সংবিধানৰ দোহাই দি ‘স্পষ্টীকৰণ’ দিলে শংকৰ সংঘই !

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সংঘৰ নগাঁৱত অৱস্থিত মূল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। শনিবাৰে বিয়লি এই সংবাদমেল সম্বোধন কৰি শেহতীয়া কিছু বিতৰ্ক সন্দৰ্ভত সংঘৰ স্থিতি স্পষ্ট কৰে সংগঠনটোৱে ।সংবাদমেলত সদৰী কৰা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সমিতিয়ে চকলং বিবাহ সম্পৰ্কত কোনো সিদ্ধান্ত দিয়া নাই । ইয়াৰোপৰি সংঘ কোনো জাতি -জনগোষ্ঠীৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ বিৰোধী নহয় বুলি উল্লেখ কৰাৰ লগতে সংঘৰ কোনো সদস্যকে গাহৰি,ব্ৰয়লাৰ আৰু মদৰ ব্যৱসায়ৰ প্ৰতি অনুপ্ৰাণিত নকৰিবলৈ আহ্বান জনায় ।ইপিনে,অন্য নীতি-নিয়মৰ বিবাহতো সংঘৰ সদস্যই অংশগ্ৰহণ কৰাটো সংবিধান বিৰোধী বুলি উল্লেখ কৰে । সংবাদমেলখনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰধান সম্পাদক বাবুল বৰা আদি উপস্থিত থাকে ।

Comments (0)
Add Comment