উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ সূচনাৰ দিনটোতেই জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বৰাষ্ট্র প্ৰতিমন্ত্রী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষৰ জামিন মঞ্জুৰ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে ।
বিগত বৰ্ষৰ ৩ অক্টোবৰ তাৰিখে আশিসৰ গাড়ীৰ খুন্দাত চাৰিজন প্ৰতিবাদকাৰী কৃষক আৰু এজন সাংবাদিকৰ মৃত্যু হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পৰৱৰ্তী সময়ত হিংসাত্মক পৰিস্থিতিত প্ৰাণ যায় আন চাৰিজন লোকৰ। অৱশ্যে অভিযুক্তৰ পিতৃ মন্ত্ৰী অজয় মিশ্ৰ টেনিয়ে উক্ত ঘটনাৰ সময়ত গাড়ীত পুত্ৰ আশীষ নাছিল বুলি জনাইছিল। আনহাতে এই ঘটনাত আশীষ আৰু তেওঁৰ বন্ধু অংকিতৰ বিৰুদ্ধে আন্দোলনকাৰী কৃষকক লক্ষ্য কৰি গুলিচালনাৰ অভিযোগ উত্থাপন হৈছিল ।
জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে
