আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা এটা ৬৫ ঘন্টাৰ এটা কাহিনী-

তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে  বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে।
১৫০ গৰাকী ভাৰতীয়ক দেশলৈ উভতাই অনা Indo Tibetan Boarder Police চমুকৈ ITBP ৰ কামাণ্ডেণ্ট ৰবিকান্ত গৌতমে এই সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে।তেখেতে কয়- ” ভাৰতীয় দূতবাসত ১৫ আগষ্টৰ পূৱা ৯ বজাত স্বাধীনতা দিৱস পালন কৰি থকাৰ সময়তে বোমা বিস্ফোৰণৰ শব্দই চৌপাশ কঁপাই তোলে৷ তালিবানীসকল আমাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত আছিল। আমি গম পাইছিলোঁ যে তেওঁলোক কাবুলৰ দিশে অগ্ৰসৰ হৈছে।আমাৰ দুখন বিমান কাবুল Airbase ত আছিল। আমি প্ৰথমতে ৪৬ জনীয়া এটা দল ভাৰতীয় দূতবাসৰ পৰা এটা সুৰক্ষিত বিমানবন্দৰলৈ পঠিয়াই দিলোঁ। কিন্তু দ্বিতীয় দলটোৰ বাবে মানুহবোৰক চহৰ ভিন ভিন এলেকাৰ পৰা আনিব লগীয়া হৈছিল।
দ্বিতীয় দলটোত মই , ৰাজদূত , ৯৯ গৰাকী কামাণ্ডো, তিনিগৰাকী মহিলা আৰু দূতবাসৰ কৰ্মীসকল আছিলো। আমি ১৫ আগষ্টৰ আবেলিতেই কাবুল বিমানবন্দৰলৈ বুলি আগবাঢ়িলোঁ। কিন্তু লক্ষ্যস্থান পাবলৈ সক্ষম নহলো। এটা চেক পইণ্টত এদল বন্দুকধাৰী লোকৰ লগত আমাৰ সংঘৰ্ষ হ’ল৷ তেওঁলোকে আমাৰ ওপৰত গুলীবর্ষণ আৰম্ভ কৰিলে, Rocket Louncher উলিয়াই ললে। আমিও বন্দুক উলিয়াই ললোঁ। আমাৰ এনে ভাব হল যেন আজি ইয়াত শ্বহীদ হম অথবা নিজৰ লক্ষ্যস্থানত উপনীত হম। কিন্তু কিছু সময় পাছত পৰিস্থিতি সুস্থিৰ অৱস্থালৈ আহিল। আমিও আমাৰ গতি সলনি কৰিলোঁ। আমি যুদ্ধ কৰিবলৈ বিচৰা নাছিলোঁ। আমাৰ মানুহখিনিক সুৰক্ষিত কৰি ঘূৰাই আনিবলৈ বিচাৰিছিলোঁ। সংঘৰ্ষ হলে মানুহ মৃত্যুমুখত পৰিলহেঁতেন। আমি পুনৰ নিজৰ দূতবাসলৈ ঘূৰি আহিলোঁ। পিছদিনা অৰ্থাৎ ১৬ আগষ্টৰ আবেলিলৈকে আমি ৪ বাৰ ওলাবলৈ চেষ্টা কৰিলোঁ। কিন্তু চাৰিওফালে বন্দুকধাৰী তালিবানী সকলে পিয়াপি দি আছিল ।দূতবাসৰ পৰা বিমানবন্দৰ ১৫ কিলোমিটাৰ দূৰত্বত আছিল।এইবাৰ ভাবি ললোঁ, যি হব দেখা যাব ।ৰাতি ১০.৩০ বজাত পুনৰ Airbase লৈ ৰাওনা হলো।বন্দুকধাৰী সকলৰ পৰা হাত হাৰি, নিশা ৩.৩০ বজাত বিমানবন্দৰ পালোঁ। বিমানবন্দৰ উপস্থিত হোৱাৰ পাছতহে আমি শান্তিৰে উশাহ লব পাৰিছিলো। আমাৰ C-17 বিমান খন পূৱা ৫.৩০ বজাত উৰা মাৰিলে। ১১.১৫ বজাত আমি গুজৰাটত উপস্থিত হলো।ইয়াৰ পাছত আমাক হিন্দন Airbase লৈ লৈ যোৱা হল। এই সমগ্ৰ ৫৬ ঘণ্টা জোৰা ঘটনাক্ৰমত কাৰোৰে চকুত টোপনি নাছিল৷আনকি কোনোৱে একো খোৱাও নাছিল।”
এয়া আছিল কামাণ্ডেণ্ট ৰবিকান্ত গৌতমে ব্যক্ত কৰা অভিজ্ঞতা।হয়তো আপোনাৰো এনে লাগিব যেন আপুনি এখন চিনেমা চাই আছিল বা এটা গল্প পঢ়ি আছিল৷কিন্তু এই ৬৫ ঘন্টাৰ অভিজ্ঞতাৰ সন্মুখীন হোৱা ১৫০ গৰাকী ভাৰতীয়ইহে বুজিব,কিমান ভয়াৱহ আছিল সেই সময়৷

Comments (0)
Add Comment