ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী অৱস্থাৰ পৰা উদ্ধাৰ কৰি জাতিটোক উত্তৰণৰ বাটলৈ লৈ যোৱাৰ বাবে তাহানিৰ দিনত কোনোধৰণৰ তৎপৰতা নাছিল। কিয়নো আর্থ-সামাজিক তথা শৈক্ষিক দিশত একেবাৰে পিছপৰি থকা চুতীয়াসকলক নেতৃত্ব দিয়াৰ বাবে সেই সময়ত জাতিটোৰ মাজৰ পৰা কোনো মধ্যবিত্ত নেতৃত্বৰ উত্থান হোৱা নাছিল। চুতীয়াসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্নত অসমীয়া বর্ণহিন্দু মধ্যবিত্ত নেতাচামৰো ভূমিকা আছিল সদায়ে নেতিবাচক। এই সময় কিন্তু এদিন সলনি হৈছিল; সলনি হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনে সৃষ্টি কৰা গণ সচেতনতাৰ মাধ্যমৰ মাজেদি। অসহযোগ আন্দোলনে জগাই তোলা স্বদেশপ্রেমৰ গইনা লৈয়ে চুতীয়াসকলৰ মাজৰে এচাম শিক্ষিত লোক স্বজাতি চেতনাৰে উদ্বুদ্ধ হৈ উঠিছিল, যিসকলে পিছলৈ চুতীয়াসকলক লৈ প্রথমটো সংগঠন গঢ়ি তোলাৰ পদক্ষেপ লৈছিল। এইচাম শিক্ষিত চুতীয়াৰ ভিতৰত আছিল- ভ্ৰমৰ চন্দ্ৰ শইকীয়া, ইন্দ্ৰেশ্বৰ চুতীয়া, নাৰায়ণ চন্দ্ৰ ভৰালী, বিষ্ঠুৰাম নেওগ, ধনঞ্জয় শইকীয়া, বেণুধৰ দাস, হেমধৰ পাত্ৰবৰা, বিখেশ্বৰ দুৱৰা, ভুৰাম বৰুৱা আদি। ইয়াৰ ভিতৰত বৰ্তমানৰ যোৰহাট জিলাৰ অন্তর্গত জাঁজী চূড়ামণি গাঁৱৰ শিক্ষক তথা সাহিত্যিক ভ্ৰমৰ চন্দ্র শইকীয়া আছিল অন্যতম।
লুইতৰ বুকুয়েদি বহু পানী বৈ গল। বহু বছৰৰ পৰিকল্পনাৰ পিছত অৱশেষত ১৯২৫ চনৰ ১০ এপ্ৰিলত গোলাঘাট ঢেকিয়াল মৌজাৰ অন্তৰ্গত নপমুৱা চাৰিআলিত “আসাম চুতীয়া সন্মিলন” গঠন হৈছিল।১৯৭৬ চনত ঊনবিংশ সংখ্যক অধিৱেশনত সংগঠনটোৰ নাম “সদৌ চুতীয়া জাতি সন্মিলন,অসম” ৰখা হয়। চুতীয়া সন্মিলনে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক উত্তৰণৰ সংগ্ৰামখন অব্যাহত ৰখাৰ মাজতে সংগঠনটোৰ নেতৃবৃন্দই ইয়াৰ সাংগঠনিক পৰিসৰ বৃদ্ধি কৰাৰ বাবে তৎপৰতা গ্রহণ কৰিছিল। সেই অনুসৰি ১৯৪৬ চনৰ ২০ এপ্ৰিলত অনুষ্ঠিত মৰাণ অধিৱেশনত ‘চুতীয়া ছাত্র সন্মিলন’ আৰু ‘চুতীয়া মহিলা সন্মিলন’ নামেৰে দুটা নতুন সংগঠনৰ জন্ম দিছিল। নৱগঠিত ছাত্র সংগঠন ‘চুতীয়া ছাত্র সন্মিলন’ৰ সভাপতি আৰু সম্পাদক আছিল ক্রমে সোণাৰাম চুতীয়া আৰু লীলাধৰ বৰা। আনহাতে, একে সময়তে গঢ় লৈ উঠা মহিলা সন্মিলনখনৰ সভানেত্রী আছিল সুবর্ণবালা বৰা। ১৯৭৬ চনত ছাত্ৰ সন্মিলনৰ নাম “সদৌ অসম চুতীয়া যুৱ ছাত্ৰ সন্মিলন” নামেৰে নামাকৰণ কৰা হয়। পৰৱৰ্তী সময়ত ২০১৪ চনত এই সংগঠনৰ নাম “চুতীয়া যুৱ সন্মিলন, অসম” (CYSA, চাইছা) গঠন হয়। চুতীয়া যুৱ ছাত্ৰ সন্মিলনৰ পৰা ২০০৫ চনত “সদৌ অসম চুতীয়া ছাত্ৰ সন্থা” গঠন হয়। বৰ্তমান সময়ত চুতীয়া জনগোষ্ঠীৰ স্বীকৃতি প্ৰাপ্ত সংগঠনসমূহ হৈছেঃ- সদৌ চুতীয়া জাতি সন্মিলন,অসম; সদৌ চুতীয়া জাতি মহিলা সন্মিলন,অসম; চুতীয়া যুৱ সন্মিলন,অসম; সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।
চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততাঃ-
প্ৰথমে ভাৰতৰ সংবিধান মতে জনজাতি চিনাক্তকৰণৰ সময়ত কোনবিলাক জনগোষ্ঠীক জনজাতি বুলি কোৱা হৈছিল সেই কথা বৰ্তমান সময়ৰ প্ৰেক্ষাপটত অলপ বিশ্লেষণ কৰি চোৱা যাওক। ভাৰতীয় সংবিধানৰ ৩৪২ নং দফা (Article 342) মতে, জনজাতিসকলৰ পাঁচটা প্ৰধান বৈশিষ্ট্য থাকেঃ-
১) Primitive Traits (আদিম চাৰিত্ৰিক বৈশিষ্ট্য)
২) Geographical Isolation (ভৌগোলিক বিচ্ছিন্নতা)
৩) Distinct Culture (স্বকীয়তাবিশিষ্ট সংস্কৃতি)
৪) Shyness of Contact with Community at large (সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ)
৫) Economic backwardness (অৰ্থনৈতিক অনগ্ৰসৰতা)
পোন প্ৰথমে আহোঁ অসমৰ ভূমিত ৰাজত্ব কৰা এটা ভূমিপুত্ৰ জনগোষ্ঠী চুতীয়াসকললৈ। চীন-তিব্বতীয়মূলৰ তিব্বত-বৰ্মীয় পৰিয়ালৰ অন্তৰ্গত চুতীয়াসকলে বৰ্তমানৰ অসম আৰু অৰুণাচলৰ কিছু অংশত শ শ বছৰ ধৰি ৰাজত্ব কৰিছিল। অসমৰ সমভূমিত বাস কৰা আদিম আৰু প্রধান জনগোষ্ঠীকেইটাৰ ভিতৰত চুতীয়াসকলো অন্যতম।
সোৱণশিৰিৰ পৰা লক্ষীমপুৰ হৈ বিশ্বনাথলৈকে ব্রহ্মপুত্ৰ উপত্যকাৰ সম্পূৰ্ণ উত্তৰপাৰত চুতীয়া ৰাজ্য বিয়পি আছিল। বৰ্তমান চুতীয়াসকল উজনি অসমৰ বিভিন্ন প্রান্তত বসবাস কৰে। যদিও চুতীয়াসকলক বৰ্তমান হিন্দু বুলি অভিহিত কৰা হয়, প্রকৃততে তেওঁলোক “শ্যান” কূলৰ পৰা উৎপত্তি হোৱা বুলি ভবাৰ যথেষ্ট থল আছে। বুৰঞ্জীবিদ এডৱাৰ্ড গেইটৰ মতে- “The Sutiyas now number about a twelfth of a million and are found chiefly in Lakhimpur, Dhemaji, Tinsukia and Dibrugarh districts and the adjacent Sivasagar, Jorhat and Golaghat districts. Their language, which is still known to the Deoris, or priestly section of the group, is unmistakably Bodo, but their appearance suggests that they have in their frames a considerable infusion of Shan(Tai) blood. They occupied a tract nor far removed from the home of the Shans, and the probability is that they absorbed considerbale numbers of earlier immigrants of that race, just as in more recent times they have intermarried with the Ahoms, to such extent that, at the census of 1891, one third of those who recorded their sub-group described themselves as Ahom-Sutiya.”
(চুতীয়াসকল, যাৰ সংখ্যা বৰ্তমান এক নিযুতৰ বাৰভাগৰ এভাগ, তেওঁলোকক ঘাইকৈ লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় তথা আশেপাশে থকা শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পোৱা যায়। তেওঁলোকৰ ভাষা, যিটো দেউৰী অৰ্থাৎ তেওঁলোকৰ পুৰোহিতসকলে আজিও জানে সেইটো নিঃসন্দেহে বড়ো, কিন্তু অৱয়বৰ ফালৰ পৰা ভাৱ হয় যে তেওঁলোকৰ সৈতে পৰ্য্যাপ্ত পৰিমাণে “শ্যান (টাই)” গোষ্ঠীৰ ৰক্ত সংমিশ্ৰিত হৈ আছে। শ্যানসকলৰ গৃহভূমিৰ পৰা অনতিদূৰতে তেওঁলোকে বসতি স্থাপন কৰিছিল আৰু সম্ভৱতঃ পূৰ্বতে অহা সেই একে গোষ্ঠীৰ প্রব্ৰজনকাৰীসকলৰ লগত পৰ্য্যাপ্ত পৰিমাণে মিলি গৈছিল। যেনেকৈ পিছৰ কালছোৱাত তেওঁলোকে আহোমসকলৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি ইমানেই মিলি গৈছিল যে ১৮৯১ চনৰ লোকপিয়লত তেওঁলোকৰ এক-তৃতীয়াংশই নিজকে আহোম-চুতীয়া উপগোষ্ঠীৰ বুলি পৰিচয় দিছিল।)
চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপালে (বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰ পৰা হিচাপ কৰা হৈছে,) ১১৮৭ খ্ৰীঃ-ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চুতীয়া সাম্ৰাজ্য স্থাপন কৰিছিল। এই শক্তিশালী সাম্ৰাজ্যই কালক্ৰমত পুৰণি পাল বংশৰ ৰাজ্যকো পৰাস্ত কৰি নিজৰ অধীনলৈ আনে। শদিয়াত ৰাজধানী স্থাপন কৰি চুতীয়া ৰজাসকলে শ শ বছৰ কাল বৰ্তমান অসমৰ বহু অংশ তথা অৰুণাচলৰো কিছু অংশত ৰাজত্ব কৰিছিল।
বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পাল তেওঁলোকৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল। তেখেতে কমতাপুৰৰ ৰাজকুমাৰীক বিয়া কৰাই কমতাপুৰ ৰাজ্যৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। চুতীয়াসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ৰাজ্য বহলাবলৈ লওঁতে তেওঁলোকৰ আহোমসকলৰ লগত সংঘৰ্ষ হয়। আহোম ৰজা চুতুকফাক এটা সন্ধিৰ সময়ত চুতীয়াসকলে হত্যা কৰে। ফলত আহোম সম্ৰাজ্যৰ লগত সংঘৰ্ষ বৃদ্ধি পায়। ১৫২৩ খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰজা নিত্যপালক হত্যা কৰি শদিয়া দখল কৰে আৰু শদিয়াখোৱা গোঁহাইৰ ওপৰত শদিয়াৰ ভাৰ অৰ্পণ কৰে।
চুতীয়াসকল হিন্দুধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে তেওঁলোকে যিটো ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্ম বনধৰ্মৰ সৈতে বহুতো মিল আছিল। তদুপৰি তেওঁলোকে তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ যোগেদি কালীৰ বিভিন্ন ৰূপক উপাসনা কৰিছিল। কালীৰ অন্য ৰূপ কেঁচাইখাতী গোঁসানী আছিল তেওঁলোকৰ প্ৰধান দেৱী।
এতিয়া সংবিধানৰ ফালৰ পৰা এই জাতিটোক পৰ্যবেক্ষণ কৰি চোৱা যাওঁকঃ-
১)আদিম চাৰিত্ৰিক বৈশিষ্ট্যঃ
এসময়ত চুতীয়াসকলৰ কেঁচাইখাতী গোঁসানীৰ ওচৰত নৰবলি দিয়াৰ কথাও উল্লেখ আছে। তেওঁলোকে অপৰাধীক কেঁচাইখাতী গোঁসানীৰ ওচৰত বলি দিছিল। চুতীয়াসকলৰ বহুতেই আজিও কেঁচাইখাতী গোঁসানীক বিশ্বাস কৰে আৰু এতিয়াও দেৱীক সন্তুষ্ট কৰিবলৈ জীৱ-জন্তু তথা চৰাই-চিৰিকতি বলি দিয়ে। ইতিমধ্যে অনুসূচিত জনজাতি বুলি পৰিচিত দেউৰীসকলক চুতীয়াসকলে এতিয়াও নিজৰ পুৰোহিত বুলিয়ে গণ্য কৰে। তেওঁলোকৰ মন্ত্ৰ-তন্ত্ৰৰ ওপৰত এতিয়াও অটল বিশ্বাস।
২)ভৌগোলিক বিচ্ছিন্নতাঃ
চুতীয়াসকলে ঘাইকৈ অতীজতে চুতীয়া সম্ৰাজ্যৰ অধীনত থকা জিলাকেইখনতে বৰ্তমানেও বসবাস কৰে। চুতীয়া-আহোমৰ শেষৰ খন ৰণৰ ফলত চুতীয়া সকল সিঁচৰতি হৈ পৰে আৰু বসবাসৰ বাবে দুৰ্গম অঞ্চল সমূহ বাছি লয়।
৩)স্বকীয়তাবিশিষ্ট সংস্কৃতিঃ
চুতীয়াসকলৰ নিজস্ব এটা সংস্কৃতি আছে; নিজৰ এটা ভাষা আছে। চুতীয়াসকলৰ ভাষাটো তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ মাজত এতিয়াও প্ৰচলিত (W. B Brown ৰ “An oultline grammer of deori chutiya language 1895)। চুতীয়া সকলৰ নিজস্ব গীত-নৃত্য, স্থাপত্য শৈলী, খাদ্য, বস্ত্ৰ,ধৰ্ম আছে। ধৰ্ম চৰ্চাৰ অৱহেলাত বৰ্তমান ধৰ্ম লুপ্তপ্ৰায়।
৪)সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ:
চুতীয়া শব্দৰ অপব্যৱহাৰ আৰু উচ্চ বৰ্ণ হিন্দু সকলৰ নেতৃত্বত নীচ জাতি,অস্পৃশ্য বুলি ঊনবিংশ-বিংশ শতিকাত যি এক বৌদ্ধিক চক্ৰান্ত চলিল এইবোৰ এতিয়াও সমাজৰ পৰা আঁতৰা নাই যাৰ ফলস্বৰূপে আজিৰ যুৱ প্ৰজন্মই হতাশাত ভুগিব লগা হৈছে।
৫)অৰ্থনৈতিক অনগ্ৰসৰতাঃ
যদিও ভিতৰুৱা অঞ্চলত বসবাস কৰা চুতীয়া লোকসকল এতিয়াও আৰ্থিকভাবে বহুত দুৰ্বল তথাপিও ৰাজনৈতিক আৰু শৈক্ষিক দিশত বৰ্তমান আগবাঢ়িছে যদিও সেয়া তেনেই সামান্য। বৰ্তমান সময়ৰ লৈকে চুতীয়া জনগোষ্ঠীৰ পৰা কোনো এজন সাংসদ বা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নাই।
যিহেতু চুতীয়াসকলৰ পুৰোহিতস্বৰূপ দেউৰীসকলক ইতিমধ্যে অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হৈছে, গতিকে চুতীয়াসকলকো অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰাত বিশেষ একো বাধা থাকিব নালাগে।
যি কি নহওক, অসমত কাৰ্বি আংলং আৰু ডিমা-হাচাও এই দুই স্বায়ত্ব শাসিত অঞ্চলৰ বাদেও চৈধ্যটা অনুসূচিত জনজাতিয়ে বাস কৰে। এই চৈধ্যটা সমতলীয় জনজাতিৰ সংখ্যা হৈছে মুঠ জনসংখ্যাৰ ১২.৮%। বৰ্তমান অনুসূচিত জনজাতি বিচৰা এই ছটা জনগোষ্ঠীৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৪৫%-ৰ কম নহয়। গতিকে এই ছটা জাতিকেই যদি অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হয় অসমত মুঠ অনুসূচিত জনজাতিৰ জনসংখ্যা প্ৰায় ৬০% হ’বগৈ। গতিকে কেন্দ্ৰীয় চৰকাৰে অসমক এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ব। বহুতো জনজাতীয় ৰাজ্যত অনুসূচিত জনজাতিৰ সংখ্যা ৪০% মানহে আছে। অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা হ’লে এই জনগোষ্ঠীকেইটাৰ লগতে সমূহ থলুৱা অসমীয়া ৰাইজৰ বহুতো সুবিধা হ’ব। জনজাতীয় ৰাজ্যই লাভ কৰা আৰ্থিক সা-সুবিধাবোৰৰ লগতে বিধান সভাৰ সৰহ সংখ্যক সমষ্টি থলুৱা লোকৰ কাৰণে সংৰক্ষিত হ’ব। বহিৰাগতই মাটি-বাৰী কিনাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। আজি যি গতিত অসমলৈ বহিৰাগতৰ আগ্ৰাসন ঘটিছে সেই অৱস্থালৈ চালে অসমখনক এখন জনজাতীয় ৰাজ্যৰ মৰ্য্যদা দিয়াটো অতি আৱশ্যক হৈ পৰিছে।
অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিলে অন্য বহু সমস্যাৰ লগতে হয়তো সন্ত্ৰাসবাদৰ সমস্যাও বহুখিনি হ্ৰাস পাব।”কা” বলবৎ হোৱা সময়ত তথা অসমত নাগৰিকত্ব ভিত্তিবৰ্ষ ১৯৭১ চন বুলি ৰায়দানৰ এই সময়ছোৱাত এই কথাৰ প্ৰাসংগিকতা আহি পৰিছে।
এই সকলো কথা জুকিয়াই চালে এটা কথাই স্পষ্ট হৈ পৰে যে আজিৰ অসমক আগ্ৰাসনকাৰীৰ পৰা সুৰক্ষা দিয়াৰ একমাত্ৰ উপায় হৈছে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে ছয় জনগোষ্ঠীৰ অন্যতম চুতীয়া জনগোষ্ঠী আৰু আন পাঁচ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা দি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাটো।
অসমত চুতীয়াকে ধৰি আন পাঁচটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়াৰ বিষয়টোক লৈ অৱশ্যে কিছু সংখ্যক নাগৰিকৰ মাজত এক সংশয়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃততে সমগ্ৰ দেশৰ প্ৰেক্ষাপটত যদি আমি এই বিষয়টো পৰ্য্যবেক্ষণ কৰি চাওঁ তেন্তে এই বিষয়ে কোনো ধৰণৰ সংশয়ৰ কাৰণ আছে বুলি আমাৰ মনে নধৰে। থলুৱা অসমীয়া লোকৰ কাৰণে এই পদক্ষেপ এক বৰদান স্বৰূপ হোৱাৰ সম্ভাৱনাহে বেছি। ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ১৯৬৩ চনৰ ৬৪৯নং নিৰ্দেশনা মতে ভাৰতত সংৰক্ষণৰ সীমা ৫০%-ৰ অধিক হ’ব নোৱাৰে। গতিকে অসংৰক্ষিত উচ্চ বৰ্গৰ লোকসকলৰ বাবে সংশয়ৰ কোনো কাৰণ নাই। ইতিমধ্যে সংৰক্ষণৰ সীমা ৫০ শতাংশতেই আছে। OBC আৰু MOBC অন্তৰ্ভুক্ত লোকসকলৰ কাৰণে এই পদক্ষেপ লাভজনকহে হ’ব। কাৰণ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা চুতীয়া জনগোষ্ঠী ইতিমধ্যে MOBC ৰ অন্তৰ্ভুক্ত। গতিকে এই বৃহদাংশ যদি অন্যান্য পিছ পৰা জাতিৰ পৰা আঁতৰি যায় আৰু সংৰক্ষিত স্থান সমানেই থাকে তেন্তে তেওঁলোকৰ মাজত প্ৰতিযোগিতা কমিবহে, নাবাঢ়ে।
অনুসূচিত জাতিৰ ইতিমধ্যে অন্তৰ্ভুক্ত লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই। তেওঁলোকৰ সংখ্যা আৰু সংৰক্ষিত স্থান এই দুয়ো দিশতে চুতীয়া জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণে কোনোধৰণৰ প্ৰভাৱ নেপেলায়।
এতিয়া আহোঁ, অনুসূচিত জনজাতিৰ লোকসকলৰ বিষয়টোলৈ। পাহাৰীয়া অনুসূচিত জনজাতিৰ ক্ষেত্ৰত ই কোনোধৰণৰ প্ৰভাৱ নেপেলায়। কাৰণ পাহাৰীয়া অনুসূচিত জনজাতিৰ লোকসকলৰ কাৰণে পৃথক সংৰক্ষিত স্থান থাকে। ভৈয়ামৰ অনুসূচিত জনজাতিসকলৰ মাজত অৱশ্যে প্ৰতিযোগিতা অলপ বাঢ়িব। কাৰণ চুতীয়াকে ধৰি অন্য পাঁচটা জনগোষ্ঠীয়ে ভৈয়ামৰ অনুসূচিত জনজাতিৰ মৰ্যদাহে বিচাৰিছে। ইতিমধ্যে চুতীয়া আৰু অন্য দুটা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল্ট সংঘ প্ৰায় ৰাজী হৈছে। কিন্তু এই ভূমিপুত্ৰ থলুৱা অসমীয়াসকলে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ক্ষুদ্ৰ স্বাৰ্থ বলিদান দিয়াটোৱে সমগ্ৰ অসমৰ কাৰণে বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা এইয়া সময়ৰ আহ্বান। অসম চৰকাৰে নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা পোৱাসকলৰ পৰা পৃথককৈ সংৰক্ষণ দি ভৈয়ামৰ পূৰ্বৰ অনুসূচিত জনজাতিসকলৰ স্বাৰ্থও ৰক্ষা কৰিব পাৰে।
এই বিশ্লেষণ মাত্ৰ অসমৰ পৰিসীমাতে আবদ্ধ ৰাখিব বিচৰা নাই; বৰঞ্চ ঘাইকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটতহে এই বিশ্লেষণ বেছি প্ৰযোজ্য হ’ব। বৰ্তমানৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাবিলাকত অনুসূচিত জনজাতিসকলৰ কাৰণে সংৰক্ষিত সৰহ সংখ্যক স্থানতে ৰাজস্থানৰ মীনা জনজাতিৰ লোকে সাফল্য লাভ কৰা পৰিলক্ষিত হয়।
নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা চুতীয়া সকলক যদি অনুসূচিত জনজাতিত স্থান দিয়া হয় তেন্তে এইসকলে সৰ্বভাৰতীয় স্তৰত ৰাজস্থানৰ মীনা জনজাতিকে আদি কৰি অন্য সকলো জনজাতিকে কিছু প্ৰত্যহ্বান দিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সৰ্বভাৰতীয় স্তৰত ভাৰতৰ বিভিন্ন প্ৰান্তত থলুৱা অসমীয়া মানুহে কৃতকাৰ্যতা লাভ কৰিলে সমগ্ৰ অসমেই লাভবান হ’ব। তদুপৰি ভাৰতীয় সংবিধানৰ ২৭৫ (১) অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বহুতো সাহাৰ্য আৰু অনুদান অনুসূচিত জনজাতিৰ বাবে আগবঢ়োৱা হয় (Special central assistance and grants under article 275(1) of the Constitution)। সেই সকলো কেন্দ্ৰীয় সাহাৰ্য আৰু অনুদানে অসমৰ উন্নয়নত প্ৰচুৰ অৰিহণা যোগাব পাৰিব বুলি আমাৰ ধাৰণা হয়।
চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ যুক্তিযুক্ততাঃ-
১। ভূমিপুত্র চুতীয়া সকল ঐতিহাসিক ভাৱে প্রাচীনতম জনগোষ্ঠী। উত্তৰ-পূৰ্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যময় ভাষা, ধর্মীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদিৰে বৃহৎ বড়ো কছাৰীমূলীয় ঠালৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আদিম ভূমিপুত্র জনগোষ্ঠী হিচাপে স্বীকৃতি প্রাপ্ত।২। ১৮৫২ চনৰ পৰা ১৯৬১ চনলৈকে ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়া সকলক জনজাতি বুলি চৰকাৰীভাবে চিহ্নিত কৰা হৈছে।
৩। ভাৰতবৰ্ষৰ বিভিন্ন তথা বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ ডিস্ট্রিক্ট গেজেটৰ নথিত স্বাধীনতাৰ পূৰ্বৰ আৰু পিছতো চুতীয়া সকলক জনজাতি হিচাপে চিহ্নিত কৰা আছে।
৪। গণশিল্পী বিষ্ণু প্রসাদ ৰাভাই ৰচনা কৰা “বড়ো জাতীয় সঙ্গীত “ত উল্লেখ কৰিছিল “কছাৰী, ডিমাছা, মৰাণ, বড়ো, ছুটিয়া, জলধা, ত্ৰিপুৰা, গাৰো, লালুং, হাজং, মেছ, মহলিয়া, ৰাভা, মদাই একেই ভাই।” গুৰুত্বপূৰ্ণ কথা যে জনজাতি কৰণৰ সম্পূর্ণ অর্হতা থকা পিছতো উপৰোক্ত জনগোষ্ঠী কেইটাৰ ভিতৰত ছুটিয়া (চুতীয়া) আৰু মৰাণকহে বর্তমান সময়লৈকে জনজাতি মৰ্য্যদা প্রদান কৰা হোৱা নাই।
৫। মিচিং বানে কেবাং (১১/৬/৮১), সদৌ অসম দেউৰী সম্মিলন, সদৌ অসম ট্রাইবেল সংঘই (১৪/২/৮১, মুহী দেউৰী স্বাক্ষৰিত) চুতীয়া জনগোষ্ঠীক ভৈয়াম অনুসূচিত জনজাতি স্বীকৃতি প্রদানত সন্মতি প্রদান কৰিছে।
৬।১৯৯৭ চনৰ কেন্দ্রীয় সংসদৰ বাছনি সমিতিখনে চুতীয়া জনগোষ্ঠীক অনুসূচিত (ভৈয়াম) জনজাতিত তালিকাভুক্ত কৰাত অনুমোদন জনাইছিল।
৭। চুতীয়া সকলৰ কিছু শাখা যেনে -দেউৰী চুতীয়া (দেউৰী), মিৰি চুতীয়া (মিচিং) সকলক অসমৰ ভৈয়াম অনুসূচিত জাতিৰ তালিকাত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে।
৮। ১৯৩৫ চনত চাইমন কমিচনৰ প্ৰতিবেদনত চুতীয়া সকলক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব পৰা যায় বুলি উল্লেখ কৰিছে।
৯। ১৯৮০ চনত তদানীন্তন প্রধান মন্ত্রী প্রয়াত ইন্দিৰা গান্ধীক স্মাৰক পত্র প্রদান কৰা পিছত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক পত্ৰখনৰ সন্দর্ভত ৰাজ্য চৰকাৰৰ পৰা প্রতিবেদন বিচাৰিছিল। সেইমর্মে অসম চৰকাৰে জনজাতি গৱেষণা প্রতিষ্ঠানৰ সঞ্চালকক প্রতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰৰ যোগেদি কেন্দ্রীয় চৰকাৰলৈ প্রতিবেদন প্রেৰণৰ নির্দেশনা দিছিল আৰু প্রতিবেদন জনজাতিকৰণৰ সপক্ষত থকা পিছতো চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰা নাই।
১০। ২০২৩ বৰ্ষত সংসদৰ বর্ষাকালীন অধিবেশনত জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ পাহাৰী, হেট্টি আৰু কুলিকে আদি কৰি ছটা জনগোষ্ঠীক জনজাতি কৰণৰ বিধেয়ক গৃহীত কৰিছে। ইতিমধ্যে ২০২২ চনত দেশৰ ছয় খন ৰাজ্যৰ বাৰটা জনগোষ্ঠী আৰু বৰ্তমানৰ ছয়টা মুঠ ওঠৰটা জনগোষ্ঠীক ভাৰত চৰকাৰে জনজাতিৰ মৰ্য্যদা প্রদান কৰিছে।
১১। ১৯৯৬ চনৰ লোক সভাৰ সদস্য অমৰ ৰায় প্ৰধানৰ সভাপতিত্বত গঠিত সংসদীয় বাচনি সমিতিয়ে ১৯৯৭ চনৰ ১৪ আগষ্ট তাৰিখে লোকসভাত চুতীয়া জনগোষ্ঠীক অনুসূচিত জনজাতি তালিকাভুক্ত কৰিবৰ বাবে অনুমোদন জনায়।
১২। OBC মৰ্য্যদাই চুতীয়া জনগোষ্ঠীৰ উন্নয়ন সাধিব নোৱাৰালৈ লক্ষ্য ৰাখি ১৯৭২ চনত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ চৰকাৰে চুতীয়াসকলক কেৱল শিক্ষাৰ ক্ষেত্ৰত কিছু সুবিধা প্ৰদান কৰি জনগোষ্ঠীটোক অধিকতৰ পাছপৰা শ্ৰেণী (More Other Backward Class, MOBC) হিচাপে স্বীকৃতি দিছিল।
চুতীয়া জনগোষ্ঠীক অনুসূচীত জনজাতি (ST) হিচাপে ঘোষণা কৰিলে পাবলগীয়া সংবিধান প্ৰদত্ত সুবিধাসমূহ:-
ভাৰতৰ সংবিধানে ‘জনজাতি’ শব্দটোৰ সংজ্ঞা দিবলৈ চেষ্টা কৰা নাই, কিন্তু সংবিধানত ‘অনুসূচিত জনজাতি’ শব্দটো সন্নিবিষ্ট কৰা হৈছিল অনুচ্ছেদ ৩৪২ (i)ৰ জৰিয়তে। ইয়াত নিৰ্ধাৰণ কৰা হৈছে যে – ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা অধিসূচনাৰ দ্বাৰা এটা জনগোষ্ঠীক জনজাতি ঘোষণা কৰিব পাৰে। আৰু বৈশিষ্ট্য সমূহৰ ওপৰত ভিত্তি কৰি সংবিধানৰ মতে অনুসূচিত জনজাতি বুলি গণ্য কৰা হ’ব।
সংবিধানৰ পঞ্চম অনুসূচীৰ মতে প্ৰতিখন ৰাজ্যত অনুসূচীত জাতিৰ অঞ্চলত “জনজাতি পৰামৰ্শদাতা পৰিষদ” গঠন কৰা হয়।
শৈক্ষিক আৰু সাংস্কৃতিক সুৰক্ষাঃ
অনুচ্ছেদ ১৫(৪): অন্যান্য পিছপৰা শ্ৰেণীসকলৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা (ইয়াত এছ টি সকল অন্তৰ্ভুক্ত)
অনুচ্ছেদ ২৯:- সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষা (ইয়াত এছ টি সকল অন্তৰ্ভুক্ত)
অনুচ্ছেদ ৪৬: ৰাষ্ট্ৰই বিশেষ সুবিধাৰে শৈক্ষিক দিশটোক প্ৰসাৰিত কৰিব লাগিব আৰু দুৰ্বল শ্ৰেণীৰ জনসাধাৰণৰ অৰ্থনৈতিক স্বাৰ্থ, বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ৰাইজক সামাজিক অন্যায় আৰু সকলো ধৰণৰ শোষণৰ পৰা ৰক্ষা কৰিব লাগিব।
অনুচ্ছেদ ৩৫০:- সুকীয়া ভাষা, লিপি বা সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অধিকাৰ।
ৰাজনৈতিক সুৰক্ষাঃ
অনুচ্ছেদ ৩৩০: লোকসভাত অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ।
অনুচ্ছেদ ৩৩২: ৰাজ্যিক বিধানসভাত এছ টিৰ বাবে আসন সংৰক্ষণ।
অনুচ্ছেদ ২৪৩: পঞ্চায়তসমূহত আসন সংৰক্ষণ।
প্ৰশাসনিক সুৰক্ষাঃ
অনুচ্ছেদ ২৭৫: কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈ বিশেষ অনুদানৰ ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে অনুসূচিত জনজাতিসমূহৰ কল্যাণমূলক কাম আৰু তেওঁলোকক এখন সঠিক উন্নত প্ৰশাসনযন্ত্ৰ প্ৰদান কৰা হয়।
পৰিচয়ৰ বিকাশঃ
ক্ৰমান্বয়ে আধুনিকতাৰ গ্ৰাসত পৰি চুতীয়া মানুহৰ পৰম্পৰাগত নিয়ম, ৰীতি-নীতি সমূহ ক্ৰমান্বয়ে লুপ্ত হব ধৰিছে। চুতীয়াসকলৰ মাজত নিজৰ পৰিচয় ৰক্ষাৰ বিষয়ে কিছু হীনমান্যতাত ভোগা দেখা গৈছে। মাত্ৰ জনজাতিকৰণৰ ঘোষণাইহে এই সমস্যাৰ সমাধান কৰিব পাৰিব। জনজাতীয় মৰ্যদা ঘোষণাই অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জাতি চুতীয়া সম্প্ৰদায়ক বিলুপ্তি পথৰ পৰা ৰক্ষা কৰিব পাৰে। তেতিয়াহে আমাৰ সংস্কৃতি, জাতি,পৰম্পৰা, ৰীতি-নীতি , ভাষা ৰক্ষা হব। বৰ্তমান আমাৰ নিজস্ব ভাষা বিলুপ্তপ্ৰায় হোৱা ঘটনাই চুতীয়া জাতিৰ অৱক্ষয়ৰ উদাহৰণ। এইবোৰ ৰোধৰ স্বাৰ্থতে বৰ্তমান সময়ত জনজাতিকৰণ বিষয়টি অধিক প্ৰাসংগিক হৈ পৰিছে।
এই বিষয় সমূহৰ লগতে অন্যান্য কিছু বিষয় বৰ্তমান সময়ত প্ৰাসংগিক হৈ পৰিছে। এই আপাহতে এই লেখনিৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষক বিষয়বস্তু বোৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ-
১) এচিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা সামৰিক সংগঠক বীৰাংগনা সতী সাধনীৰ নামত National Defence Academy ত এক প্রতিমূর্তি নিৰ্মাণৰ লগতে চৰকাৰী নাৰী সুৰক্ষাজনিত আত্মপ্ৰতিৰক্ষামূলক আঁচনি মুকলি কৰা, অসম চৰকাৰে প্ৰত্যেক বছৰে ৰাজ্যৰ NCC কেডেটসকলৰ একো একোজনক সন্মানিত কৰি আহিছে গতিকে সন্মানিত ছাত্ৰী কেডেট গৰাকীক বীৰাংগনা সতী সাধনীৰ নামেৰে বঁটা প্ৰদানৰ ব্যৱস্থা কৰক ।
২) চুতীয়াসকলক উপগ্রহীয় স্বায়ত্ব শাসিত পৰিষদ প্রদান।
৩) বিভিন্ন উচ্চশিক্ষাৰ প্রতিষ্ঠান যেনে- বিশ্ববিদ্যালয়, অভিযান্ত্রিক/কাৰিকৰী মহাবিদ্যালয় আৰু এ.পি.এছ.চি. পৰীক্ষাত আসন সংৰক্ষণ।
৪) চুতীয়া শব্দটো কোনো এক অশ্লীল শব্দ নহয় ই দক্ষিণ এছিয়াৰ ভাৰতবৰ্ষৰ উত্তৰ-পূব ক্ষেত্ৰৰ অন্যতম এটা ভূমিপুত্র জনগোষ্ঠী। গতিকে ইয়াক অপব্যাখ্যা ৰোধ কৰাটো অতি প্ৰয়োজন, বিশেষকৈ আমাৰ নৱ প্ৰজন্ম এই বিষয়ে সজাগ হোৱাটো সময়ৰ আহ্বান আৰু চৰকাৰেও আইন প্ৰণয়ন কৰি চুতীয়া সকলক সামাজিক ভাবে ন্যায় প্রদানৰ ব্যৱস্থা কৰিব পাৰে।
লেখক-নিপু বৰুৱা, গণসংযোগ আৰু সাংবাদিকতা বিভাগ, স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক, তেজপুৰ বিশ্ববিদ্যালয়, Email:- nipuboruah180@gmail.com ফোন নং: ৯৬৭৮৩৬৭৩৮৭
(লেখক চুতীয়াকে প্ৰমুখ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আন্দোলনৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত)
সহায়ক উৎসঃ
১) চুতীয়া জনগোষ্ঠীৰ সংগঠন সমূহৰ বিগত তিনি দশকৰ স্মাৰক পত্ৰ, ট্ৰাইবেল্ট সংঘ, মিচিং, দেউৰী সংগঠনৰ স্বীকৃতি পত্ৰ।
২) ভাৰতীয় সংবিধান অসমীয়া সংস্কৰণ ( অসম বিধানসভা ৱেবচাইট)
৩)অসমৰ নৃগোষ্ঠীয় উত্তৰণৰ ইতিহাসঃ মুনীদ্ৰ দাস
৪)চুতীয়া জাতিৰ বুৰঞ্জীঃ ড° স্বৰ্ণলতা বৰুৱা,ড° ডম্বৰুধৰ নাথ (২০০৭)
৫) ঐতিহাসিক বিৱৰ্তনত অসমৰ চুতীয়া জনগোষ্ঠীঃ কোষেশ্বৰ বৰুৱা
বি.দ্ৰঃ প্ৰবন্ধৰ সকলো বক্তব্য লেখকৰ নিজা।