তিনিচুকীয়াত জম্মুকাশ্মীৰ-কৰ্ণাটকৰ দম্পতীক আটক
তিনিচুকীয়াৰ হোটেলত আটক জম্মুকাশ্মীৰ-কৰ্ণাটকৰ দম্পতী
ভুৱা পৰিচয় পত্ৰৰে আশ্ৰয় লৈছিল হোটেলত
আটক কৰ্ণাটকৰ মহম্মদ হাইয়াট খাটিব, জন্মু কাশ্মীৰৰ চমিনা য়াকুৱ
তিনিচুকীয়াৰ হোটেল ‘চেফায়াৰ’ৰ পৰা আটক
সেনা- আৰক্ষীৰ অভিযানত আটক
উদ্ধাৰ ডিভিজনেল ইঞ্জিনিয়াৰৰ ভুৱা নথি পত্ৰ
প্ৰৱঞ্চনামূলক কাম-কাজ, জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ আৰক্ষীৰ
তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
এই মুহূৰ্তলৈকে সেনা আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই যদিও, যুৱক জনৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পাৱাৰ গ্ৰীড কৰ্পৰেচনত ডিভিজনেল ইঞ্জিনীয়াৰ হিচাপে থকা ভুৱা নথি পত্ৰ উদ্ধাৰ কৰিছে সেনা আৰক্ষীয়ে ।