আফগানিস্তানে অন্য কোনো দেশক ভাবুকি প্ৰদান নকৰে ৷আফগানৰ ভূমি ব্যৱহাৰ কৰি কোনেও প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষতি কৰিব নোৱাৰে ৷ দুটা দশকৰ পাছত আফগানিস্তানৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত এইদৰে কৈছে তালিবানৰ নেতৃত্বই ৷
তালিবানৰ মুখপাত্ৰ যাবিউল্লাহ মুজাহিদে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় ,’ইছলামিক আমিৰশ্বাহীয়ে বিশ্বৰ সকলো দেশকে জনায় যে আফগানিস্তানে কোনো দেশকে হুমকি নিদিয়ে ৷সকলোকে লৈ আমি চৰকাৰ চলাব বিচাৰো ৷দেশৰ ভিতৰত বা বাহিৰত আমি কোনো শত্ৰু নিবিচাৰো ৷আমাৰ কাৰো লগত শত্ৰুতাও নাই ৷ আমাৰ নেতাৰ নিৰ্দেশত আমি সকলোকে ক্ষমা কৰি দিছো ৷’
সংবাদমেলত তেও লগতে স্পষ্ট কৰি দিয়ে যে আফগানিস্তানৰ ভূমি অন্য কোনো শক্তিৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব ৷ দূতাবাস সমূহৰ সুৰক্ষাৰ দায়িত্ব লৈ তেও কয় ,’নিজৰ সুৰক্ষাৰ দিশত তালিবান স্বাবলম্বী ৷ দেশৰ ভিতৰত থকা সমস্ত আন্তৰ্জাতিক প্ৰতিনিধিসকলক ৰক্ষা কৰা হ’ব ৷কোনো বিদেশী শক্তিৰ হস্তক্ষেপ আমি নিবিচাৰো ৷’
মহিলাৰ অধিকাৰ সন্দৰ্ভত তালিবানৰ বক্তব্য,’ তালিবানৰ শাসনকালত মহিলাক চাকৰি কৰাৰ অধিকাৰ দিয়া হ’ব ৷ তেওলোকে কৰ্মক্ষেত্ৰত যোগ দিব পাৰিব ৷ কিন্তু সকলো শৰিয়ত আইন অনুসৰি হ’ব ৷’