গৌতম প্ৰতিম গগৈ
পৰিৱেশক ক্ষতি কৰি নির্মাণ কার্য চলোৱাৰ অপৰাধত দণ্ডিত হৈছে বিল্ডাৰ৷ পৰিৱেশৰ ক্ষতি কৰাৰ অপৰাধত বিল্ডাৰক পৰিৱেশ ক্ষতিপূৰণ ভৰিবলৈ নির্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ অসমৰ ইতিহাসত হয়তো প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷
গুৱাহাটীত আইন উলংঘাৰে নির্মাণ আৰু ক্ৰয়- বিক্ৰয় হৈছে- বিলাসী ভিলা-ফ্লেট৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ মাহজোৰা অনুসন্ধানত পোহৰলৈ আহিছে এই সন্দর্ভত এলানি বিস্ফোৰক তথ্য৷ ফ্লেটৰ এনে আইন উলংঘাকাৰী নির্মাণকার্য অথবা ক্ৰয়-বিক্ৰয়ে কেৱল গ্ৰাহককে বিপদত পেলোৱা নাই, আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে নির্মাণ হোৱা এনে অট্টালিকাই পৰিৱেশৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটী চলা পৰিৱেশ সম্পর্কীয় বিধি উলংঘাকাৰী নির্মাণ কার্যই পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই অনাৰ তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷
উত্তৰ গুৱাহাটীৰ অভয়পুৰত নির্মাণ হৈছে বৃহৎ আৱাসিক প্ৰকল্প আর্য স্মার্ট লিভিং৷ ৩০ বিঘাকৈ ভূমিত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই প্ৰকল্পত আছে প্ৰায় ডেৰশ বিলাসী ভিলা৷ আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ নির্মাণকাৰী প্ৰতিষ্ঠানে নির্মাণ কৰা আৱাসিক প্ৰকল্পটোৰ ভিলা বিক্ৰী হৈছে কোটি কোটি টকাত৷ কিন্তু কোটি কোটি টকাৰে ফ্লেট বা ভিলা ক্ৰয় কৰা গ্ৰাহক(আৱাসী) এতিয়া জর্জৰিত হ’বলগীয়া হৈছে কৃত্ৰিম বানকে ধৰি বিভিন্ন অপ্ৰাকৃতিক সমস্যাত৷ একাংশ আৱাসী বা ফ্লেট ক্ৰেতাৰ অভিযোগ মতে, প্ৰকল্পটো ৰূপায়ণৰ সময়ত পালন কৰিবলগীয়া পৰিৱেশ সম্পর্কীয় বিধি উলংঘন কৰাৰ বাবেই এতিয়া এনেধৰণৰ সমস্যাত ভাৰাক্ৰান্ত হ’বলগীয়া হৈছে আর্য স্মার্ট লিভিঙৰ বাসিন্দা৷
সেউজ ন্যায়াধীকৰণত-আর্যৰ ফ্লেট ক্ৰেতাৰ অভিযোগ
উত্তৰ গুৱাহাটীৰ অভয়পুৰত ২৮ বিঘা ভূমিত আর্য স্মার্ট লিভিং নামৰ আৱাসিক প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসমৰ পৰা ২০১৪ চনৰ ২১ জানুৱাৰীত পৰিৱেশ সম্পর্কীয় অনুমতি Environment Clearance Certificate তথা পৰিৱেশীয় অনুমোদন পত্ৰ লাভ কৰিছিল আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে৷ এই অনুমোদন পত্ৰ প্ৰদানৰ সময়তে পৰিৱেশৰ প্ৰতি পৰিব পৰা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বান্ধি দিয়া হৈছিল এলানি বিশেষ চর্ত৷ কিন্তু এইসমূহ চর্তৰ অধিকাংশই পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে নির্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে৷ সেই অভিযোগ লৈয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দ্বাৰস্থ হয় চাৰিগৰাকী ফ্লেট ক্ৰেতা৷
আইন উলংঘাৰ ঘটনা উন্মোচিত হ’ল সেউজ ন্যায়াধীকৰণত–
২০২৪ চনৰ ১২ ছেপ্টেম্বৰত আর্য স্মার্ট লিভিং প্ৰকল্পত বিধি উলংঘন সন্দর্ভত গুৰুত্বপূর্ণ ৰায় প্ৰদান কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কলকতাস্থিত পূব মণ্ডলে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এই ৰায়ত পোহৰলৈ আহিছে উত্তৰ গুৱাহাটীত নির্মিত আর্য স্মার্ট লিভিং প্ৰকল্প ৰূপায়ণত আইনৰ চৰম উলংঘাৰ তথ্য৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ গুৰুত্বপূর্ণ কেইটামান পর্যবেক্ষণ আৰু ৰায় আছিল এনেধৰণৰ-
১. ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া এই ৰায়ত কোৱা হৈছে যে, ২০১৪ চনৰ ২১ জানুৱাৰীত আর্য স্মার্ট লিভিং প্ৰকল্পৰ বাবে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ নিৰূপণ কর্তৃপক্ষই প্ৰদান কৰা পৰিৱেশ সম্পর্কীয় অনুমোদন পত্ৰত প্ৰকল্পটো ২৮.৪ বিঘা ভূমিতহে ৰূপায়ণৰ অনুমোদন দিছিল৷ কিন্তু নির্মাণকাৰী প্ৰতিষ্ঠানে প্ৰকল্পৰ ভূমি অতিৰিক্ত দুবিঘা বৃদ্ধি কৰে আৰু এটা ক্লাবহাউচ আৰু এটা চুইমিং পোল অতিৰিক্তভাৱে নির্মাণ কৰে৷
২.২০২২ চনৰ ১৩ জুনত ‘ৰেৰা’ই প্ৰদান কৰা এক ৰায়ত কোৱা হৈছে যে, প্ৰকল্পটোৰ অনুমোদিত পৰিকল্পনা সলনি কৰা আৰু জিএমডিএৰ দ্বাৰা অনুমোদিত পৰিকল্পনাত সন্নিবিষ্ট নোহোৱা নির্মাণ কার্য চলোৱাৰ বাবে ‘জিএমডিএ’ই দখলীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা নাই৷৩. কেৱল প্ৰকল্পস্থলী ২৮.৪ বিঘাৰ পৰা ৩০.৪ বিঘালৈ বৃদ্ধিয়েই নহয়, অভিযোগ অনুসৰি প্ৰয়োজনীয় অনুমোদন অবিহনে আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰকল্পৰ পৰিসৰ অথবা গাঠনি ভিলালৈ সলনি কৰিছে আৰু প্ৰস্তাৱিত খুচুৰা বিক্ৰী কেন্দ্ৰ নির্মাণ কৰা নাই৷
৪. পৰিৱেশ অনুমোদন পত্ৰত বান্ধি দিয়া তিনি নম্বৰৰ চর্ত অনুসৰি, অনুমোদিত প্ৰকল্পৰ পৰিসৰ অথবা পৰিধিৰ সাল সলনি ঘটনালে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ পৰা নতুন অনুমোদন গ্ৰহণ কৰাটো বাধ্যতামূলক৷
৫. এইক্ষেত্ৰত প্ৰকল্প নির্মাতাই নতুন অনুমোদন গ্ৰহণ নকৰা কার্যই কেৱল পৰৰিৱেশ অনুমোদন পত্ৰৰ ৩ নম্বৰৰ চর্তই ভংগ কৰা নাই, ই পৰিৱেশ প্ৰভাৱ মূল্যায়ন অধিসূচনা-২০০৬ ৰ দফা ২ আৰু ৭(২)ও উলংঘন কৰিছে৷ অনুমোদন অবিহনে প্ৰকল্পৰ পৰিসৰ সম্প্ৰসাৰণ, মূল প্ৰকল্পৰ সাল সলনি আৰু পৰিৱেশ প্ৰতি কৰা ক্ষতিৰ বাবে নির্মাণকাৰী প্ৰতিষ্ঠানটো পৰিৱেশ ক্ষতিপূৰণ বহন কৰিবলৈ বাধ্য৷৬. আইনৰ এই উলংঘন আৰু পৰিৱেশৰ প্ৰতি কৰা ক্ষতিৰ বাবে নির্মাণকাৰী প্ৰতিষ্ঠানটো পৰিৱেশ জৰিমনাৰ বাবে দায়বদ্ধ আখ্যাৰে সম্প্ৰসাৰিত প্ৰকল্পৰ ব্যয়ৰ ১ শতাংশ পৰিৱেশ ক্ষতিপূৰণ ঘোষণা কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীৰণে৷
সেউজ ন্যায়াধীকৰণৰ ৰায়ৰ আন কেইটামান গুৰুত্বপূর্ণ দিশ-
৭. বৈধ পৰিৱেশ অনুমোদন পত্ৰ অবিহনে আর্য স্মার্ট লিভিং প্ৰকল্পত নির্মাণ কার্য চলোৱাৰ গুৰুতৰ তথ্যও ফাদিল হৈছে সেউজ ন্যায়াধীকৰণৰ ৰায়ত৷ সেউজ ন্যায়াধীকৰণে এই ৰায়ত কোৱা অনুসৰি, এই প্ৰকল্পটোৰ বাবে ২০১৪ চনৰ ২১ জানুৱাৰীত লাভ কৰা পৰিৱেশ অনুমোদন পত্ৰৰ ম্যাদ ৫ বছৰ৷ সেই অনুসৰি, এই ম্যাদ ২০১৯ চনতেই শেষ হৈছে যদিও ২০২১ চনলৈ ইয়াক বৃদ্ধি কৰা হৈছে৷ কিন্তু পৰবর্তী সময়ত পৰিৱেশ অনুমোদন পত্ৰ নবীকৰণ নকৰাকৈয়ে প্ৰকল্পটোৰ নির্মাণ কার্য অব্যাহত ৰাখি নির্মাণকাৰী প্ৰতিষ্ঠানটোৱে আইনৰ ভয়ংকৰ উলংঘা কৰা বুলি সেউজ ন্যায়াধীকৰণৰ ৰায়ত কোৱা হৈছে৷
৮.ৰাষ্ট্ৰীয় সেউজ ন্যয়াধীকৰণৰ ৰায়ৰ আন এটা গুৰুত্বপূর্ণ দিশ হৈছে, ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ এই সম্পর্কীয় পূর্বৰ এক ৰায় খাৰিজ৷ অভিযোগকাৰীয়ে আর্য স্মার্ট লিভিং প্ৰকল্প সন্দর্ভত ২০২২ চনৰ ৬ জুলাই আৰু ২০ অক্টোবৰত দাখিল কৰা অভিযোগৰ ভিত্তিত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই ২০২৩ চনৰ ৯ মে’ত প্ৰদান কৰা ৰায়ক ত্ৰুটিপূর্ণ আখ্যাৰে কঠোৰ সমালোচনা কৰি খাৰিজ কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷
এনেদৰেই উত্তৰ গুৱাহাটীৰ আর্য স্মার্ট লিভিং প্ৰকল্পত আইনৰ ভয়ংকৰ উলংঘনৰ তথ্য পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ৰায়ত৷ কিন্তু ৰাজ্যিক পর্যায়ত এই সম্পর্কীয় নিৰ্দিষ্ট বিভাগ-কর্তৃপক্ষ থকাৰ পাছতো আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এনে আইন উলংঘনকাৰী নির্মাণ কার্য কেনেকৈ চলাই নিবলৈ সক্ষম হৈছিল সেয়া ৰহস্যৰ বিষয়৷ উল্লেখনীয় বিষয় যে, গুৱাহাটীৰ এনে আইন উলংঘনকাৰী নির্মাণ কার্যৰ বিৰুদ্ধে পূর্বতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে পৰিৱেশ ক্ষতিপূৰণ বিহাৰ ঘটনা বিৰল৷ সেইবাবেই সেউজ ন্যায়াধীকৰণৰ এই ৰায় ঐতিহাসিক হিচাপে বিবেচিত হৈছে৷ কিন্তু আর্য স্মার্ট লিভিঙৰ দৰে আৰু কিমান প্ৰকল্প আইন আৰু পৰিৱেশীয় বিধি উলংঘাৰে নির্মাণ হৈ আহিছে সেয়াহে উদ্বেগজনক বিষয়৷