আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত এটা বছৰত দেশৰ ভিতৰতেই সর্বাধিক গোচৰ ৰুজু হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে৷নেচনেল ক্ৰাইম ৰেকর্ড ব্যুৰ তথ্য অনুসৰি ২০২০ চনত দেশত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে সর্বমুঠ ৪৭২০ টা গোচৰ৷কিন্তু তাৎপর্যপূর্ণভাবে কেৱল অসম আৰক্ষীৰ বিৰুদ্ধেই ৰুজু হৈছে ২১৭৯ টা গোচৰ৷আনহাতে ২১৭৯ টা গোচৰ ৰুজু হোৱা পাছত গ্ৰেপ্তাৰ হৈছে মাত্ৰ ৪ জন আৰক্ষী৷
একেদৰে অসমৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে সর্বাধিক গোচৰ ৰুজু হৈছে মহাৰাষ্ট্ৰত৷২০২০ চনত মহৰাষ্ট্ৰ আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে ৪০৭ টা গোচৰ৷আনহাতে সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হপৈছে ২৭৩ গৰাকী আৰক্ষী৷একেদৰে জম্মু কাশ্মীৰ আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে ৯৩ টা গোচৰ আৰু গ্ৰেপ্তাৰ হৈছে ৮২ গৰাকী আৰক্ষী৷উল্লেখনীয় যে উত্তৰ পূর্বাঞ্চলৰ মিজোৰাম আৰু চিকিম আৰক্ষীৰ বিৰুদ্ধে ২০২০ চনত ৰুজু হোৱা নাই কোনো গোচৰ৷বিপৰীতে অৰুনাচলত ২৪৪ টা ,মনিপুৰত ১০ টা,মেঘালয়ত ২ টা,নগালেণ্ডত ৩ টা,আৰু ত্ৰিপুৰাত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছিল ২ টা টা গোচৰ৷