কংগ্ৰেছ দলৰ সৈতে তিনি দশকৰ সম্পৰ্ক এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তাৰ পাছত মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি তেও কয় ,” অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধী ভৱিষ্যতে ওচৰ চাপি আহিলে মেজিক হ’ব পাৰে ৷”
সুস্মিতা দেৱৰ পৰিয়ালৰ সৈতে কংগ্ৰেছৰ আছে চাৰিটা প্ৰজন্মৰ সম্পৰ্ক ৷ এতিয়া কংগ্ৰেছ এৰিলেও সেই সম্পৰ্ক ছিন্ন নহ’ব বুলি আশা প্ৰকাশ কৰি তেও কয় ,”ছোনিয়া গান্ধীৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব বুলিয়েই আশা কৰো ৷”
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ভূয়সী প্ৰশংসা কৰি পদত্যাগী কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় ,”২০০৬ চনত আমি ওকালতি কৰি আছিলো ৷ সেই সময়ত মমতা বেনাৰ্জীয়ে গ্ৰহণ কৰা ২৬ দিনীয়া অনশণৰ কাৰ্যসূচীয়ে আমাৰ মনত ৰেখাপাত কৰি গৈছিল ৷”
দেওবাৰে কংগ্ৰেছ ত্যাগ কৰি সোমবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে ৷