বঙাইগাওত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট৷ বুধবাৰৰ ১১ বজাৰ পৰা বঙাইগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠক। বৈঠকৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বিজিৎ দৈমাৰীৰ লগতে অন্যান্য মন্ত্ৰী সকলে।এই বৈঠকত অসম আৰক্ষীৰ ৫ টা নতুন বেটেলিয়ন, ৬ হাজাৰ নতুন আৰক্ষী কনিষ্টবল নিযুক্তি প্ৰসংগত আনুষ্ঠানিকতা প্ৰদান কৰাৰ সম্ভাৱনা আছে।