ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান কৰিব ৷ ইয়াৰ লগে লগে ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত বিজেপি বিধায়কৰ সংখ্যা ৩৫ ৰ পৰা ৩৩ লৈ হ্ৰাস পালে ৷ তাৰ পূৰ্বেও এগৰাকী বিজেপি বিধায়ক আশীষ দাসে বিজেপি এৰি যোগ দিছিল তৃণমূল কংগ্ৰেছত ৷ ইফালে , ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি ত্ৰিপুৰা বিজেপিত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷ দলটোৰ ভিতৰৰ কন্দল ইমানেই বৃদ্ধি পাইছে যে ২০২৩ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত বিজেপি চৰকাৰৰ পতন ঘটিলেও আচৰিত হ’বলগীয়া একো নাই ৷

#bjp_regin#thecrosscurretCONGRESSindiatripura
Comments (0)
Add Comment