ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ গৌৰাম্বিত৷বিধানসভা অধিবেশনৰ তৃতীয় দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই,এফালৰ পৰা কৈ গ’ল ইটোৰ পিছত সিটো ঋণ গ্ৰহণৰ পৰিকল্পনাৰ কথা৷তাৰমাজতে মুখ্যমন্ত্ৰীয়ে কলে-ঋণ গ্ৰহন কৰিছে কেৰালাৰ চৰকাৰেও৷কিন্তু তাৰমাজতে উত্থাপন হৈছে প্ৰশ্ন৷ঋণ গ্ৰহন কৰি আগুৱাইছে কেৰলা৷পিছুৱাইছে কিয় অসম?
ঋণ গ্ৰহন কৰা কেৰালা চৰকাৰে জানুৱাৰীৰ পৰা নিজাববীয়াকৈ পুনৰ আৰম্ভ কৰিব বন্ধ হৈ ৰোৱা এটা কাগজ কল৷দুবছৰ পূর্বে বন্ধ হৈছিল কেৰালাৰ হিন্দুস্তান নিউজপ্ৰিন্ট লিমিটেড নামৰ কাগজ কলটো৷কিন্তু বন্ধ হৈন ৰোৱা কাগজ কলটো পুনৰ আৰম্ভ কৰিব এইবাৰ কেৰালা চৰকাৰে৷লোকচানত চলাৰ অজুহাতত বন্ধ কৰি দিয়া কাগজ কলটো কেৰালা পেপাৰ প্ৰডাক্টচ লিমিটেড নামেৰে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ কৰিব কেৰালা চৰকাৰে৷এই প্ৰক্ৰিয়াটোৰ বাবে ন্যায়িক যুজতো নামিব লগা হল কেৰালা চৰকাৰে৷ঋণ লৈ চৰকাৰ চলোৱা কেৰালা চৰকাৰে নিজৰ অধীনলৈ আনিলে এটা কাগজ কল৷কিন্তু ঋণ লৈ অসম চৰকাৰে ৰক্ষা কৰিব নোৱাৰিলে কিয় কাচাৰ আৰু জাগীৰোডৰ কাগজ কল?দীর্ঘদিন ধৰি বন্ধ হৈ ৰোৱা অসমৰ কাগজ কল দুটাৰ ইজনৰ পিছত সিজন কর্মচাৰীৰ মৃত্যু ঘটিছে৷বেতন বঞ্চিত কর্মচাৰীয়ে ইতিমধ্যে আত্মহত্যাৰ পথো বাছি লৈছে৷নিলামৰ জৰিয়তে ব্যক্তিগতকৰনৰ সলনি ঋণৰ ধনেৰে কেৰালাৰ আদর্শৰে এই কাগজ কল দুটা কিয় ৰক্ষা কৰিব নোৱাৰিলে অসম চৰকাৰে?
এইবাৰ চাও আহক দুখন প্ৰতিবেদনৰ তথ্য৷
শেহতীয়া সময়খিনিত নিতি আয়োগে মুকলি কৰা প্ৰতিবেদনৰ ভিতৰেত এখন আছিল Multidimensional Poverty Index ৷এই প্ৰতিবেদনৰ তথ্য অনুসৰি অসমৰ ৩২.৬৭ শতাংশ মানুহেই এতিয়া দৰিদ্ৰ৷তাৰ বিপৰীতে কেৰালাৰ মাত্ৰ ০.৭১ শতাংশ লোক দৰিদ্ৰ বুলি তথ্য প্ৰকাশ পাইছে এই প্ৰতিবেদনত৷
শেহতীয়া স্বাধীন সংস্থা Public Affairs Centre য়ে প্ৰকাশ কৰিছে পাব্লিক এফেৱাৰচ ইন্দেক্স ২০২১৷পাব্লিক এফেয়াৰচ ইন্দেক্স হৈছে এনে এখন তালিকা,যিয়ে ৰাজ্য একোখনৰ সুশাসনৰ মানদণ্ড নির্নয় কৰে৷সমতা,বিকাশ আৰু স্থিৰতাৰ সূচাংকৰ ভিত্তিত প্ৰস্তুত কৰা হয় এই তালিকা৷পাব্লিক এফেয়াৰচ ইন্দেক্সত দেশৰ বৃহৎ ৰাজ্য সমূহৰ ভিতৰত এইবাৰ প্ৰথম স্থান দখল কৰিছে কেৰালাই৷বিগত বর্ষতো প্ৰথম স্থানত আছিল কেৰালা৷কেৰালাৰ স্ক’ৰ ১.৬১৮৷এই তালিকাত অসমে দখল কৰিছে ১৪ নম্বৰ স্থান৷অসমৰ গড় স্ক’ৰ মাইনাচ ০.৪৫৯৷অর্থাৎ ঋণৰ ধনেৰে সুশাসন আগবঢ়োৱাটো ব্যর্থ হৈছে অসম চৰকাৰ৷
এতিয়া আহিছো শেহতীয়াকৈ ভাৰত চৰকাৰে লোকসভাত ডাঙি ধৰা শিক্ষা সম্পর্কীয় এটা তথ্যলৈ৷এই তথ্য অনুসৰি অসমত ৭৬.৮ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৷ইয়াৰে ৬২.৯ শতাংশই মাধ্যমিক পৰ্যায়লৈ শিক্ষাজীৱন অব্যাহত ৰাখে৷মাধ্যমিক শিক্ষাৰ পাছতে অন্তৰ্ধান হয় অধিকাংশ ছাত্ৰ – ছাত্ৰী৷উচ্চ মাধ্যমিকত নামভৰ্তি কৰে কেৱল ৩৯.৪৭ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷তাৰ পাছৰ ছবিখন আৰু ভয়াৱহ৷অসমত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে মাত্ৰ ১৭.২৪ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷অসমত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ৭৬.৮ শতাংশ শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১৭.২৪ শতাংশইহে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা জীৱন অব্যাহত ৰাখে ৷
একেই তথ্য অনুসৰি তথ্য অনুসৰি কেৰালাৰ ১০০ শতাংশ , পঞ্জাৱৰ ৯১ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ৷
সেইবাবেই এতিয়া প্ৰশ্ন এটাই,ঋণ গ্ৰহন কৰি আগুৱাইছে কেৰালা৷কিন্তু পিছুৱাইছে কিয় অসম?

#himanta_biswa_sarmathecrosscurrent
Comments (0)
Add Comment