তালিবানৰ কাবুল দখলৰ প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ বাণিজ্যিক সম্পৰ্কত ৷দুয়োখন দেশৰ মাজৰ পণ্য পৰিবহণ বন্ধ হৈ পৰিছে ৷ যাৰ ফলত আমদানি আৰু ৰপ্তানি দুয়োটা দিশতে ব্যাপক প্ৰভাৱ পৰিছে ৷ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ ডিৰেক্টৰ জেনেৰেল অজয় সাহায়ে এই কথা প্ৰকাশ কৰিছে ৷
পাকিস্তানৰ যি পথেৰে ইমানদিনে পণ্য পৰিবহণ চলি আছিল সেই পথ বন্ধ কৰি দিছে তালিবানে ৷এই পথেৰে আফগানিস্তানৰ পণ্য ভাৰতলৈ আহিছিল ৷ কিন্তু বিগত কিছুদিন ধৰি পথটো বন্ধ হৈ আছে ৷
অজয় সাহায়ে প্ৰকাশ কৰা মতে –‘বাণিজ্য আৰু বিভিন্ন বেহা – বেপাৰত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৷২০২১ চনত আফগানিস্তানলৈ আমাৰ দেশৰ ৰপ্তানিৰ পৰিমাণ আছিল ৮৩.৫ কৌটি ডলাৰ ৷ দেশখনৰ পৰা আমদানিৰ পৰিমাণ আছিল ৫১ কৌটি ডলাৰ ৷’ ইয়াৰ বাহিৰেও আফগানিস্তানত আছে ভাৰতৰ ৩০০ কৌটিৰ বিনিয়োগ ৷
চেনি , ঔষধ , কফি , পোছাক , মছলা আদি যথেষ্ট পৰিমানে ভাৰতে আফগানিস্তানলৈ ৰপ্তানি কৰে ৷গতিকে আফগানিস্তানে পণ্য পৰিবহণৰ পথ পুণৰমুকলি কৰি দিব বুলি আশা প্ৰকাশ কৰি কয় ,’আমি নিশ্চিত এটা সময়ত আফগানিস্তানে অনুভৱ কৰিব যে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হ’ল অৰ্থনৈতিক প্ৰগতি ৷ব্যৱসায়ৰ মাধ্যমেৰেহে এয়া সম্ভৱ ৷