সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

◆ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব

◆ মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটা পুতা অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব

◆ বহু আকাংক্ষিত দলং খনৰ কামৰ আৰম্ভণিক লৈ উৎফুল্লিত মাজুলীবাসী। দলং খন নিৰ্মাণৰ বাবে ৯২৫ কোটিৰো অধিক টকা অনুমোদন জনোৱা হৈছে

◆ দলংখনৰ মুঠ দৈঘ্য হব ৮০২৫ মিটাৰ। লক্ষ্ণৌৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলংখন।ইতিমধ্যে দলংখন নিৰ্মাণৰ বাবে বিভিন্ন সা-সামগ্ৰী আহি পৰ্যায়ক্ৰমে মাজুলী পাইছে

◆ উল্লেখ্য যে ৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাৰ পিছত যোৰহাট-মাজুলী সংযোগী দলংখন নিৰ্মাণৰ দাবী সজোৰে উত্থাপন হৈছিল

◆ তাৰ পিছতে খৰখেদাকৈ এই কাম আৰম্ভ কৰিছে চৰকাৰে।মন্ত্ৰী অজন্তা নেওগক দলংখন নিৰ্মাণৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে

#majulithecrosscurrent
Comments (0)
Add Comment