কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?

বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু  কোন কোন চামিল হ’ব এই উমৈহতীয়া মঞ্চত ?নেতৃত্ব ল’ব নেকি মমতা বেণাৰ্জীয়ে ?  বুধবাৰে মমতা বেণাৰ্জীয়ে দিয়া এটা ভাষণৰ পাছৰে পৰা এই লৈ ব্যাপক জল্পনা কল্পনা চলিছে ৷

বিজেপিক পৰাভূত কৰি তৃতীয়বাৰৰ বাবে পশ্চিমবংগত শাসনাধিষ্ঠিত  হোৱা বংগৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জীয়ে পোষকতা কৰিছে বিজেপি বিৰোধী এক ঐক্যবদ্ধ শক্তিৰ। বিগত ২১ জুলাইত তেও সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচনত সকলো বিৰোধীকে একত্ৰিত হ’বলৈ আহ্বান জনায়। কলকাতাত তৃণমূল কংগ্ৰেছৰ বাৰ্ষিক শ্বহীদ স্মৰণ সমদলত ভাগ লৈ মমতাই এই ঐক্যবদ্ধ বিৰোধী শক্তিৰ প্ৰসংগ পুনৰবাৰ  উত্থাপন কৰে।

পশ্চিমবংগৰ  ৰাজনীতিত বলিষ্ঠ ভূমিকা পালন কৰাৰ পাছতে মমতা বেনাৰ্জীক  ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি এইদৰে আগ্ৰহী হৈ উঠা দেখা গৈছে । তেওঁ একেসময়তে ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশত দলীয় শক্তি সবল কৰাৰো চেষ্টা অব্যাহত ৰাখিছে। ইফালে , কোভিড সংক্ৰমণৰ ফলত সৃষ্টি হোৱা দেশৰ দুৰাৱস্থা , ইন্ধনৰ মূল্য বৃদ্ধি , কৃষকৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ লগতে  ইজৰাইলত নিৰ্মিত পেগাছাছ স্পাইৱেৰ ব্যৱহাৰৰ প্ৰসংগতো  তেও তীব্ৰ সমালোচনা কৰে কেন্দ্ৰ বিজেপি চৰকাৰক। বুধবাৰে মমতা বেণাৰ্জীয়ে উচ্চতম ন্যায়ালয়ক এই সমগ্ৰ বিষয়ৰ তদন্ত কৰিবলৈ এখন কমিটি গঠন কৰাৰো আহ্বান জনায়।

উল্লেখ্য যে,  শেহতীয়াকৈ শ্বহীদ দিৱসত মমতাই দিয়া ভাষন সম্প্ৰচাৰ হৈছিল গুজৰাট, ত্ৰিপুৰা, দিল্লীকে ধৰি দেশৰ বিভিন্ন স্থানত। এই অনুষ্ঠানত মমতাৰ স্পষ্ট আহ্বান আছিল – বিৰোধীয়ে শীঘ্ৰেই দলীয় মতভেদ ত্যাগ কৰক আৰু ২০২৪ৰ  নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক।

ইয়াৰ  সমান্তৰাল ভাৱে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ প্ৰস্তাৱনা ৰচনা কৰিছে বিৰোধী শিবিৰে।  এন চি পিৰ মুৰব্বী শৰদ পাৱাৰে এই সম্পৰ্কত বিগত ২২ জুনত নিজ বাসগৃহত অনুষ্ঠিত কৰিছিল এখন গুৰুত্বপূৰ্ণ বৈঠকৰ। য’ত উপস্থিত আছিল টি এম চিৰ নেতা যশৱন্ত সিং, মজিদ মেনন, সমাজবাদী পাৰ্টিৰ ঘনশ্যাম তিৱাৰী কে ধৰি বিৰোধীৰ বহু নেতা। ৰাষ্ট্ৰীয় জনতা দল আৰু আম আদমী পাৰ্টিৰ প্ৰতিনিধিও  আমন্ত্ৰিত হৈছিল সেই সভালৈ। বৈঠকত হোৱা আলোচনাৰ  মূল বিষয়বস্তু আছিল তেওঁলোকে তৃতীয় ফ্ৰন্ট গঠন কৰিব নে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব ?

ইফালে , টি এম  চিয়ে জুন মাহত দেশৰ প্ৰসিদ্ধ ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে ৷২০২৬ ৰ ৰাজ্যসভাৰ নিৰ্বাচন এই আলোচনাৰ মূল বিষয়বস্তু আছিল বুলি কোৱা হৈছে যদিও ২০২৪ ৰ লোকসভা নিৰ্বাচনেও বিশেষ স্থান পাইছিল বৈঠকত। কিয়নো বংগৰ ৪২ খন আসন বিজেপি আৰু টি এম চি দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ । ২০১৯ৰ নিৰ্বাচনত ইয়াৰে ২২ খন আসন টি এম চিয়ে লাভ কৰাৰ বিপৰীতে ১৮ খন আসন লাভ কৰিছিল বিজেপিয়ে।

উল্লেখ্য যে, ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ সময়তো তৃতীয় ফ্ৰন্ট গঠনৰ পোষকতা কৰিছিল মমতা বেনাৰ্জীয়ে। কিন্তু বিৰোধী দলসমূহৰ সদ্দিচ্ছাৰ অভাৱতে মোদী বিৰোধী শক্তিশালী মঞ্চ গঠন কৰাটো সম্ভৱ হোৱা নাছিল। সেইবাবে মমতা বেণাৰ্জীয়ে ২১ জুলাইৰ  ভাষণত উল্লেখ কৰে যে, প্ৰথমে কাৰ্ষ প্ৰণালী আৰু পৰিকল্পনা নিৰ্ধাৰণ নকৰাকৈ অন্তিম পৰ্ষায়ত মিত্ৰতা অসম্ভৱ। যদি এতিয়াই সিদ্ধান্ত লোৱা নহয় পিছত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব ।

উল্লেখ্য যে , চলিত মাহৰ শেষৰ ফালে ৩ বা ৪ দিন দিল্লীত কটাব মমতা  বেণাৰ্জীয়ে। বিৰোধী ঐক্য শক্তিশালী কৰাৰ বাবে তেওঁ ছোনীয়া গান্ধী , এন চি পিৰ মূৰব্বী শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ ষাদৱ আৰু আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি বিৰোধী শিবিৰৰ বহু নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

এই সাক্ষাতৰ পাছতে ঐক্যবদ্ধ বিৰোধী শক্তি গঠনৰ প্ৰচেষ্টাই কি ৰূপ লয় , সেয়া বহু পৰিমানে স্পষ্ট হৈ পৰিব ৷

mamtabenerjeethecroscurrentunitedoposition
Comments (0)
Add Comment