ঘৰলৈ অহাৰ সলনি নিজৰ মাকৰ ঘৰলৈ গৈছিল এটা বিশেষ কামত ৷ কিন্তু তালৈ যোৱাৰ পাছতে মাৰ কিছু পৰিমাণে জ্বৰ আৰম্ভ হ’ল ৷ তাৰ পাছদিনা মা বাঘমাৰিৰ নিজা ভায়েকৰ ঘৰলৈ আহিল ৷ তাৰ পাছত মা ঘৰলৈ আহিল ৷ কিন্তু এইবাৰ মাৰ জ্বৰ বেছি হৈ আহিল ৷ মাক লৈ গ’লো শিমলুগুৰিৰ স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ ৷ তাত কিছু ঔষধ দিলে৷ মাই ঘৰলৈ আহি ঔষধ খালে যদিও জ্বৰ নকমিল ৷ ইয়াৰ পাছত মাক লৈ গ’লো ঢলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৷ তাত বেজী আৰু চিলাইন দিলে৷ মাক ঘৰলৈ উভতাই আনিলো যদিও গা ভাল নহ’ল৷ জ্বৰ বেছিকৈ বাঢ়ি গ’ল আৰু মুখৰ এটা অংশ ক’লা পৰিবলৈ আৰম্ভ কৰিলে ৷ আমি এইবাৰ লৈ গ’লো গহপুৰলৈ ৷ তেতিয়ালৈ তেওঁৰ শৰীৰ ইমানেই বেয়া হৈ পৰিছিল যে হাতত বেজী এটা দিবলৈয়ো ঠাই নোহোৱা হৈছিল ৷ তাৰ পৰা মাক কেটেলালৈ নিয়াৰ পৰামর্শ দিলে ৷ এইবাৰ কেটেলা হাস্পতালৰ পৰা জিএমচিএইচ অথবা টিএমচিএইচলৈ লৈ যোৱাৰ পৰামর্শ দিলে ৷ কিন্তু আমি সেইদিনা মাক তেজপুৰ ব্যাপ্টিষ্ট মিছন হাস্পতাললৈ লৈ গ’লো। তাত তেওঁক দুদিন আইচিইউত ৰখা হ’ল যদিও তাতো জ্বৰ ভাল নহ’ল৷ ইয়াৰ পাছত আমি মাক লৈ গ’লো তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ ৷ তাত  আইচিইউত ভর্তি কৰোৱা হ’ল যদিও কিছু সময়ৰ পাছতে তেওঁৰ  মৃত্যু হ’ল ৷”

‘দ্য ক্ৰছকাৰেণ্ট’য়ে  অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা প্ৰতিবেদনত উল্লেখ আছে যে  দীপা দেৱীৰ মৃত্যুৰ লগত কোভিড ভেকচিনৰ সম্পর্ক নাই ৷ চৰকাৰী প্ৰতিবেদনত এইদৰে উল্লেখ কৰা হৈছে -Cause of death could be septicemia with multi organ failure and not related to Covid vaccination. অর্থাৎ চৰকাৰী তথ্যমতে দীপা দেৱীৰ স্বাস্থ্যৰ বহুকেইটা অংগ বিকল হৈ মৃত্যু হৈছিল৷ কিন্তু দীপা দেৱীৰ দেহৰ অংগ কিয় বিকল হ’ল? সেই কথা উল্লেখ নাই চৰকাৰী নথিত ৷ আৰু তেনেকৈয়ে এগৰাকী আত্মীয়ৰ মৃত্যুৰ কাৰণ নজনাকৈ থাকি গ’ল এটা পৰিয়াল ৷

 

ভেকচিন লৈ অসুস্থ হোৱা  কৃষ্ণ শইকীয়াই কি কয় ?

কৃষ্ণ শইকীয়া বৃত্তিত এগৰাকী শিক্ষক ৷ ৪৫ বছৰীয়া কৃষ্ণ শইকীয়াই ২০২১ চনৰ ৫ মার্চত গ্রহণ কৰিছিল প্ৰথম পালিৰ ভেকচিন ৷ লখিমপুৰ অসামৰিক চিকিৎসালয়ত কৃষ্ণ শইকীয়াক প্ৰদান কৰা হৈছিল প্ৰথম পালিৰ কোভিশ্বিল্ড ভেকচিন ৷ ভেকচিন লৈ নিজেই গাড়ী চলাই খাৰকাটি বালিগাঁৱৰ নিজৰ ঘৰলৈ উভতি আহিছিল কৃষ্ণ শইকীয়া ৷ ঘৰলৈ আহি কিছু সময় বিচনাত বিশ্ৰাম লোৱাৰ পাছত লাহে লাহে অসুস্থ হৈ আহিল কৃষ্ণ শইকীয়া ৷ -“প্ৰথমে মই বমি কৰিছিলোঁ ৷ তেজ বমি হৈছিল ৷ পাছলৈ শৌচ আৰম্ভ হ’ল ৷ বমি আৰু শৌচ বেছি হৈ আহিছিল ৷ বহুত তেজ দেহৰ পৰা ওলাই গৈছিল ৷ তেতিয়া নিশা প্ৰায় ১১ বাজি গৈছিল । ভেকচিন লোৱাৰ পাছত আমাক দি পঠোৱা পত্ৰত এটা ফোন নম্বৰ দিছিল যদিও মই নিশা বেছি হ’ল বুলিয়েই ফোন নকৰিলো ৷ কিন্তু পাছদিনা পুৱাও গা ভাল নাপাই মই তাত দিয়া ফোন নম্বৰটোলৈ ফোন কৰিলো ৷ যদিও তেওঁলোক মোৰ ওচৰলৈ নিজেই আহিব লাগিছিল, তেওঁলোকে মোকহে চিকিৎসালয়লৈ মাতি পঠালে৷ মই লখিমপুৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিলোগৈ আৰু তিনিদিনৰ বাবে তাত ভর্তি হৈছিলো ৷’’

‘দ্য ক্ৰছকাৰেণ্ট’ক স্বাস্থ্যবিভাগে দিয়া নথিত উল্লেখ কৰা হৈছে,যে কৃষ্ণ শইকীয়াৰ দেহত দেখা দিয়া জটিলতাৰ লগত কোভিড ভেকচিনৰ কোনো সম্পর্ক নাই ৷ কিন্তু আমাক কৃষ্ণ শইকীয়াই কয় ‘‘মই চিকিৎসকক এই বিষয়ত সুধিছিলো৷ তেওঁলোকে ক’লে যে ভেকচিন লোৱাৰ পাছত কেতিয়াবা এনে হৈ যায় ৷ ইয়াতকৈয়ো ডাঙৰ দুর্ঘটনা ঘটি যায় ৷’’ লক্ষণীয়ভাৱে তিনিদিনৰ চিকিৎসাৰ অন্তত ঘৰলৈ ঘূৰি অহাৰ পাছদিনাই কৃষ্ণ শইকীয়াই লাভ কৰিছিল এখন চিঠি ৷ সেয়া আছিল নির্বাচনী দায়িত্ব পালনৰ নির্দেশনা ৷ এই ঘটনাই ভেকচিন গ্ৰহণ কৰি ক্ষতিৰ সন্মুখীন হোৱা সকলৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ দায়বদ্ধতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে৷

 

প্ৰথম পালি ভেকচিন আৰু মুনমীৰ চিকিৎসাত ৫ লাখ টকা ব্যয়

কামৰূপ  জিলাৰ ছয়গাঁৱৰ ১৫ বছৰীয়া মুনমী দাস (অভিভাৱকৰ পৰামর্শ মর্মে নাম সলনি কৰা হৈছে)৷ ২০২২ চনৰ ১২ ফেব্ৰুৱাৰীত প্ৰথম পালিৰ কোভাক্সিন ভেকচিন গ্ৰহণ কৰিছিল মুনমীয়ে৷ ভেকচিন লোৱাৰ পাছত, দুদিন তিনিদিনলৈ ঠিকেই আছিল মুনমী ৷ কিন্তু প্ৰায় এসপ্তাহৰ পাছৰ পৰা সোঁহাত আৰু সোঁ ভৰি দুখন ক্ৰমাৎ অকামিলা হৈ আহিছিল ৷ সোঁ হাতেৰে লিখিব নোৱাৰা হৈ আহিছিল, সোঁ ভৰিখন দাঙিব নোৱাৰা হৈছিল আৰু ফুলি গৈছিল ৷ প্ৰথমে অভিভাৱকে ছয়গাঁৱৰ স্থানীয় চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল মুনমীক ৷ কিন্তু চিকিৎসকে গুৱাহাটীলৈ নি চিকিৎসা কৰোৱাৰ পৰামর্শ দিলে ৷ ভেকচিন গ্ৰহণৰ ঠিক দহদিন পাছত মুনমীক ভর্তি কৰোৱা হ’ল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ৷ মুনমীৰ পিতৃ প্ৰবীণ দাসে টেলিফোনিক বার্তালাপত আমাক কয়,- ”অলপৰ বাবে প্ৰাণ ৰক্ষা পৰিল মুনমীৰ ৷ প্ৰায় পেৰালাইছিছ হোৱাৰ পৰা বাচি আহিল তাই ৷ তাইক ভেকচিন দিওতে ভুল হ’ল ৷ নেমকেয়াৰত ৬ দিন ধৰি চিকিৎসা চলিল মুনমীৰ ৷ এটা এটা বেজীৰ দাম ৩৮ হাজাৰ টকা ৷ তেনেকুৱা ৫ টা বেজী দিব লগা হৈছিল মুনমীক ৷’’

নেমকেয়াৰত চিকিৎসাৰ পাছত নিয়মিত থেৰাপিৰ প্ৰয়োজন হৈছিল মুনমীক ৷ দহ মাহ তাইক থেৰাপিৰ প্ৰয়োজন হৈছিল ৷ পিতৃয়ে জনোৱা মতে,সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াত ব্যয় হৈছিল ৫ লাখৰো অধিক টকা ৷ আনকি মুনমীৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰা ১ লাখ ৮২ হাজাৰ টকাৰ সাহার্য পোৱা বুলিও অৱগত কৰিছে মুনমীৰ পিতৃয়ে ৷

মুনমীৰ এই স্বাস্থ্য সম্পর্কীয় জটিলতাৰ সুদীর্ঘ দিনৰ পাছত ২০২২ চনৰ ১৯ ডিচেম্বৰত ‘দ্য ক্ৰছকাৰেণ্ট’-এ অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ৰ পৰা লাভ কৰে এই ঘটনা সন্দৰ্ভত চৰকাৰী  তথ্য ৷ এই তথ্যত মুনমীৰ দেহত দেখা দিয়া জটিলতা সন্দর্ভত কোৱা হৈছে, ‘Vaccine product related reaction’৷ লক্ষণীয়ভাৱে প্ৰথম পালিৰ ভেকচিন লৈ জটিলতাত ভোগা মুনমীয়ে ন’ললে দ্বিতীয় পালি ভেকচিন ৷

 

কোভিড ভেকচিন লৈ আৰু কাৰ কি হ’ল ?

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবচাইটৰ তথ্য অনুসৰি, ২০২৩ চনৰ ২২ জুন পর্যন্ত অসমত সর্বমুঠ ৫০,৩৩৫,৭৭৮ পালি কোভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ‘দ্য ক্ৰছকাৰেণ্ট’ক প্ৰদান কৰা AEFI Status During Covid -19 Vaccinationৰ তালিকাত প্ৰদান কৰা হৈছে ১৯ গৰাকী ব্যক্তিৰ তথ্য ৷ ইয়াৰে ১২ গৰাকীৰ মৃত্যু হৈছে আৰু বাকী কেইজনৰ চিকিৎসাৰ অন্তত সুস্থ হৈছে ৷ কিন্তু ইয়াৰ বাবে বহুতৰে দীর্ঘকালীন চিকিৎসাৰ প্ৰয়োজন হৈছিল ৷ আনহাতে মৃত্যৰ কাৰক সন্দর্ভত স্বাস্থ্য বিভাগে তেনে কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাই ৷ যাৰ ভিত্তিত ক’ব পৰা যাব যে এই মৃত্যুৰ বাবে জগৰীয়া কোভিড ভেকচিন ৷ কোভিড ভেকচিন গ্ৰহণৰ পাছতেই স্বাস্থ্যৰ জটিলতাত ভুগি মৃত্যু হোৱা ৰোগীৰ ক্ষেত্ৰত একেবোৰ  লক্ষণ আৰু জটিলতাৰ কথা বৰ্ণনা কৰা হৈছে ৷ কিন্তু সেই জটিলতা কেনেকৈ সৃষ্টি হ’ল তাৰ পুংখনাপুংখ বাখ্যা নাই স্বাস্থ্য বিভাগৰ নথিত ৷

বৰপেটা জিলাৰ ২৯ বছৰীয়া যুৱক দীপজ্যোতি তালুকদাৰে  ২০২১ চনৰ ৩০ মার্চত গ্ৰহণ কৰিছিল কোভাক্সিন ভেকচিন ৷ যুৱকজনৰ  সেইদিনাই মৃত্যু হৈছিল ৷  একেদৰে গোৱালপাৰাৰ ৪৫ বছৰীয়া কিশোৰ চৌধুৰীৰ  মৃত্যুৰ লগত কোভিড ভেকচিনৰ সম্পর্ক নাই বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে ৷ আনহাতে ডিব্ৰুগড়ৰ এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে কোভিশ্বিল্ডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছিল ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত ৷ ভেকচিন গ্ৰহণৰ পাছত যুৱতী গৰাকী জ্বৰত আক্ৰান্ত হৈছিল ৷ ভেকচিন লোৱা স্থানত বিষতো ভুগিছিল যুৱতী গৰাকী ৷ লক্ষণীয়ভাৱে যুৱতীগৰাকীৰ মুখ ফুলি যোৱা বুলি উল্লেখ কৰা হৈছে স্বাস্থ্য বিভাগৰ তথ্যত ৷ ইয়াৰ পাছতে যুৱতী গৰাকীক ভর্তি কৰিবলগীয়া হৈছিল চিকিৎসালয়ত ৷ চৰকাৰী তথ্যত এই জটিলতাৰ কাৰণ হিচাপে ভেকচিনৰ সম্পর্ক থাকিব পাৰে বুলি উল্লেখ কৰা হৈছে ৷ চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে, could be due to vaccine related.

একেদৰে হাইলাকান্দিৰ এগৰাকী ৬৩ বছৰীয়া মহিলা জমিলা বিবি বৰভূঞাই  ২০২১ চনৰ ২৬ মার্চত গ্ৰহণ কৰিছিল কোভিশ্বিল্ডৰ প্ৰথম পালি ভেকচিন ৷ এই মহিলাগৰাকীৰ মৃত্যু হৈছিল ভেকচিন গ্ৰহণৰ পাছৰটো দিনতেই৷ চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে, যে মহিলাগৰাকীৰ মৃত্যু অথবা স্বাস্থ্যৰ জটিলতাৰ কাৰণ কোভিড ভেকচিনৰ লগত সম্পর্কিত হ’বও পাৰে নহ’বও পাৰে ৷

একেদৰে ওদালগুৰিৰ এগৰাকী ২১ বছৰীয়া মহিলা পিঞ্জিৰা খাতুনৰ ভেকচিন গ্ৰহণৰ কিছুদিন পাছতেই মৃত্যু হৈছিল৷ চৰকাৰী তথ্য অনুসৰি, কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰা মহিলাগৰাকীৰ কিডনী ক্ষতিগ্ৰস্থ হৈছিল৷ কিন্তু কিডনীৰ ক্ষতিৰ কাৰণ কি আছিল, সেই কথা চৰকাৰী নথিত উল্লেখ নাই৷ ঠিক একেদৰে কোকৰাঝাৰৰ ৫৩ বছৰীয়া এগৰাকী মহিলাই ২০২১ চনৰ ১০ অক্টোবৰত গ্ৰহণ কৰিছিল কোভিশ্বিল্ডৰ প্ৰথম পালি ভেকচিন৷ ভেকচিন গ্ৰহণৰ পাছত এইগৰাকী মহিলাৰ মৃত্যু হৈছিল৷ মৃত্যৰ কাৰণ কি আছিল সেয়া চৰকাৰী নথিত উল্লেখ নাই৷ ইয়াক চৰকাৰী নথিত কাকতলীয় বুলি কোৱা হৈছে৷ চৰকাৰী নথিত উল্লেখ্য আছে যে,মহিলাগৰাকীয়ে উশাহ-নিশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল ৷ কিন্তু কিয় এই সমস্যাৰ সৃষ্টি হৈছিল? সেই কথাও উল্লেখ নাই চৰকাৰী নথিত৷একেদৰে শোণিতপুৰৰ ৫১ বছৰীয়া এগৰাকী ব্যক্তিয়ে ২০২১ চনৰ ১১ জুলাইত গ্ৰহণ কৰিছিল কোভাক্সিনৰ প্ৰথম পালি ভেকচিন৷ ১২ জুলাইত মৃত্যু হ’ল ব্যক্তিজনৰ ৷ চৰকাৰী তথ্য অনুসৰি,বুকুৰ পোৰণি আৰু তেজবমিৰ সন্মুখীন হৈছিল ব্যক্তিজন ৷ কিন্তু ইয়াৰ কাৰণ কি, সেই কথাও উল্লেখ নাই চৰকাৰী নথিত ৷

চৰকাৰী প্ৰতিবেদনত পোনপটীয়াকৈ ভেকচিনৰ লগত এনে মৃত্যু বা অসুস্থতাৰ কোনো প্ৰত্যক্ষ সম্পৰ্কৰ কথা উল্লেখ কৰা হোৱা নাই ৷ কিন্তু এইসকল ব্যক্তি ভেকচিন গ্ৰহণৰ পাছত একেই প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল ৷ বিভিন্ন প্ৰতিক্ৰিয়াত আক্ৰান্ত ব্যক্তি আৰু মৃত ব্যক্তিৰ পৰিয়ালৰ লগত কৰা বাৰ্তালাপে এটা কথা তুলি ধৰে যে বহু ব্যক্তি ভেকচিন লোৱাৰ পূৰ্বে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা নাছিল ৷ ভেকচিন লোৱাৰ পাছতহে তেওঁলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু কোনো কোনোৰ অকাল মৃত্যুও হৈছিল ৷

 

কোভিড ভেকচিনৰ পৰা কিয় গা এৰা দিছে চৰকাৰে ?

২০২১ চনৰ মে’ মাহত ইংলেণ্ডৰ চৰকাৰে বিকল্প ভেকচিন মজুত থাকিলে ৩৯ বছৰৰ তলৰ ব্যক্তিক কোভিশ্বিল্ড ভেকচিন নিদিবলৈ পৰামর্শ প্ৰদান কৰিছিল ৷ কিন্তু অসম তথা ভাৰতত একপ্ৰকাৰে সকলোকে ভেকচিন ল’বলৈ বাধ্য কৰোৱা হৈছিল ৷ অসমত আনকি ভেকচিন নোলোৱা ব্যক্তিক চৰকাৰী উদ্যোগত সামাজিকভাৱে বয়কট কৰা হৈছিল ৷ অথচ ভেকচিন ল’বলৈ চৰকাৰে বাধ্য কৰোৱা নাছিল বুলি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে ৷

২০২২ চনৰ ২ নবেম্বৰত ৰাষ্ট্ৰীয় সংবাদ পর্টেল Scroll.in ত প্ৰকাশ পাইছিল এক বিশেষ প্ৰতিবেদন ৷ এই প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, কোভিড ভেকচিন লোৱাৰ ফলত মৃত্যুমুখত পৰা লোকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল হায়দৰাবাদৰ বেনুগোপাল গোবিন্দ নামৰ এজন বক্তি ৷ তেওঁৰ কন্যাৰো মৃত্যু হৈছিল কোভিড ভেকচিন লোৱাৰ পাছত ৷ হায়দৰাবাদৰ ৰিথাইকা শ্ৰী অ’মত্ৰী নামৰ ১৮ বছৰীয়া যুৱতীগৰাকীয়ে ২০২১ চনৰ মে’ মাহত গ্ৰহণ কৰিছিল কোভিডৰ প্ৰথম পালি ভেকচিন৷ ইয়াৰ পাছতেই ব্যাপক অসুস্থাত ভুগিছিল যুৱতী গৰাকী ৷ ভেকচিন গ্ৰহণৰ দুটা সপ্তাহৰ পাছতেই অ’মত্ৰীৰ মৃত্যু হৈছিল ৷ অ’মত্ৰীৰ মৃত্যৰ কাৰণ বিচাৰি বাৰে বাৰে তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লৈছিল পৰিয়ালে ৷ অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে পৰিয়ালটোক অৱগত কৰে যে, ভেকচিন সর্ম্পকীয় প্ৰতিক্ৰিয়াত ভুগিছিল অমিত্ৰী ৷ পৰৱর্তী সময়ত অমিত্ৰীৰ পৰিয়াল দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়ৰ ৷ অন্যহাতে হাইদৰাবাদৰে বেনুগোপাল গোবিন্দ নামৰ এগৰাকী ব্যক্তিৰ ২০ বছৰীয়া কন্যাই কোভিড ভেকচিন গ্ৰহণ কৰিছিল ২০২১ চনৰ জুলাই মাহত ৷ ইয়াৰ এমাহৰ পাছতেই মৃত্যু হৈছিল বেনুগোপালৰ কন্যাৰ ৷ অমিত্ৰীৰ পৰিয়ালৰ সৈতে আদালতত  আবেদন দাখিল কৰি বেনুগোপাল গোবিন্দে নিজৰ কন্যাৰ মৃত্যুৰ তদন্তৰ বাবে এখন মেডিকেল ব’র্ড গঠন কৰাৰ উপৰিও ক্ষতিপূৰণ দাবী কৰে৷ সেই আবেদনৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নির্দেশ দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰি কয় যে,কোভিড ভেকচিন লোৱাৰ পাছত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপুৰণ নিদিয়ে ভাৰত চৰকাৰে

‘দ্য ক্ৰছকাৰেণ্টে’ বেনুগোপাল গোবিন্দৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিছিল৷ ভাৰতত এই সম্পর্কীয় ঘটনাৰ পর্যাপ্ত গৱেষণা নহয় বুলি মন্তব্য কৰিছে বেনুগোপাল গোবিন্দে৷ যাৰবাবে একো একোজন ব্যক্তিৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি,তাৰ তথ্যৰ পৰা বঞ্চিত হৈ ৰ’ব লগা হ’ল ভুক্তভোগী পৰিয়াল৷

ইফালে, ২০২৩ চনৰ ১৬ জানুৱাৰীত সংবাদ মাধ্যমলৈ আহিল এটা বিশেষ খবৰ৷ সেয়া হৈছে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া ৷ সংবাদ প্ৰতিষ্ঠান The Weather Channel ৰ বাতৰি অনুসৰি, তথ্য জনাৰ অধিকাৰ আইনৰ এক  আবেদনৰ উত্তৰত Indian Council of Medical Research  আৰু Central Drugs Standard Control Organisation য়ে প্ৰকাশ কৰিলে, যে ভাৰতত প্ৰদান কৰা কোভিড ভেকচিনৰ পার্শ্বক্ৰিয়া আছে ৷ হৰ্স্বকালীন আৰু দীর্ঘকালীন পার্শ্বক্ৰিয়াৰ তালিকাত সোমাই আছে,মূৰৰ বিষ,হাড়ৰ জোৰাৰ বিষ বা দুর্বলতাৰ পৰা আৰম্ভ কৰি চকুৰ দৃষ্টি শক্তি ধূসৰ হোৱা অথবা মানসিক ভাৰসাম্যতাত পৰা প্ৰভাৱ, বিষণ্ণতা ইত্যাদি ৷ অৱশ্যে ভাৰত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰালয়ে এই কথা নাকচ কৰিছে ৷ আৰটিআইৰ আবেদনৰ উত্তৰৰ ভিত্তিত যুগুত কৰা বাতৰিটো ভুলকৈ উপস্থাপন কৰা বুলি দাবী ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৷ কিন্তু প্ৰশ্ন উত্থাপন হ’বই, কিয় ভেকচিনৰ দায়িত্বৰ পৰা গা এৰা দিব বিচাৰিছে চৰকাৰে? কোভিড ভেকচিনক লৈ সফলতাৰ জয়গান গোৱা কেন্দ্ৰীয় চৰকাৰে এফালে কোনো ব্যক্তিক ভেকচিন ল’বলৈ চৰকাৰে বাধ্য কৰোৱা নাছিল বুলি মন্তব্য কৰিছে , আনহাতে আই চি এম আৰৰ তথ্যকো অস্বীকাৰ কৰিছে ৷ যিসময়ত বিশ্বৰ বিভিন্ন দেশে কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ পুংখানুপুংখ অধ্যয়ন কৰিছে , সেই সময়ত ভাৰত চৰকাৰে একপ্ৰকাৰ বিষয়টোৰ পৰাই গা এৰা দিয়াৰ কৌশল হাতত লৈছে ৷

 

ভুক্তভোগীৰ পৰিয়ালে কি কয় ?

“এন্দ্ৰিয়াছৰ পূর্বতে কোনো বেমাৰ নাছিল ৷ সি আছিল সুস্থ সবল৷ তাৰ বহুত কাম কৰিব পৰা শক্তি আছিল ৷ কিন্তু ভেকচিন লোৱাৰ পাছতেই তাৰ মৃত্যু হ’ল ৷ নিশ্চয় ভেকচিনৰেই কিবা সমস্যা থাকিব ৷ আজিকালি মইয়ো অনুভৱ কৰোঁ, ভেকচিন লোৱাৰ পাছত মই আগৰ দৰে সবল হৈ থকা নাই ৷ আগতে মইও বহুত কাম কৰিব পাৰিছিলো ৷ আজিকালি অলপ কাম কৰিলেই ভাগৰ লাগে ৷ পূর্বতে মই পুৱাতেই পথাৰত কাম কৰিবলৈ যাওঁ আৰু আবেলি ৫ বজালৈকে কাম কৰোঁ ৷ আজিকালি মোৰ ১১ বজাতেই ভাগৰ লাগে ।” এন্দ্ৰিয়াছৰ মৃত্যু সন্দর্ভত এই ভাষ্য কণিষ্ঠ ভাতৃ ৰামনুজ বাৰলাৰ ৷ আনহাতে তেওঁলোকৰ বাবে ভেকচিন একপ্ৰকাৰে বাধ্য আছিল বুলিও দাবী কৰে এন্দ্ৰিয়াছৰ ভাতৃয়ে ৷ তেওঁ কয়-“ভেকচিন ন’ললে আমাক বাগানত কাম কৰিবলৈ নিদিব বুলি কৈছিল ৷ বাগানত কাম কৰিবলৈ ভেকচিন লোৱা প্ৰমাণ পত্ৰ লাগিব বুলি কৈছিল ৷ বাগানত তেতিয়া কৈ দিয়া হৈছিল, ভেকচিন নল’লে কাম দিয়া নহ’ব বাগানত৷ ভেকচিন লৈয়ো মানুহ মৰিছে, যি ভেকচিনে মানুহ মাৰিছে, সেই ভেকচিন দি কি লাভ? মোৰ মতে যাক দৰকাৰ তাকহে ভেকচিন দিব লাগে ৷ জোৰ জৱৰদস্তি কৰি ভেকচিন দিব নালাগে ৷’’

এন্দ্ৰিয়াছ বিবাহিত আছিল ৷ মৃত্যুৰ সময়ত পিতৃ -মাতৃ,দুই ভাতৃ আৰু পত্নীৰ উপৰিও এন্দ্ৰিয়াছে এৰি গৈছে এজনী এক বছৰীয়া কন্যা সন্তান ৷ এন্দ্ৰিয়াছৰ মৃত্যুৰ পাছত মনৰ দুখত কন্যা সন্তানটিক লৈ দেউতাকৰ ঘৰলৈ উভতি গৈছে পত্নী ৷ এন্দ্ৰিয়াছৰ মাতৃৰ অভিযোগ, এবছৰীয়া ছোৱালীজনীৰ বাবে হ’লেও কিবা এটা সাহায্যৰ প্ৰয়োজন আছিল৷ কিন্তু আজিলৈকে একো এটা ক্ষতিপূৰণ দিয়া নাই চৰকাৰে৷

ভেকচিন লোৱাৰ পাছত মৃত্যুমুখত পৰা লখিমপুৰৰ দীপা দেৱীৰ পুত্ৰ  দীপক গৌতমে কয়-‘‘ সেই সময়ত সকলো চৰকাৰী কর্মচাৰীক ভেকচিন ল’বলৈ বাধ্য কৰোৱা হৈছিল ৷ ভেকচিন লোৱাৰ পাছতেই মাৰ মৃত্যু হ’ল ৷ কিন্তু আজিলৈকে আমি জানিব নোৱাৰিলো মাৰ মৃত্যু কিয় হ’ল ৷ আমাক মাত্ৰ জনোৱা হ’ল যে দেহৰ কেইবাটাও অংগ বিকল হৈ মাৰ মৃত্যু হ’ল ৷’’ কোভিড ভেকচিন লোৱাৰ পাছত মাকক হেৰুৱাবলগীয়া হোৱা দীপক গৌতমে আমাক কয়- ‘’ভেকচিন ল’ব লাগে, কিন্তু বাধ্যতামূলক হ’ব নালাগে৷ যাক প্ৰয়োজন তাকহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে৷’’

 

ভেকচিন নে ভিলেইন? কিয় সৃষ্টি কৰা হৈছে বিভ্ৰান্তি?

কোভিড ভেকচিন গ্ৰহণৰ পাছত  বহু ব্যক্তিৰ দেহত দেখা গৈছিল বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অথবা স্বাস্থ্যৰ জটিলতা ৷ কোনোবা তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল ৷ কাৰোবাৰ ক্ষেত্ৰত তেজ বমি, কাৰোবাৰ ক্ষেত্ৰত মূর্চ্চা যোৱা আদি দেখা গৈছিল ৷ আনকি ভেকচিন লোৱাৰ পাছত মৃত্যু পর্যন্ত হৈছিল ৷ সাধাৰণতে ভেকচিন গ্ৰহণৰ পাছত ব্যক্তি এজনৰ দেহত দেখা দিয়া এনে স্বাস্থ্যৰ জটিলতাক কোৱা হয় Adverse Event Following Immunization চমুকৈ AEFI, যাৰ কাৰণ ভেকচিন নহ’বও পাৰে৷ ভেকচিন লোৱাৰ পাছত সৃষ্টি হোৱা স্বাস্থ্যৰ এনে জটিলতা বা  AEFI  ঘটনাৰ  Causality assessment ৰ বাবে ভাৰত চৰকাৰে গঠন কৰিছিল বিশেষজ্ঞ সমিতি৷ এই সমিতিৰ Causality assessment ৰ ফলাফল ৰাষ্ট্ৰীয় AEFI সমিতিৰ বৈঠকত আলোচনাৰ পাছত অনুমোদন জনোৱা হৈছিল ৷ এনে ঘটনাৰ Causality assessmentৰ পাছত ফলাফল সমূহ ২০২১ চনৰ পৰাই  ধাৰাবাহিকভাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজহুৱা কৰি আহিছে ৷ উদাহৰণ স্বৰূপে শেহতীয়াকৈ ২০২২ চনৰ ১৭ মে’ত স্বাস্থ্য মন্ত্ৰালয়ে মুকলি কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২৫৪ টা AEFI ঘটনাৰ Causality assessmentৰ পাছত দেখা গ’ল যে ৭৮ টা ঘটনা ধাৰাবাহিকভাবে ভেকচিন গ্ৰহনৰ লগত সম্পর্কিত ( তথা consistent causal association to immunization) ৷ ইয়াৰে ৩১ টা ঘটনা ভেকচিনৰ সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়া( vaccine product-related reaction), যাৰ ভিতৰত দুজনৰ মৃত্যু হৈছিল ৷

২০২৩ চনৰ ৬ ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰা ২০ খন প্ৰতিবেদনত মুঠ ২৫৮১ টা AEFI ঘটনাৰ Causality assessmentৰ ফলাফল দ্য ক্ৰছকাৰেণ্টে পর্যবেক্ষণ কৰিছে ৷ এই তথ্য মতে, ২,৫৮১ টা ঘটনাৰ ভিতৰত ৭৩৫ টা ঘটনা  ধাৰাবাহিকভাৱে ভেকচিন গ্ৰহণৰ লগত সম্পর্কিত (consistent causal association to immunization) ৷ এই ৭৩৫ টা ঘটনাৰ ভিতৰত ৩৮৯ টা  ঘটনা আছিল কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়া বা vaccine product-related reaction ৷  কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়াত ভোগাসকলৰ  ২২ গৰাকীৰ মৃত্যুও হৈছিল ৷কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ এই তথ্যৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত ভাৰত চৰকাৰে জনাইছে,যে কোভিড ভেকচিন গ্ৰহণৰ পাছত মৃত্যু হোৱা লোকক চৰকাৰে ক্ষতিপূৰণ নিদিয়ে ৷ ভেকচিন বাধ্যতামূলক নাছিল ৷ কিন্তু সাধাৰণ জনতাই ভেকচিন ল’বলৈ কিদৰে বাধ্য হৈ পৰিছিল সেয়া সর্বজনবিদিত ৷ অসমত ভেকচিন নোলোৱা ব্যক্তিক শ্বপিং মল আদি ৰাজহুৱা স্থানত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ৷ আনফালে দুটাকৈ চৰকাৰী প্ৰতিষ্ঠানৰ আৰটিআই উত্তৰৰ বিপৰীতে, ভাৰত চৰকাৰে দাবী কৰিছে যে, কোভিড ভেকচিনৰ পার্শ্বক্ৰিয়া নাই ৷ কিন্তু একে সময়তে ভাৰত চৰকাৰৰ প্ৰতিবেদনতেই ভেকচিন সম্পর্কীয় প্ৰতিক্ৰিয়াত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰো তথ্য পোহৰলৈ আহিছে ৷ এনে এক প্ৰেক্ষাপটত সমগ্ৰ ঘটনাক এক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়া হৈছে৷ যাৰ বাবে বহু পৰিয়ালে গম নাপালে যে,তেওঁলোকৰ আত্মীয় এজনৰ কেনকৈ মৃত্যু হ’ল৷ কিছুয়ে দাবীও কৰিছে যে কোভিড ভেকচিন লোৱাৰ বাবেই তেওঁলোকৰ আত্মীয়ৰ মৃত্যু হ’ল৷ তেওঁলোকৰ বহুতেই এই কথাও জনাইছে যে একপ্ৰকাৰে ভেকচিন তেওঁলোকৰ বাবে বাধ্যতামূলক হৈ পৰিছিল ৷ কিন্তু তেনে কোনো পৰিয়ালক ক্ষতিপূৰণ নিদিয়ে বুলি স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে৷  এতিয়া আদালতত প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ স্বীকাৰোক্তিৰ পাছত ভাৰত চৰকাৰৰ স্থিতি কি হয়, সেয়া লক্ষণীয় হ’ব৷

Comments (0)
Add Comment