অসমীয়া ছবি মই এখনো চোৱা নাই এতিয়ালৈকে ৷ ভিলেজ ৰকষ্টাৰ্ছৰ বাহিৰে ৷ দূৰদৰ্শন নামৰ মুভীখন ভাল হোৱা বুলি শুনিছিলো কিন্তু চাবলৈ নাপালো ৷ বাকী মুভীবোৰক বেছি গুৰুত্ব দিয়া নাই ৷বহুত ভাল হোৱা বুলি ভবা নাই ৷ হিন্দী মই চব মুভী চাইছো ৷’
এয়া আছিল কণ্ঠশিল্পী সীমান্ত শেখৰৰ মন্তব্য ৷ কোনো লুক ঢাক নকৰাকৈ তেও অসমীয়া চিনেমাক অস্বীকাৰ কৰিছে ৷ সেয়া চাবলগীয়া চিনেমা বুলি তেও ভবাই নাই ৷ এগৰাকী অসমীয়া কণ্ঠশিল্পীৰ এয়া মুকলি স্বীকাৰোক্তি ৷ ইয়াত আচৰিত হ’বলগীয়া একো নাই ৷ অসমীয়া চিনেমা নোচোৱাতো তেওৰ ব্যক্তিগত সিদ্ধান্ত ৷ কিন্তু আচৰিত তেতিয়া হ’ব লাগিব যদি অসমীয়া চিনেমাৰ উন্নতিৰ চৰকাৰী দায়িত্ব এনে এগৰাকী ব্যক্তিক দিয়া হয়, যিয়ে আজিলৈ এখনো অসমীয়া চিনেমা চাই পোৱা নাই ৷
এয়াই ঘটিল এইখন অসমত ৷ বুধবাৰে অসম চৰকাৰে বিভিন্ন নিগম – নিকায়ৰ অধ্যক্ষ – উপাধ্যক্ষৰ তালিকা প্ৰকাশ কৰে ৷ টিকট নোপোৱা বা বিগত নিৰ্বাচনত পৰাজিত হোৱা কেবেগৰাকীও নেতাক বিভিন্ন নিগম নিকায়ত সংস্থাপিত কৰা হয় ৷ তাৰ মাজৰে এজন আছিল সীমান্ত শেখৰো ৷ তেওক দিয়া হয় – অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব ৷ অৰ্থাৎ অসমীয়া চিনেমাৰ উন্নয়নৰ গুৰুদায়িত্ব সীমান্ত শেখৰৰ কান্ধত তুলি দিয়া হয় ৷
তেও এই দায়িত্ব কিমানদূৰ পালন কৰে , সেয়া ভৱিষ্যতৰ দিনৰ লক্ষণীয় বিষয় হ’ব ৷ কিন্তু অসমীয়া চিনেমা নোচোৱা , চোৱাৰ অনুপযোগী বুলি ভবা , অসমীয়া চিনেমা উদ্যোগটোৰ প্ৰতি তিলমানো আন্তৰিকতা নথকা , অসমীয়া প্ৰযোজক –পৰিচালকক অযোগ্য বুলি বিবেচনা কৰা এজন ব্যক্তিক কিয় চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰহে দায়িত্ব দিয়া হ’ল , তাক লৈ সমালোচনা আৰম্ভ হৈছে ৷