নগাঁৱৰ খ্ৰাইষ্ট জ্যোতিত কলংক সানিলে কোনে?

নগাঁৱত ছাত্ৰীক অশালীন মেচেজ দি ৰঙাঘৰৰ আলহী হ’ল খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ শিক্ষক । এইবাৰ চৰ্চাত নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুল । শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰাইষ্ট জ্যোতি স্কুলৰ শিক্ষক তুন্না আজমক । বিদ্যালয় কৰ্তৃপক্ষৰ লিখিত অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিদ্যালয়খনৰ হিন্দী বিভাগৰ শিক্ষক তুন্না আজমক । গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানি বিদ্যালয়খনৰে এগৰাকী ছাত্ৰীক ম’বাইলত অশ্লীল মেছেজ দিয়াৰ পাছত ছাত্ৰীগৰাকীয়ে শিক্ষক গৰাকীৰ বিৰুদ্ধে বিদ্যালয়ত অভিযোগ কৰে । ছাত্ৰী গৰাকীৰ অভিযোগৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক গৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী নিৱেশত লিখিত অভিযোগ দাখিল কৰে আৰু নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষক গৰাকীক । শিক্ষক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী নিৱেশত পকচ’ আইনৰ অধীনত ৰুজু হৈছে ১২৪৮/২২ নম্বৰৰ এক গোচৰ । উল্লেখযোগ্য যে এই ঘটনাৰ পাছতেই তুন্না আজমে ইস্তফা দিছে নিজৰ পদবী ।

Comments (0)
Add Comment