এন আৰ চিত ৩৬০ কৌটিৰ দুৰ্নীতি : প্ৰতীক হাজেলাক সুৰক্ষা দিছে কোনে ?

আছাম পাব্লিক ৱৰ্কছৰ সংবাদমেল

‘এন আৰ চিৰ দুর্নীতিৰ কথা আমি সময়ে সময়ে কৈ আহিছো যদিও আমাৰ প্রতিটো তথ্য সচা প্ৰমাণ কৰি শেহতীয়া যি অডিটৰ জেনেৰেলৰ প্ৰতিবেদন তাত ৩৬০ কৌটি টকাৰ ভয়ংকৰ বিসংগতি ধৰা পৰিছে।  কিন্ত কথা হ’ল এই সম্পৰ্কত আমি ৰুজু কৰা এটা গোচৰৰ প্ৰাথমিক তথ্য শুদ্ধ পাই প্রতীক হাজেলাৰ বিৰূদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ প্রেৰণ কৰা এটি ফাইল আজি ছমাহ ধৰি গৃহ বিভাগৰ কার্যালয়ত পৰি থকা বুলি আমি জানিবলৈ পাইছো।  অসমৰ আমোলাৰ মাজত থকা হাজেলাৰ ঘনিষ্ঠ বিষয়াই এই ফাইল গাপ দি ৰখা বুলি আমি জ্ঞাত হৈছো৷’– এই গুৰুতৰ অভিযোগ আছাম পাব্লি ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷ এন আৰ চি প্ৰকাশৰ দুবছৰ সম্পূৰ্ণ হোৱা দিনটোত আছাম পাব্লিক ৱৰ্কছে এন আৰ চি প্ৰকাশত হোৱা অনিয়ম আৰু দুৰ্নীতি সন্দৰ্ভত বহু বিস্ফোৰক অভিযোগ উত্থাপণ কৰে ৷ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাৰ বিবৃতিৰ পূৰ্ণপাঠ তলত উল্লেখ কৰা হ’ল –

“আজি এন আৰ চি প্রকাশ হোৱা দুবছৰ সম্পূৰ্ণ হল।  দুবছৰ ধৰি এক পয়ালগা, জঠৰ প্রক্রিয়াৰ মাজেৰে এন আৰ চি আগবাঢ়িছে।  মহামান্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত যোৱা ২০২০ চনৰ জানুৱাৰী মাহৰ পাছৰ পৰা কোনো শুনানি আজিলৈ অনুষ্ঠিত হোৱা নাই।  অর্থাৎ যোৱা ঊনৈশ মাহ ধৰি প্ৰকৃত অর্থত কোনো ধৰণৰ নীতি নিৰ্দেশনা অবিহনে এন আৰ চি চলি আছে। আনহে নালাগে এন আৰ চি প্রকাশ কৰাৰ পাচত যি পৰিক্রমাৰ মাজেদি ইয়াৰ পাচৰ পর্যায়খিনি আগবাঢ়িব লাগিছিল সেইখিনিও তেনেকৈয়ে পয়া লাগি পৰি থাকিল।  লাহে লাহে এন আৰ চি এক বগা হাতীলৈ পর্যবেশিত হল।

এন আৰ চিৰ গোচৰৰ মূল গোচৰীয়া পক্ষ হিচাপে আমাৰ তৰফৰ পৰা এতিয়ালৈ ভালেকেইখন শপতনামা জমা দি মহামান্য উচ্চতম ন্যায়ালয়ৰ বিষয়টো দৃষ্টিগোচৰ কৰি আছো যদিও আজিলৈ বিষয়টো শুনানিৰ বাবে উঠা নাই।  কোভিডৰ বাবেও কিছু বিলম্ব অৱশ্যেই হৈছে।

এন আৰ চি কর্তৃপক্ষৰ তৰফৰ পৰাও মহামান্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত শেহতীয়াভাবে শপতনামা দি প্রতীক হাজেলাৰ নেতৃত্বত প্রস্তুত কৰা এন আৰ চিখনত ব্যাপক জালিয়াতি থকা বুলি বর্তমানৰ সমণ্বয়ক হিতেশ দেৱশর্মাই মানি লৈছে লগতে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে।  আনহে নালাগে বৃহৎ সংখ্যক পূর্ব বংগীয় মানুহৰ নাম এন আৰ চিত ‘প্ৰকৃত বাসিন্দা’ বা অৰিজিনেল ইনহেবিটেণ্ট হিচাপে সন্নিৱিষ্ট হোৱাৰ তথ্য তেও ন্যায়ালয়ক প্রমাণসহ জমা দিছে।

এনে প্রেক্ষাপটত এটা কথা একেবাৰে নিসন্দেহ যে এইখন এন আৰ চিত বৃহৎসংখ্যক অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈ আছে।  আমি আগতেও কৈছো যে এন আৰ চিৰ যোগেদি এক পৰিকল্পিত ব্যৱস্হাৰে অবৈধ বিদেশীৰ দালালি কৰা এক বিশেষ শ্ৰেণীয়ে প্ৰায় আশী লাখ বাংলাদেশীক ভাৰতীয়কৰণ কৰিছে।  সেই বিশেষ শ্রেণীটোৱেই সেইসকল যিসকলে কোনো কাৰণতেই এন আৰ চিৰ পুণৰীক্ষণ নিবিচাৰে।  পাকে প্রকাৰে তেওলোকে পুণৰীক্ষণৰ বিৰোধিতা কৰে।  এই সেই অবৈধ বিদেশীৰ ৰক্ষকসকল তথা অসমত বাস কৰি তালিবানক সমর্থন কৰা সকলেই যিয়েই নকওক বা নকৰক কিন্তু আমি সদায় এইখন

এন আৰ চিৰ নিম্নলিখিত জিলাসমূহত ১০ শতাংশ বা ২০ শতাংশ নহয় সম্পূৰ্ণ ১০০ শতাংশ পুণৰীক্ষণ বিচাৰো –

ধুবুৰী, কোকৰাঝাৰ, চিৰাং,  বঙাইগাওঁ,  দক্ষিণ শালমাৰা,  গোৱালপাৰা,  নলবাৰী,  বৰপেটা,  কামৰূপ গ্রাম্য,  কামৰূপ মহানগৰ, ওদালগুৰি,  দৰং,  শোণিতপুৰ, লখিমপূৰ ,   নগাঁও, মৰিগাও, হোজাই,   কাচাৰ, কৰিমগণ্জ আৰু হাইলাকান্দি ।

এই এন আৰ চি খনৰ বিফলতাৰ অন্য এক কাৰণ হল প্রতীক হাজেলাৰ ব্যাপক দুর্নীতি। দুর্নীতিৰ সকলো সীমা চেৰাই মূৰৰ ওপৰত এগৰাকী স্বনামধন্য অসমীয়াৰ আশীষ লৈ সম্পূর্ণ একনায়কত্ববাদী কাম চলাই এন আৰ চি ৰ পূজিৰ ব্যাপক হৰলুকিকে একমাত্র লক্ষ্য হিচাপে লোৱাৰ বাবেই এন আৰ চি খন লক্ষপ্রাপ্তিৰ পৰা বঞ্চিত হবলগীয়া হল।  এন আৰ চিৰ দুর্নীতিৰ কথা আমি সময়ে সময়ে কৈ আহিছো যদিও আমাৰ প্রতিটো তথ্য সচা প্ৰমাণ কৰি শেহতীয়া যি অডিটৰ জেনেৰেলৰ প্ৰতিবেদন তাত ৩৬০ কৌটি টকাৰ ভয়ংকৰ বিসংগতি ধৰা পৰিছে।  কিন্ত কথা হল এই সম্পৰ্কত আমি ৰুজু কৰা এটা গোচৰৰ প্ৰাথমিক তথ্য শুদ্ধ পাই প্রতীক হাজেলাৰ বিৰূদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ প্রেৰণ কৰা এটি ফাইল আজি ছমাহ ধৰি গৃহ বিভাগৰ কার্যালয়ত পৰি থকা বুলি আমি জানিবলৈ পাইছো।  অসমৰ আমোলাৰ মাজত থকা হাজেলাৰ ঘনিস্হ বিষয়াই এই ফাইল গাপ দি ৰখা বুলি আমি জ্ঞাত হৈছো।  এই বিবৃতিৰ জৰিয়তে এই সম্পৰ্কত মাননীয় মূখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিলো।  আনহাতে মহাগাণনিকৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন চৰকাৰে গুৰুত্ব দি ললে জনতাৰ মংগল হব।  কাৰণ ৩৬০ কৌটি টকা ৰাজকোষৰ ধন বিসংগতি কৰাটো সাধাৰণ অপৰাধ হব নোৱাৰে।

২০১৭ চনত আমি যেতিয়া ডাটা এণ্ট্রী অপাৰেটৰৰ নিযুক্তি আৰু দৰমহা দিয়াৰ ক্ষেত্রত ব্যাপক দুর্নীতি হোৱা বুলি অভিযোগ কৰিছিলো আৰু এই সমগ্ৰ বিষয়টোত প্রতীক হাজেলাৰ বৃহৎ কমিচনৰ অংক আছে বুলি সংবাদমেল পাতি জনাইছিলো তেতিয়া আমাক আদালত অবমাননাৰ অভিযোগ আনি মূখ বন্ধ কৰি থৈছিল । কিন্তু সেই অভিযোগ আজি সচা প্ৰমাণিত কৰি ডাটা এন্ট্ৰি অপাৰেটৰ নামত ১৫৫.৮৩  কৌটি টকাৰ অনিয়ম হোৱা বুলি অডিটৰ জেনেৰেলে শেহতীয়াকৈ প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছে। ঠিক তেনেদৰে বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰৰ বাবে জেনেৰেটৰ ক্রয়ৰ নামত ২১.০৬ কৌটি টকাৰ বিত্তীয় অনিয়মৰ উল্লেখ কৰিছে।  এইবোৰ আমি মনে সাজি কোৱা কথা নহয়।  হিচাপ পৰীক্ষকে এখন এখন কাগজ পৰীক্ষা কৰি পোৱা তথ্য।

হাজেলাৰ দুর্নীতি আৰু  অডিটৰ জেনেৰেলৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত উন্মোচিত ব্যাপক ধনৰ অনিয়ম এই দুয়োটা বিষয় সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি নিজাববীয়াকৈ এক গোচৰ ৰূজু কৰাৰ কথা চিন্তা কৰিছো।

আমি এতিয়াও আশাবাদী,  বৃহৎ অৰ্থ,  বিশাল সময় ব্যয় কৰি প্রস্তুত কৰা এই এন আৰ চি বগাহাতীলৈ ৰূপান্তৰ নহব আৰু যি মহান লক্ষ্য উদ্দেশ্যে আগত ৰাখি এই এন আৰ চি প্ৰস্তুত কৰা হৈছিল সেই লক্ষ্য উদ্দেশ্যত  এইখন এন আৰ চিয়ে এদিন ন ৰূপেৰে ইপ্সিত লক্ষণ উপনীত হব।  আসাম পাব্লিক ৱর্কছৰ ফালৰ পৰা মূল গোচৰীয় পক্ষ হিচাপে আমি আমাৰ দায়িত্ব সদায় পালন কৰি যাম।“

 

 

abhijitsarmaapwnrcthecrosscurrent
Comments (0)
Add Comment