মোদী চৰকাৰৰ আমোলত আক্ষৰিক অৰ্থতেই কঁকাল ভাঙি পৰিছে মধ্যবিত্ত জনতাৰ৷ এহাতে জি এছ টিৰ বব নোৱাৰা বোজা, আনহাতে উপাৰ্জন হ্ৰাস–এই দুয়োটা পাকচক্ৰত পৰি মধ্যবিত্ত জনতা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কেইবাটাও গৱেষণা আৰু সমীক্ষাই এই আশংকাও প্ৰকাশ কৰিছে যে লাহে লাহে বিলুপ্ত হৈ যাব মধ্যবিত্ত শ্ৰেণী৷ ইয়াৰ বিপৰীতে সমাজ প্ৰত্যক্ষভাৱে ধনী আৰু দুখীয়াৰ নামত ভাগ হৈ পৰিব৷ ভাৰতৰ মধ্যবিত্ত সমাজৰ ক্ৰয় ক্ষমতা কিদৰে দ্ৰুতগতিত অৱনমিত হৈছে, সেয়া অট’ম’বাইল খণ্ডৰ দুৰাৱস্থাই প্ৰতিফলিত কৰে । ভাৰতৰ মধ্যবিত্তসকলৰ প্ৰথম সপোনটোৱে হ’ল নিজা গাড়ী এখন ক্ৰয় কৰা৷ মধ্যবিত্তৰ এই আকাংক্ষাই ভাৰতৰ অট’ম’বাইল খণ্ডৰ মেৰুদণ্ড৷ কিন্তু মধ্যবিত্তসকলে নিজাকৈ গাড়ী ক্ৰয় কৰাৰ ক্ষমতাও লাহে লাহে হেৰুৱাই পেলাইছে। যাৰ বাবে বিক্ৰীৰ বাবে সাজু হৈ থকা হাজাৰ হাজাৰ গাড়ী ডিলাৰতেই পৰি ৰৈছে৷ তথ্য অনুসৰি, ২০২৩ চনত ভাৰতত সৰ্বমুঠ গাড়ী বিক্ৰী হৈছিল ১৬.৩৬ লাখ খন৷ ইয়াৰ ভিতৰত দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনো সোমাই আছে৷ কিন্তু ২০২৪ চনৰ ১ ডিচেম্বৰ পৰ্যন্ত ১৩.৮৭ লাখ খন গাড়ীহে বিক্ৰী হৈছে৷ অৰ্থাৎ যান বাহনৰ বিক্ৰী এটা বছৰত ১৫.২৬ শতাংশ হ্ৰাস পালে৷ উল্লেখ নিষ্প্ৰয়োজন যে দুচকীয়া বাহন এখন কিনাৰ ক্ষমতাও ক্ৰমশঃ নোহোৱা হৈ আহিছে৷ যাৰ বাবে ২০২৩ চনত ১১.৯৫ লাখ খন দুচকীয়া বাহন বিক্ৰী হোৱাৰ বিপৰীতে ২০২৪ চনত ৯.৫৬ লাখ খন দুচকীয়া বাহনহে বিক্ৰী হৈছে৷
কেৱল বাহনেই খাদ্য সামগ্ৰীও ক্ৰয় কৰিবলৈ এৰিছে মধ্যবিত্ত জনতাই৷ ভাৰতৰ খাদ্য সামগ্ৰীৰ বজাৰ মধ্যবিত্তৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ কাৰণ, গ্ৰাহকৰ ভিতৰত ৩১ শতাংশই মধ্যবিত্ত শ্ৰেণীত পৰে৷ কিন্তু মধ্যবিত্ত ৰাইজ যে বজাৰলৈ যাবলৈ এৰিছে, সেয়া অকপটে প্ৰকাশ কৰিছে কেইবাটাও আগশাৰীৰ কোম্পানীৰ চি ই অ’য়ে৷ নেচলে ইণ্ডিয়াৰ চি ই অ’ সুৰেশ নাৰায়ননে প্ৰকাশ কৰা অনুসৰি, খাদ্য আৰু অন্যান্য বেভাৰেজ খণ্ডত বিকাশৰ হাৰ সাধৰণতে দুটা অংকত থাকে৷ কিন্তু এতিয়া ১.৫ৰ পৰা ২ শতাংশকৈ এই হাৰ অৱনমিত হৈছে৷ ঠিক একেদৰেই হিন্দুস্তান ইউনিলিভাৰৰ চি ই অ’ ৰোহিত জাৱাই প্ৰকাশ কৰা অনুসৰি , নগৰাঞ্চল, বিশেষকৈ ডাঙৰ চহৰসমূহত দ্ৰুতগতিত বিক্ৰীৰ হাৰ কমিছে৷ ব্ৰিটেনিয়াৰ চেয়াৰমেন বৰুণ বেৰীৰ মতে নগৰাঞ্চলত ঘৰুৱা ব্যয় বৃদ্ধি পাইছে৷ কিন্তু একেসময়তে বৃদ্ধি পোৱা নাই দৰমহা অথবা মজুৰি৷ চহৰসমূহত নিয়মীয়া দৰমহা পোৱা মানুহৰ সংখ্যাও বৃদ্ধি পাইছে৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ বজাৰত পৰিছে৷
খোদ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যই কৈছে যে ভাৰতীয় মানুহৰ জমাধন ভয়াৱহ হাৰত কমিছে আৰু ঘৰে ঘৰে ঋণৰ পৰিমাণ অভাবনীয় হাৰত বৃদ্ধি পাইছে৷ জমাধনৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ ১৮ শতাংশলৈ হ্ৰাস পাইছে৷ যিটো বিগত ৫০ বছৰৰ ভিতৰত আটাইতকৈ কম৷ ইয়াৰ বিপৰীতে ঘৰে ঘৰে বাঢ়ি গৈছে ঋণৰ পৰিমাণ। মুঠ ঘৰুৱা আয়ৰ বিপৰীতে ঋণৰ পৰিমান ৪০ শতাংশলৈ বৃদ্ধি পাইছে৷
পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে কম সময়ৰ ভিতৰত মধ্যবিত্তৰ শ্ৰেণীটোৱে নোহোৱা হৈ যোৱাৰ উপক্ৰম হৈছে৷ বজাৰৰ সমীক্ষা কৰা সংস্থা কানটাৰে ভাৰতৰ গ্ৰাহকক আৰ্থ সামাজিক দৃষ্টিৰ পৰা এ, বি, চি, ডি আৰু ই–এই পাঁচটা ভাগত ভগাইছে। ২০২৪ চনত প্ৰথম দুই শ্ৰেণীৰ গ্ৰাহকৰ সংখ্যা ৪৫.৫ আৰু ৩০.৮ শতাংশ বৃদ্ধি পাইছে৷ একেসময়তে চি, ডি আৰু ই শ্ৰেণীৰ গ্ৰাহকৰ সংখ্যা ৪০.১ শতাংশ হ্ৰাস পাইছে৷ অৰ্থাৎ এটা শ্ৰেণী অধিক ধনী হৈ পৰিছে আৰু মধ্যবিত্ত সকল ক্ৰমাৎ দুখীয়া শ্ৰেণীলৈ অৱনমিত হৈছে৷
কিন্তু সেই একেই সময়তে জি এছ টিকে ধৰি অন্যান্য কৰ-জৰিমনাৰ বোজাই কান্ধ কুঁজা কৰি পেলাইছে মধ্যবিত্তসকলৰ৷ অক্সফামৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ভাৰতৰ দুখীয়া ৫০ শতাংশ জনসাধাৰণে নিজৰ উপাৰ্জনৰ ৬.৭ জি এছ টিৰ নামত আদায় দিয়ে৷ আনহাতে , ধনী ১০ শতাংশ লোকে নিজৰ উপাৰ্জনৰ ০.৪ শতাংশহে জি এছ টিৰ নামত আদায় দিয়ে৷ ইফালে, ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে কৰ্পোৰেট কৰ ৩০ ৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰাৰ ফলত ৰাজকোষৰ প্ৰায় ২ লাখ কৌটিৰ লোকচান হয়৷ কিন্তু ২০১৪ৰ পৰা ২০২২ লৈ পেট্ৰ’লৰ আবকাৰী কৰ ১৯৪ শতাংশ আৰু ডিজেলৰ আবকাৰী কৰ ৫১২ শতাংশ বৃদ্ধি কৰা হয়৷ ফলত ৰাজকোষত ২০২০-২১ বৰ্ষত পূৰ্বৰ বছৰতকৈ ১.৫ লাখ কোটিৰ অধিক আবকাৰী কৰ জমা হয়৷
এই বিষময় পৰিস্থিতিত ভাৰতীয় মধ্যবিত্তক ব্যস্ত কৰি ৰখা হৈছে হিন্দু- মুছলমানৰ উন্মাদনাত৷ কোনোবাই যদি মছজিদৰ তলত মন্দিৰক লৈ ব্যস্ত হৈ আছে, আন কোনোবা খ্ৰীষ্টমাছ উদযাপনত বাধা দিয়াত৷ তাৰ মাজে মাজে দেশত বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে মধ্যবিত্ত নামৰ শ্ৰেণীটোৰেই৷ এই কথা মধ্যবিত্তই ভাবিব কেতিয়া?