দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা নাই উত্তৰ প্ৰদেশৰ ভূমিত ৷অসমতো ইজনৰ পাছত সিজন বিধায়কে দল এৰিছে ৷ খোদ মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰীয়ে পদত্যাগ কৰি যোগদান কৰিছে তৃণমূল কংগ্ৰেছত ৷ কিন্তু কংগ্ৰেছ হাইকামাণ্ড এতিয়াও নিৰুদ্বিগ্ন ৷সেইবাবেই প্ৰশ্ন উঠিছে যে সময়ৰ বুকুত এদিন বিলীন হৈ যাব নেকি কংগ্ৰেছ দল ?
অসমত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ১০০ দিনৰ ভিতৰতে প্ৰধান বিৰোধী দল কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ উজনিৰ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী , সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগদান কৰাৰ পাছত আন কেবাগৰাকীও বিধায়কে বিজেপিত যোগ দিবলৈ শাৰী পাতি থকাৰ খবৰ ওলাইছে ৷ অতি আশ্চৰ্যজনকভাৱে অসমত ১৫ বছৰ ৰাজ্য শাসন কৰা দলটো ক্ষমতাৰ পৰা আতৰাৰ ৫ বছৰৰ ভিতৰত কল্পনাতীত বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ নবীন – প্ৰবীন সকলো নেতাই নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ৷ অসম কংগ্ৰেছৰ কথা বাদেই , নিখিল ভাৰত কংগ্ৰেছ কমিটীয়েও সীমাহীন বিলাই বিপত্তিৰ পৰা কোনো শিক্ষা লোৱা নাই ৷ কেবাটাও নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো দলটোৰ পূৰ্ণকালীন সভাপতি এগাৰাকী আজিলৈ নিযুক্তি দিয়া নহ’ল ৷ বিগত দুটা লোকসভা নিৰ্বাচনৰ ফলাফলে দেখুৱাই দিছে যে কংগ্ৰছৰ ভৱিষ্যৎ দলৰ নেতৃত্বই ভবাতকৈ বহু বেছি ভয়াবহ ৷ দেশৰ আটাইতকৈ পুৰণি দলটো ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত ক্ৰমাগত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ৷ দুটাকৈ লোকসভা নিৰ্বাচনত কংগ্ৰেছ থমকি ৰৈছে মাত্ৰ ৪৪ আৰু ৫২ খন আসনত ৷
এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক
কংগ্ৰেছৰ এই বিপৰ্যয় এদিনতে নামি অহা নাই ৷উদাহৰণে কয় যে নেতৃত্বৰ অহমিকাই কংগ্ৰেছৰ শ্মাশানযাত্ৰাৰ পথ কেবা দশক আগতেই প্ৰশস্ত কৰি দিছে ৷ দেশৰ প্ৰায়কেইখন বৃহৎ ৰাজ্যতেই দলটোৱে নিজৰ খোপনি ইতিমধ্যে হেৰুৱাই পেলাইছে৷ য’ত এবাৰ কংগ্ৰেছৰ ককাল পৰিছে , তাৰ পাছত আৰু পোনাব পৰা নাই ৷ হিন্দী বলয়ৰ এখন বৃহৎ ৰাজ্য বিহাৰত কংগ্ৰেছৰ শেষৰগৰাকী মুখ্যমন্ত্ৰী আছিল ১৯৯০ চনত ৷ তেওৰ নাম জগন্নাথ মিশ্ৰ ৷ লালুপ্ৰসাদ যাদৱ আৰু পৰৱৰ্তী সময়ত নীতিশ কুমাৰৰ উত্থানে কংগ্ৰেছৰ উত্থানৰ পথ চিৰকাললৈ বিহাৰত অৱৰুদ্ধ কৰি পেলাইছে ৷ লালুপ্ৰসাদৰ দল আৰ জে ডিৰ হাতত ধৰি কংগ্ৰেছে বিহাৰত নিজৰ অস্তিত্ব কোনোমতে জাহিৰ কৰি আছে ৷মিত্ৰদল হিচাপে তাতো কংগ্ৰেছৰ ফলাফল অতি হতাশজনক ৷ দেশৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত কংগ্ৰেছ পিটিকাত দিবলৈও নাই ৷ উত্তৰ প্ৰদেশত দলটোৰ শেষ মুখ্যমন্ত্ৰীগৰাকী আছিল হাইকামাণ্ডৰ বিশ্বস্ত , পাছলৈ অতি বিতৰ্কিত ৰাজনীতিক নাৰায়ন দত্ত তিৱাৰী , ১৯৮৯ চনত ৷তাৰ পাছত মূলায়ম সিঙ যাদৱ, কল্যান সিঙ , মায়াৱতী , অখিলেশ যাদৱৰ পৰিক্ৰমা অতিক্ৰমি উত্তৰ প্ৰদেশৰ শাসন এতিয়া যোগী আদিত্যনাথৰ হাতত ৷ চুবুৰীয়া পশ্চিমবংগত ১৯৭৭ ৰ জৰুৰীকালীন সময়তে কংগ্ৰেছৰ অধ্যায়ৰ যৱনিকা পৰিছে ৷ মহাৰাষ্ট্ৰত কংগ্ৰেছ ২০১৪ চন পৰ্যন্ত শাসনত আছিল ৷ কিন্তু কংগ্ৰেছৰ পৰা বহিষ্কৃত শাৰদ পাৱাৰৰ কৃপাধন্য হৈহে দলটোৱে মহাৰাষ্ট্ৰত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছিল ৷ বিনিময়ত পাৱাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাত সন্মানজনক পদবী দিবলগীয়া হৈছিল ৷ দাক্ষিণাত্যৰ ৰাজ্য তামিলনাডুত কংগ্ৰেছ শাসনলৈ আহিছিল ১৯৬৭ চনতে ৷ তেতিয়া মাদ্ৰাছৰ পৰা তামিলনাডু গঠনেই হোৱা নাছিল ৷ তাৰ পাছৰে পৰা দক্ষিণৰ ৰাজ্যখন সলনাসলনিকৈ এ আই ডি এম কে আৰু ডি এম কেৰ দখলত আছে ৷কেৱল উত্তৰ প্ৰদেশ , বিহাৰ , মহাৰাষ্ট্ৰ , তামিলনাডু – কেৱল এই চাৰিখন ৰাজ্যত দুই শতাধিক লোকসভাৰ আসন আছে ৷ য’ত দীঘলীয়া সময় ধৰি কংগ্ৰেছ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰা নাই ৷ ইয়াৰ বাহিৰেও গুজৰাট , ওড়িশা , দিল্লী আদি ৰাজ্যত যে দলটো সোণকালে ক্ষমতালৈ ঘূৰি আহিব পাৰিব , তেনে আশা নকৰাই ভাল ৷ অসম আৰু সামগ্ৰিভাৱে উত্তৰ পূৰ্বাঞ্চলতো কংগ্ৰেছৰ অৱস্থা ডুবন্ত নাৱৰ দৰে ৷
প্ৰশ্ন হয় -কিয় আৰু কাৰ বাবে এনে দশা হ’ল কংগ্ৰেছৰ ? ক’ৰ পৰা কংগ্ৰেছৰ পতনৰ আৰম্ভণি ? এই প্ৰশ্নৰ উত্তৰৰ বাবে কেইটামান উদাহৰণেই যথেষ্ট ৷ ১৯৯৮ চনত কংগ্ৰেছৰ পৰা আতৰি আহি মমতা বেনাৰ্জীয়ে গঠন কৰিছিল তৃণমূল কংগ্ৰেছ ৷ দলটোৱে ধাৰাবাহিক তিনিটা কাৰ্যকালৰ বাবে পশ্চিমবংগ শাসন কৰি আছে ৷ ১৯৯৯ত কংগ্ৰছে দলৰ পৰা বহিষ্কাৰ কৰা দুগৰাকী নেতা আছিল শাৰদ পাৱাৰ আৰু পি এ চাংমা ৷ পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰত পাৱাৰৰ হাতত ধৰিয়েই কংগ্ৰছ ক্ষমতাৰ কক্ষপথত থাকিবলগীয়া হৈছে ৷ প্ৰয়াত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী ৷ অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ মূল নাবিক ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ মৃত্যৰ পাছত তেওৰ পুত্ৰ জগনমোহন ৰেড্ডীয়ে উচিত মৰ্যদা লাভ নকৰিলে ৷ পৰিণতিত জগনমোহন ৰেড্ডীয়ে গঠন কৰিলে ৱাই এছ আৰ কংগ্ৰেছ আৰু দলটো এতিয়া অন্ধ্ৰপ্ৰদেশৰ শাসনত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , হিমন্ত বিশ্ব শৰ্মাৰ দলত্যাগৰ কাহিনী নকলোৱেই যেনিবা ৷ শচীন পাইলটৰ ক্ষোভে কেতিয়া বিস্ফোৰণৰ ৰূপ লয় , তাৰ বাবে এতিয়া সময়ৰ অপেক্ষা মাথো ৷ প্ৰতিশ্ৰুতিসম্পন্ন নেতাসকলৰ প্ৰতি উপেক্ষা আৰু অৱদমন কংগ্ৰছেৰ পতনৰ যে অন্যতম মূল কাৰণ , তাক আৰু বেলেগকৈ প্ৰতিষ্ঠাৰ প্ৰয়োজন নাই ৷ ইয়াৰ বাহিৰেও আৰু বহু সামাজিক – ৰাজনৈতিক কাৰণ আছে ৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিয়ে প্ৰমাণ কৰিছে যে য’ত কংগ্ৰছৰ অকাল মৃত্যু হৈছে , তাতেই উত্থান হৈছে আঞ্চলিক শক্তিৰ ৷ এন চি পি ,আৰ জে ডি , এছ পি , টি এম চি , ৱাই এছ আৰ কংগ্ৰেছ , এন পি পি – এই দলসমূহেই ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷
অসমতো দুবাৰ ক্ষমতাৰ পৰা বাহিৰত থকাৰ পাছত কংগ্ৰেছে সোণকালে ককাল পোনাব পৰাৰ আশা ক্ষীণ ৷ অহংকাৰ এৰি বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে আন আন ৰাজ্যৰ দৰে অসমতো কংগ্ৰেছ দল কালব বুকুত জাহ যাবলৈ বেছি সময় নালাগিব ৷