ড° দিগন্ত বিশ্ব শৰ্মাক ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২’প্ৰদান।

শিৱসাগৰৰ অৰুণোদয় শাখা সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° দিগন্ত বিশ্ব শৰ্মাক ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২’ প্ৰদান কৰা হয়। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ড° শৰ্মাক এই বঁটা প্ৰদান কৰে। বঁটাত আছে নগদ ১০ হেজাৰ টকা, এটা স্মাৰক, ফুলাম গামোচা, ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰ। বিশিষ্ট কবি প্ৰেম গগৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত‌‌‌, জিলা জনসংযোগ বিষয়া জয়ন্ত মাউতকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

Comments (0)
Add Comment