২৫ মে’, গুৱাহাটী
অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিলেও নিশ্চিত নহ’ব পাৰে চাকৰি! ২৫ মে’ত ৪৪ হাজাৰ পদত নিযুক্তি পত্ৰ প্ৰেৰণ কৰি আন এক চমক দেখুওৱাৰ চেষ্টা কৰিলে হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে৷ ৩ বছৰ পূর্বে হিমন্ত বিশ্ব শর্মা স্বাস্থ্যমন্ত্ৰী হৈ থকা কার্যকালতে স্বাস্থ্য বিভাগৰ এটা বিশেষ পদত নিযুক্তি দিয়া হৈছিল তেৰশৰো অধিক লোকক৷ কিন্তু নিযুক্তিপ্ৰাপ্ত এই তেৰশ যুৱক এতিয়া নিবনুৱা৷ এই তেৰশ যুৱকৰ ভিতৰত সোমাই আছে খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰো প্ৰায় ৭০ গৰাকী যুৱক৷ দ্য ক্ৰছকাৰেণ্টৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত নিযুক্তি পত্ৰ লাভ কৰিও নিবনুৱা হোৱা অসমৰ ১৩ শ যুৱকৰ কাহিনী৷ একেই অনুসন্ধানত ফাদিল, লকডাউনত কর্মসংস্থাপন হেৰুৱা পৰিয়ালৰ দুর্দশাৰ অসহনীয় ছবি৷
এক লাখ নিবনুৱাক নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে সফলতাৰ ব্যাপক প্ৰচাৰ চলাইছে ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে৷ যোগ্যতাৰ ভিত্তিত নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে চাকৰি প্ৰদান কৰি প্ৰশংসা বুটলাৰ চেষ্টা কৰিছে চৰকাৰে৷ নিযুক্তি পত্ৰ প্ৰদানৰ নামত ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হৈছে৷ কিন্তু এক লাখ নিবনুৱাক চাকৰি দিবলৈ সক্ষম হোৱা চৰকাৰে কিয় প্ৰতাৰণা কৰিলে তেৰশ যুৱকক? প্ৰশ্ন কৰিছে চৰকাৰেই কোভিড যোদ্ধা আখ্যা দিয়া কোভিড চাফাই কর্মী সকলে৷
ইখনৰ পাছত সিখন দেশক আক্ৰমণ কৰি কোভিড যেতিয়া আগ্ৰাসী হৈ আহিছিল,তেতিয়াই কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু উঠিছিল অসম চৰকাৰ৷ ভিন্ন স্থানত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অস্থায়ীভাবে স্থাপন কৰিছিল কোভিড কেয়াৰ চেন্টাৰ,কোৱাৰেন্টাইন চেন্টাৰ৷ এইসমূহ স্বাস্থ্য কেন্দ্ৰত সেই সময়ত প্ৰয়োজন হৈছিল চাফাই কর্মী৷ ২০২০ চনত বিজ্ঞাপনযোগে চাফাই কর্মীৰ পদৰ বাবে আবেদন আহ্বান কৰিছিল স্বাস্থ্য বিভাগে৷ কোভিডৰ চাফাই কর্মী হিচাপে নিযুক্তি বিচাৰি সেই সময়ত ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰার্থী৷ নিদির্ষ্ট যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ মাজৰ পৰা নিযুক্তি লাভ কৰিছিল তেৰশৰো অধিক যুৱকে৷ সেই সময়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মৌখিকভাবে কোভিড চাফাই কর্মীৰ চাকৰি স্থায়ী হ’ব বুলি ঘোষনা কৰিছিল৷ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”
কিন্তু কোভিড চাফাই কর্মীসকলৰ চাকৰি পাৰমানেন্ট নহ’ল৷ কেইমাহমানৰ পাছতেই কোভিডৰ প্ৰকোপ কমি অহাৰ লগে লগে এজন এজনকৈ চাকৰি গ’ল ১৩০০ ৰো অধিক কোভিড চাফাই কর্মীৰ৷ কোভিডৰ সময়ত বিভিন্ন চিকিৎসালয় অথবা কোৱাৰেণ্টাইন কেন্দ্ৰত তেওঁলোকে ৰোগীৰ যতন লৈছিল৷ তেওঁলোকৰ বহুলোক কোভিডত আক্ৰান্তও হৈছিল৷ তেওঁলোকে জীৱনৰ প্ৰতি শংকা আহিব পৰা কাম কৰিবলৈ আগবাঢ়ি আহিছিল৷ সেইবাবেই তেওলোকক আখ্যা দিয়া হৈছিল কোভিড যোদ্ধা হিচাপে৷ কিন্তু সেই সকল কোভিড যোদ্ধাক আজি পাহৰি গ’ল চৰকাৰে৷ সেই অভিযোগো কোভিড চাফাই কর্মীৰেই৷ প্ৰশ্ন উত্থাপন হ’ব, নিযুক্তিৰ নামত চমক দেখুৱাবলৈ সক্ষম হোৱা চৰকাৰে কিয় সহৃদয় দেখুৱাব পৰা নাই এই তেৰশ চাফাই কর্মীক?
বঞ্চিত-প্ৰতাৰিত কোভিড চাফাই কর্মীৰ বর্তমানৰ অর্থনৈতিক পৰিস্থিতিৰ ধাৰনা ল’বলৈ দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধান চলিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিজা সমষ্টি জালুকবাৰীত৷ কোভিড চাফাই কর্মী হিচাপে নিযুক্তি লাভ কৰা জালুকবাৰী সমষ্টিৰ ৭০ জনতকৈ অধিক ব্যক্তিৰ তথ্য লাভ কৰিছে দ্য ক্ৰছকাৰেণ্ট৷ সেই অনুসৰি, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ ৮ জনকৈ প্ৰাক্তন চাফাই কর্মীক সাক্ষাৎ কৰিছিল দ্য ক্ৰছকাৰেণ্টে৷ একালত কোভিড চাফাই কর্মী হিচাপে নিযুক্তি লাভ কৰা গৌতম দাসে কয়, “আমি পূর্বে সৰু সুৰা কামত নিয়োজিত হৈ আছিলো৷ কিন্তু চাকৰি নিয়মীয়া হোৱাৰ আশাত আমি নিজৰ সাম্ভাব্য বিপদক আওকান কৰি পূর্বৰ কাম এৰি কোভিড চাফাই কর্মী হিচাপে যোগ দিছিলো৷ আমি ভাবিছিলো, আমাৰ চৰকাৰী চাকৰি হ’ব, আমাৰ চাকৰি নিয়মীয়া হ’ব৷ কিন্তু বহু কষ্ট কৰি সেৱা আগবঢ়োৱাৰ পাছতো কোভিড যোৱাৰ পাছত আমাক চাকৰিৰ পৰা উলিয়াই দিয়া হ’ল৷ আমি চৰকাৰী চাকৰি নাপালো৷ আমি পূর্বৰ কামো হেৰুৱালো৷ আমক সংস্থাপনহীন কৰিলে চৰকাৰ”৷
‘ আমাৰ চাকৰি নিয়মীয়া হ’ব বুলি কৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ আমি চাকৰি নিয়মীয়া হ’ব বুলি ৰিস্ক লৈ কাম কৰিছিলো৷ আমি কোভিড আক্ৰান্তৰ যতন লৈছিলো, পায়খানা পযর্ন্ত আমি চাফা কৰিছিলো৷ কেতিয়াবা এমাৰজেন্সি হ’লে পিপিইকিট নিপিন্ধাকৈ আমি ৰোগীক ধৰিব লগা হয়৷ আমি সেই সময়ত পৰিয়ালৰ লোকৰ পৰা আতৰি থাকিব লগা হৈছিল৷ কোভিডৰ সময়ত চৰকাৰে আমাক ব্যৱহাৰ কৰিলে৷ কিন্তু পাছত আমাক চৰকাৰে প্ৰতাৰণা কৰিলে৷’ এই বক্তব্য উত্তৰ গুৱাহাটীৰ আন এজন কোভিড চাফাই কর্মীৰ৷ প্ৰশ্ন আকৌ এটাই, এক লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ কথাৰে চমক সৃষ্টি কৰিছে অসম চৰকাৰে৷ কিন্তু ইতিমধ্যে নিযুক্তিপ্ৰাপ্ত এই সকল কোভিড চাফাই কর্মীক কিয় সংস্থাপন দিব পৰা নাই চৰকাৰে? কিয় মুখ্যমন্ত্ৰী খোদ গৃহ সমষ্টিৰ যুৱক বলি হ’ব লগা হৈছে চৰকাৰী প্ৰতাৰণা? নিযুক্তিৰে চমক সৃষ্টি কৰা হিমন্ত বিশ্ব শর্মা চৰকাৰে এই প্ৰশ্নৰ উত্তৰ দিবনে?
২৫ মে’ত ৪৪ লাখ নিযুক্তি পত্ৰ বিতৰণ কৰি চমক দেখুৱালে অসম চৰকাৰে৷ অসম চৰকাৰৰ মতে ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ সম্পূর্ণ হোৱাৰ দিশে৷ কিন্তু এইক্ষেত্ৰতো গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে৷ অভাৰলেপিঙৰ ফলত অসম চৰকাৰে দাবী কৰাতকৈ বহু কম সংখ্যক নিবনুৱাইহে নিযুক্তি লাভ কৰা বুলি অভিযোগ তুলিছে দল সংগঠনে৷ লক্ষণীয়ভাবে ২০১৬ চনৰ অসম বিধানসভা নির্বাচনৰ পূর্বে বিজেপিয়ে দলৰ ভিজন ডকুমেণ্টত অসমৰ ২৩ লাখ নিবনুৱা কথা উল্লেখ কৰিছিল৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত দাবী কৰা অনুসৰি, অসমত বর্তমান ১২ লাখ নিবনুৱা আছে৷ বিগত ৭ টা বছৰত অসমৰ কোন ক্ষেত্ৰত কেতিয়া কেনেকৈ ১০ লাখ লোকক নিযুক্তি দিয়া হ’ল সেই কথা অৱশ্যে ষ্পষ্ট নহয়৷ দুটা বছৰত মাত্ৰ ১ লাখ লোকৰ নিযুক্তিৰ কথাৰে সফলতাৰ জয়গান গোৱা চৰকাৰে বিগত ৭ টা বছৰত ১০ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিও কিয় প্ৰচাৰ নচলালে সেই কথাও সন্দেহৰ বিষয়৷ কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে ২০২২-২৩ বর্ষৰ অসমৰ অর্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অসমৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২২ লাখ ১২৫ গৰাকী৷ ইয়াৰ ভিতৰত শিক্ষিত নিৱনুৱাৰ সংখ্যা ১৮ লাখ ৫ হাজাৰ ৪৪১ গৰাকী৷একেই প্ৰতিবেদন অনুসৰি, ২০১৬ চনত অসমৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০ লাখ ১০ হাজাৰ ৬০৩ গৰাকী৷ কিন্তু ২০২১ চনত সেই সংখ্যা ২২ লাখ ১২৫ গৰাকীলৈ বৃদ্ধি পাইছে৷ অন্যহাতে ২০২০ চনৰ ৩১ আগষ্টত অসম বিধানসভাত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যিক উদ্ভাৱনা আৰু ৰুপান্তৰ আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদন মতে, কোভিড আৰু লকডাউনৰ সময়ত অসমৰ ১১০ লাখ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ নিয়োগ আৰু জীবিকাত বিৰুপ প্ৰভাব পৰিছে৷ সেই অনুসৰি, ১৫.৭ লাখৰ পৰা ২৭.১ লাখ লোকে জীৱিকা হেৰুৱা বুলি আশংকা কৰা হৈছে৷ ৰাজ্যিক উদ্ভাৱনা আৰু ৰুপান্তৰ আয়োগৰ এই আশংকা যদি সত্য হয়, তেন্তে বিগত ৩ টা বছৰত অসমত নতুনকৈ ১৫ ৰ পৰা ২৭ লাখ নিবনুৱা বৃদ্ধি হ’ব পাৰে৷ সেই সন্দর্ভত অৱশ্যে পৰবর্তী সময়ত চৰকাৰৰ তেনে কোনো সমীক্ষা পৰিলক্ষিত হোৱা নাই৷
দ্য ক্ৰছকাৰেণ্টৰ আন এক অনুসন্ধান চলিছিল লখিমপুৰ জিলাৰ উত্তৰ লালুক আৰু চিলনীবাৰীৰ দুখনকৈ গাওঁত৷ এই অনুসন্ধানতেই পোহৰলৈ আহিছে লকডাউনত কর্মহীন হোৱা পিতৃ মাতৃয়ে নিজৰ কন্যাক মাত্ৰ কেইটামান টকাৰ বিনিময়ত দালালৰ হাতত গতাই দিয়াৰ চাঞ্চল্যকৰ কাহিনী৷ দৰিদ্ৰতাই কোঙা কৰা গাওঁ দুখনত উপস্থিত হৈ আমি দেখিবলৈ পালো দৰিদ্ৰতাৰ এক অসহনীয় আৰু অমানৱীয় ছবি ৷
লখিমপুৰ জিলাৰ উত্তৰ লালুকৰ এখন পিছপৰা গাওঁৰ বাসিন্দা ফুলমনি( নাম সলনি কৰা হৈছে) ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা মথাউৰিৰে প্ৰায় ৩ কিলোমিটাৰ খোজ কাঢ়িলে পোৱা যায় আদিবাসী সম্প্ৰদায়ৰ সেই গাঁওখন৷ তাতেই ফুলমনিৰ ঘৰ৷ তিনিটা কোঠালীৰে এটা বিধস্তপ্ৰায় এটা কেঁচাঘৰ ৷ দিন হাজিৰা কৰি চলা ফুলমনিৰ ঘৰত আছে এতিয়া নিজৰ স্বামী,বৃদ্ধ ৰোগীয়া শহুৰ আৰু দুজনী জী৷ ফুলমনিৰ আছিল তিনিজনী জীয়েক৷ ডাঙৰ জীয়েক মনৰিটাক (নাম সলনি কৰা হৈছে) দুজন ব্যক্তিয়ে কাম কৰিবলৈ লৈ গৈছিল অৰুণাচললৈ৷ ২০২১ চনৰ নবেম্বৰ মাহত অৰুণাচলত ধনী মানুহৰ ঘৰত কাম কৰিবলৈ লৈ যোৱা হৈছিল মনৰিটাক৷ তেতিয়া ১৪ বছৰ বয়সীয়া মনৰিটা ৷ মনৰিটাৰ মাকে আমাক কয়, ‘মনৰিটা তেতিয়া তৃতীয় শ্ৰেণীত পঢ়ে ৷অনীতা আৰু লালু নামৰ দুজন লোক মনৰিটাক বিচাৰি আহিছিল আমাৰ ঘৰলৈ৷ তেওঁলোকে কৈছিল যে মনৰিটাক তেঁওলোকে লৈ যাব অৰুণাচলৰ সন্তানহীন এহাল দম্পত্তীৰ ঘৰলৈ৷ তাতেই স্কুলত ভর্তি কৰোৱা হ’ব মনৰিটাক৷ মনৰিটাই তাত ভালদৰে পঢ়িব পাৰিব আৰু মাহিলী দুই হাজাৰ টকাকৈ ঘৰলৈ পঠোৱা হ’ব৷’
ইয়াৰ পাছত একেই প্ৰতিশ্ৰুতিৰে অনীতা আৰু লালুয়ে অৰুণাচললৈ লৈ যাব বিচাৰিলে মনৰিটাৰ ১২ বছৰীয়া ভগ্নী নিবেদিতাক( নাম সলনি কৰা হৈছে)৷ দৰিদ্ৰ পৰিয়ালটোয়ে এইবাৰ অনীতা আৰু লালুৰ হাতত গতাই দিলে তেতিয়া দ্বিতীয় শ্ৰেণীত পঢ়ি থকা নিবেদিতাকো ৷
লালু আৰু অনীতাই কেৱল মনৰিটা আৰু নিবেদিতাকেই অৰুণাচললৈ লৈ যোৱা নাছিল৷ আমি লাভ কৰা এক বিশেষ তথ্যৰ ভিত্তিত উপস্থিত হৈছিলো একেখন জিলাৰেই চিলনীবাৰীৰ আন এখন এখন ভিতৰুৱা গাঁৱত৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখনত উপস্থিত হ’বলৈ পাৰ হ’ব লাগিব দুখনকৈ দলংবিহীন নদী৷ সেইখন গাৱতেই ঘৰ প্ৰণীতাৰ ( নাম সলনি কৰা হৈছে)৷ ১৪ বছৰীয়া প্ৰনীতাক মনৰিটাৰ সৈতেই অৰুণাচললৈ লৈ গৈছিল অনীতা আৰু লালুয়ে৷ ফুলমনিৰ ঘৰত দিয়া প্ৰতিশ্ৰুতিৰ দৰেই প্ৰনীতাৰ ক্ষেত্ৰতো একেই প্ৰতিশ্ৰুতি দিছিল অনীতা আৰু লালুয়ে৷ কৈছিল যে ঘৰলৈ মাহিলী দুহাজাৰ টকাকৈ প্ৰেৰণ কৰা হ’ব ৷ সেই সময়ত প্ৰণীতাৰ পিতৃয়েও দিন হাজিৰা কৰি আছিলগৈ অৰুণাচলত৷ অশিক্ষিত মাতৃক প্ৰলোভন দি প্ৰনীতাক পঢ়ুওৱা হ’ব বুলি লৈ যোৱা হৈছিল অৰুণাচললৈ৷ কিন্তু মনৰিটা আৰু নিবেদিতাৰ দৰেই একেই ঘটনা ঘটিছিল প্ৰণীতাৰ লগত৷ প্ৰণীতাক নিয়োগ কৰা হৈছিল অৰুণাচলৰ এহাল দম্পত্তীৰ ঘৰত বনকৰা কামত ৷ লক্ষনীয়ভাবে দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, গাওঁ দুখনৰ আৰু অনেক কিশোৰী দুই এক হাজাৰ টকাৰ প্ৰলোভনতেই দালালৰ হাতত পৰি বছৰ বছৰ ধৰি বন্দী হৈ আছেগৈ অৰুণাচলত৷ অসমৰ দৰিদ্ৰতাৰ অসহনীয় আৰু অমানবীয় ছবিৰ উদাহৰণ ইয়াতকৈ আৰু বেলেগ লাগেনে?