ৰাজ্যিক বিজেপিত বিদ্ৰোহৰ উকমুকনি!

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কাকত ‘নিয়মীয়া বাৰ্তা’ত ১৭ নবেম্বৰত প্ৰকাশ পাইছে অসম চৰকাৰৰ খাদ্য – অসামৰি যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ এটা আছুতীয়া সাক্ষাৎকাৰ ৷ কাকতখনৰ ‘ৰাজনীতি’ শীৰ্ষক সপ্তম পৃষ্ঠাত প্ৰকাশিত এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিছে সাংবাদিক গুণজিৎ ভট্টাচাৰ্যই ৷ এই সাক্ষাৎকাৰটোত মন্ত্ৰী ৰণজিত কুমাৰ দাসে শেহতীয়া উপ নিৰ্বাচন , বিৰোধী বিধায়কৰ বিজেপিত যোগদান আৰু দলৰ মজিয়াত নবীন – প্ৰবীন কৰ্মীৰ সংঘাত সন্দৰ্ভত অনেক বিস্ফোৰক মন্তব্য কৰিছে ৷ এই সাক্ষাৎকাৰটোৰ শিৰোনাম দিয়া হৈছে ‘বিৰোধীৰ বিধায়কেৰে বিজেপিক শক্তিশালী কৰাৰ ধাৰণা কোনো কাৰ্যকৰ্তাই মানি নলয় ৷’ এই সাক্ষাৎকাৰটোৰ প্ৰথম প্ৰশ্নটো আছিল –
মিত্ৰজোটৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো বিৰোধী বিধায়কক বিজেপিলৈ অনাৰ কাৰণ কি ? বিৰোধীৰ দখলত থকা সমষ্টিত বিজেপিৰ সাংগঠনিক গতি দুৰ্বল নেকি ? নে সমষ্টিটোত বিজেপিৰ শক্তিশালী নেতা নাই ?
এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰণজিত কুমাৰ দাসে কৈছে যে’ বৰ্তমান বিজেপিৰ ৪২ লাখ সদস্য আৰু ৪.৭০ লাখ পৃষ্ঠাপ্ৰমুখৰ লগতে ২১ হাজাৰ সক্ৰিয় বুথ আছে ৷ এনে শক্তিশালী স্থিতিৰ পাছতো বিৰোধী দলৰ বিধায়কক সললৈ অনাৰ যি ব্যৱস্থা , তাক মই অপ্ৰয়োজনীয় ব্যৱস্থা বুলি ভাবো ৷’একেটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰণজিত কুমাৰ দাসে এইদৰেও কৈছে যে’উপ –নিৰ্বাচনৰ জড়িয়তে যি বিৰোধী দলৰ নেতা আমাৰ দললৈ আহিল , তাৰ জড়িয়তে আমি অধিক শক্তিশালী হ’ম বুলি নাভাবো ৷ তামুলপুৰ আৰু গোসাইগাও সমষ্টিৰ বিধায়কৰ মৃত্যুৰ বাবে তাত উপ –নিৰ্বাচন হোৱাটো স্বাভাৱিক আছিল ৷ একেদৰে মাজুলী সমষ্টিৰ উপ –নিৰ্বাচন এক স্বাভাৱি প্ৰক্ৰিয়া ৷ কিন্তু থাওৰা , মৰিয়ণি আৰু ভবানীপুৰত হোৱা উপ – নিৰ্বাচনৰ প্ৰয়োজন নাছিল ৷ ইফালে , ৰাজ্যত আকৌ উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ওলোৱা বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰণজিত কুমাৰ দাসে ৷ তেও কয় –‘ইয়াৰ দ্বাৰা বিজেপি লাভান্বিত হোৱাৰ বিপৰীতে ক্ষতিগ্ৰস্থহে হ’ব ৷ এই বিষয়বোৰে ভোটাৰ ৰাইজক অসন্তষ্ট কৰিব ৷ উপ –নিৰ্বাচনৰ জড়িয়তে বিৰোধী বিধায়কক দললৈ অনাৰ যি ব্যৱস্থা , সেয়া দলৰ বাবে ভাল ব্যৱস্থা নহয় ৷ “
সাক্ষাৎকাৰৰ দ্বিতীয় প্ৰশ্নটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ এইবাৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰসংগৰে সাংবাদিকে সুধিছে –
মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে মন্তব্য কৰিছে যে বিৰোধীৰ ১৫ জন বিধায়কে বিজেপিলৈ অহাৰ বাবে যোগাযোগত আছে ৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মাজুলীৰ লগতে আন দুটা সমষ্টিত উপ নিৰ্বাচন হ’ব বুলি উল্লেখ কৰিছে ৷ ৰাইজে বিজেপিক জনাদেশ দিয়াৰ পাছতো এনে উপ –নিৰ্বাচনৰ নামত ৰাজহুৱা ধনৰ অপচয় নহয়নে ? গণতন্ত্ৰত শক্তিশালী বিৰোধীৰ প্ৰয়োজন ৷ কিন্তু বিজেপিয়ে বিৰোধীক নাইকিয়া কৰিব বিচৰা নাইনে ?
এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী ৰণজিত দাসে দলৰ আভ্যন্তৰীন সিদ্ধান্তৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰিলে ৷ তেও কয় যে ‘গণতন্ত্ৰক সন্মুখত ৰাখি বিজেপিয়ে দল পৰিচালনা কৰি আছে ৷ এইটো কথা ঠিক যে শক্তিশালী বিৰোধী থাকিলেহে সুস্থ গণতন্ত্ৰ হ’ব ৷ নহ;লে একনায়কত্ববাদ আহি পৰিব ৷ আমি গণতন্ত্ৰক বিশ্বাস কৰো , গণতন্ত্ৰৰ উত্থান হওক ৷ কিন্তু দলৰ শেহতীয়া ব্যৱস্থাৱলীয়ে ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিব ৷’এই বক্তব্যৰে ৰণজিত দাসে বিৰোধীক নি:শেষ কৰি কোনোবাই একনায়কত্নবাদ প্ৰতিষ্ঠা কৰিব বিচৰাৰো ইংগিত প্ৰদান কৰিছে ৷ কোনে এই কাম কৰিব বিচাৰিছে তেওৰ যদিও নাম উল্লেখ কৰা নাই , ৰণজিত দাসে কাৰ কথা ক’ব বিচাৰিছে , সেয়া সহজেই অনুমেয় ৷ পূৰ্বতকৈ অধিক স্পষ্ট ভাষাৰে তেও এইবুলিও কৈছে যে বিৰোধীৰ বিধায়কক দললৈ আদৰি আনি বিজেপিক শক্তিশালী কৰাৰ যি ধাৰণা , সেই ধাৰণা অমূলক আৰু দলৰ কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাইজেও সেয়া কেতিয়াও গ্ৰহণ নকৰে ৷
এইখিনি বক্তব্যৰ পৰা এটা কথা অতি স্পষ্ট হৈ পৰে যে দলৰ শেহতীয়া সিদ্ধান্তক লৈ ৰণজিত দাস বাৰুকৈ অসন্তুষ্ট ৷ সেইবাবে পৰৱৰ্তী প্ৰশ্নৰ উত্তৰত তেও আৰু বহু কথাই মুকলিকৈ ক’লে ৷ সাক্ষাৎকাৰৰ তৃতীয় প্ৰশ্নটো আছিল – বিজেপিলৈ শেহতীয়াকৈ বিৰোধী দলৰ পৰা নেতাৰ লগতে কৰ্মীকো আদৰি অনা হৈছে ৷ ন- বিজেপিৰ আগমনে দলক শক্তিশালী কৰিব বুলি দাবী কৰাৰ বিপৰীতে এলাগী হৈছে পুৰণি বিজেপি কৰ্মী – নেতা ৷ ইয়াৰ ফলত দল ক্ষতিগ্ৰস্থ নহ’বনে ? পুৰণি বিজেপি অসন্তুষ্ট হৈ গৈ থাকিলে আগন্তুক সময়ছোৱাত দলৰ সাংগঠনিক দিশত প্ৰভাৱ নপৰিবনে ?
সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত ৰণজিত দাসে অধিক স্পষ্টকৈ কৈ গ’ল দলৰ মাজলৈ আহি পৰা বিপদৰ বিষয়ে ৷ তেও ক’লে –‘বিৰোধীৰ নেতা কৰ্মীক দললৈ আদৰি আনি থাকিলে দলৰ ভিতৰচ’ৰাত প্ৰভাৱ পৰাটো স্বাভাৱিক ৷ মই ভাবো যে যি পৰ্যায়ৰ নেতাই নওক কিয় , মণ্ডল – বুথ সমিতিৰ অনুমতি নোলোৱাকৈ নতুনকৈ সদস্য অন্তৰ্ভুক্ত হ’ব নালাগে ৷ দললৈ অনা নতুন নেতাক বুথ আৰু মণ্ডল সমিতিৰ অনুমোদন সাপেক্ষেহে আনিব লাগে বুলি দলৰ এক নিয়ম আছে ৷’
ৰণজিত দাসে কোৱাৰ দৰে ফনী তালুকদাৰ , ৰূপজ্যোতি কুৰ্মী অথবা সুশান্ত বৰগোহাইক দললৈ আদৰি অনাৰ ক্ষেত্ৰত এই নিয়ম পালন কৰা হৈছিলনে , সেয়া এতিয়া এক দাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ন – বিজেপিক দলৰ দায়িত্ব দিয়াকলৈও যেন অসন্তুষ্ট ৰণজিত কুমাৰ দাস ৷ কাৰণ তেও সাক্ষাৎকাৰটোত এইদৰে কয় – ‘মই দলৰ সভাপতিৰ দায়িত্বত থকা সময়ত এটা নীতিক অনুকৰণ কৰিছিলো ৷ সেয়া হৈছে প্ৰবীণক সন্মান আৰু নবীনক মৰম ৷ এই নীতি যদি চলি থাকে তেন্তে প্ৰবীন কাৰ্যকৰ্তাসকল এলাগী নহয় ৷ যদি এই নীতি বন্ধ হয় , তেন্তে স্বাভাৱিকতে নতুন নেতা কৰ্মীৰ আগমন যে বৃহৎ স্বাৰ্থপূৰণৰ লক্ষ্য সেয়া সকলোৱে বুজি পাব ৷ বিজেপিৰ অ- আ, ক খ নজনা ব্যক্তিক গুৰুদায়িত্ব দিয়াটো মই কেতিয়াও সমৰ্থন নকৰো ৷ সেয়া হ’লে দললৈ অশনি সংকেত অহাৰ সম্ভাৱনা বেছি ৷
কোনে বিজেপিত নতুন নেতা কৰ্মীৰ প্ৰৱেশ ঘটাই বৃহৎ স্বাৰ্থ পূৰ্ণ কৰিব বিচাৰিছে , সেয়া মুখ ফুটাই কোৱা নাই ৰণজিত দাসে ৷ তেও কাৰ ফালে আঙুলি টোৱাইছে , তাক লৈ অধিক চিন্তা চৰ্চা চাগে আমাৰ সচেতন দৰ্শকসকলে কৰিবলগা হোৱা নাই ৷ কিন্তু বুধবাৰে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত ৰনজিত কুমাৰ দাসৰ এই সাক্ষাৎকাৰটোৱে বিজেপিৰ ভিতৰচ’ৰাত ইতিমধ্যে ধুমুহাৰ সৃষ্টি কৰিছে ৷ কেৱল বিজেপিৰ বাবেই নহয় , ৰাজ্য চৰকাৰৰ মজিয়াতো এয়া নতুন বিদ্ৰোহৰ উকমুকনি নেকি , তাক লৈও চৰ্চা আৰম্ভ হৈছে ৷

#himanta_biswa_sarma#niyomiya_bartaBJP
Comments (0)
Add Comment