বিশাল উন্মোচনী সভা পাতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ।ভাষণত লখিমপুৰবাসীক দিলে উন্নত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি।কিন্তু মুকলিৰ এটা বছৰ নৌহওঁতেই ইটোৰ পাছত সিটো অথন্তৰ বেমেজালিৰে আগুৰি ধৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।চিকিৎসালয়খনৰ চাঁদ খহি পৰাৰ পৰা আৰম্ভ কৰি ৰাতিৰ ভিতৰতে নবজাতকৰ লিংগ পৰিৱৰ্তন হোৱা লৈকে,ICU ত ভৰ্তি কৰিবলৈ নাৰ্ছক উৎকোচ নিদিয়াৰ বাবে ICU ৰ অভাৱত ৰোগীৰ মৃত্যুৰ পৰা CT SCAN ৰ বাবদ ৰোগীৰ পৰা ধন লোৱালৈকে এটাৰ পাছত আনটো অথন্তৰেৰে চৰ্চাৰ শীৰ্ষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।এক কথাত চৰ্চা বিতৰ্কৰ যেন আন এক নাম হৈ পৰিছে লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় ।এইবাৰ চোৰে নিলে চিকিৎসালয়খনৰ জেনেৰেটৰৰ বেটাৰী ৷CT স্কেন কৰিবলৈ গৈ ৰোগীয়ে দিবলগীয়া হয় বোন্দাপৰ ।চাৰি পাঁচদিন আহিও ৰোগীয়ে কৰিব পৰা নাই চিটী স্কেন।হয়, সৌন্দৰ্য আৰু নান্দনিক দৃষ্টি ভংগীৰ পৰা এক নম্বৰত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়৷কেৱল সৌন্দৰ্য্য আৰু নান্দনিক দৃশ্যৰ দৰ্শনেৰে সুস্থ নহয় ৰোগীৰ শৰীৰ।তাৰ বাবে প্ৰয়োজন সবল আন্তঃগাঁথনি ,পৰ্যাপ্ত সা-সুবিধা।
কিন্তু ইটোৰ পাছত সিটো বেমেজালি, অথন্তৰৰ পাছতো গা লৰা নাই চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ কিম্বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।হয়, মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছিল MRI ST SCAN কে ধৰি সকলো যন্ত্ৰপাতিৰ ব্যৱস্থা কৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত।কিন্তু মুখ্যমন্ত্ৰী মহোদয় বাস্তবত কি অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আপুনি জানেনে ?চোৰ হ’ল মহাবিদ্যালয়খনৰ চিকিৎসালয়খনৰ বেটেৰী।হয়,ঠিকেই শুনিছে,চুৰ হ’ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ জেনেৰেটৰৰ বেটাৰী।যাৰবাবে এতিয়া ct scan কৰিবলৈ গৈ হস্পিটেললৈ অহা যোৱা কৰি জীয়াতু ভুগিব লগা হৈছে ৰোগীয়ে।উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়ৰ খনৰ ct scan পৰিচালনা কৰে ‘স্পন্দন’নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে।আগষ্ট মাহত এই প্ৰতিষ্ঠানেই ৰোগীৰ পৰা ct scan ৰ বাবদ অবৈধ ভাৱে সংগ্ৰহ কৰিছিল ধন।
এইয়াই অসমৰ সকলোতকৈ সুন্দৰ চিকিৎসালয় খনৰ বাস্তৱ ছবি।ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত সৰ্বত্ৰে এতিয়া একেই দৃশ্য।প্ৰশ্ন হয় কেৱল জাক জমকতাৰে উদ্বোধনী অনুষ্ঠান পাতি ভাষণ দিয়েই দায়িত্ব সামৰিছে নেকি মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগে ?চিকিৎসা সেৱা প্ৰদানৰ নামত আচলতে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত কি চলিছে ?